Written by 7:53 am Poems

কবিতা : আওপুৰণি প্ৰেমৰ পদ্য

চন্দন গোস্বামী  

(গীতালি বৰাৰ “গ’ডো আৰু গন্তব্যৰ গল্প”ৰ আধাৰত)

গল্প এটাত কবিতাৰ ‘জিন’ বিচাৰি ফুৰোঁতে মেকুৰীজনীৰ নাকত পোৰা মাছৰ কেচেমাকেচেম গোন্ধে ভিৰ কৰেহি

ইমান পুৰণি যে গোত্ৰ বিচাৰিও উৱাদিহ হেৰায়

ইমান নতুন যে বতাহৰ কাণকো বিশ্বাস কৰিব নোৱাৰি

মুঠতে এতিয়া পোহাৰী চুপতি এৰি দুয়ো তাতে কিবা এটা পাওঁ নেকি 

চাওঁতেই ওপৰৰ পৰা এটা শিল বাগৰি আহে

মাধ্যাকৰ্ষণ নে নিউটনৰ প্ৰেম

হয় হয়

এতিয়ালৈকে জিনটোৰ আঁতিগুৰি ল’বলৈ যুগ যুগ ৰৈ থকা “অপেক্ষা“

সৌৱা চিগাৰেটৰ ধোঁৱাখিনি পুনৰ পৃথিৱীলৈ উভতিবনে ভাবি থাকোঁতেই

লিলিমাই আহি মনটো কুটকুটাই যায়

জিনৰ মায়াত থকাটো সন্দেহ নে প্ৰেম নে বিশ্বাস

নে অলীক বুৰবুৰণি

ঠিক এইখিনিতে মই আৰু গুলপীয়া

দুপৰৰ সময় ৰখীয়া হৈ তধা লাগি মুখামুখি

মন-মগজুত

মুখত চকুত বুকুত সিৰা-উপসিৰাত মহামাৰীৰ চিন

সিদিনা কিতাপৰ দোকানত গুলপীয়াৰ মুখত দেখোঁ চহৰৰ আটাইতকৈ 

প্ৰাচীন আৱেগ আৰু বিষাদৰ ৰঙচুৱা নৈত দুবাহু মেলি, মিহি দাঢ়ি-তালুৰ চুলি গানে 

সৰায় চকুত এযোৰ বিবৰ্ণ চশমা দেহত ফাগুনৰ পোছাক

গল্পত কবিতাৰ জিন বিচৰাৰ ছলেৰে গোপনে বহুদিনৰ অন্তত লগ হওঁ

তৰল বিজ্ঞানৰ পদ্য আওঁৰাও

মেকুৰীজনীৰ ডিঙিত কোনে আঁৰে টিলিঙা

নৈৰ দুচকুৰ সূঁতিত

টোপ টোপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close