অনিন্দিতা কলিতা
আজি কেইদিনমানৰ পৰা ৰ’দ বৰ চোকা হৈছে
চৌ চৌকৈ ঘাম নিগৰে
শেৱালিজোপাৰ তলখন চিকুণাওতে
জটিল অংকবোৰৰ উত্তৰ শূন্য
কোনোবাই হয়তো আমাক দেখি ভাবে
শেৱালিৰ সুবাস আমাৰ কোন
অসুখী হৈ ওচৰত থকাতকৈ
সুখী হৈ দূৰে দূৰে ৰোৱা ভাল
কংক্ৰীটৰ ঘৰত
টাবত হ’লেও শেৱালিৰ পুলি এটা থকাটো ভাল
সকলো ফুলেইতো বনৰীয়া
যিদৰে সকলো মানুহেই আছিল আদিম
ভাল দিন-বাৰ এটা চাই
শাৰদীয় মেঘবোৰক
আমাৰ ঘৰলৈকে মতা হওক
চিকুণ তলিৰ শেৱালিজুপি
আৱদ্ধ এই শৰতৰ বাবে যথেষ্ট ভাল ।
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025