Written by 6:36 am Articles

অৰ্থনৈতিক চৰ্চা আৰু অৰ্থসম্পদৰ গুৰুত্ব

 ৰঞ্জুমণি মহন্ত

এয়া অনস্বীকাৰ্য যে আধুনিক জীৱন যাত্ৰাত মূল্য আৰোপিত সম্পদ বা অৰ্থসম্পদে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে৷ সম্পৰ মূল্যৰ এক প্ৰতীক হৈছে ধন বা টকা-পইচা। আদিম জীৱন যাত্ৰাত মানুহে ধন নোহোৱাকৈয়ে জীৱন ধাৰণ কৰিছিল যদিও এতিয়া টকা-পইছা নোহোৱাকৈ মানুহ জীয়াই থকাৰ কথা কল্পনাও কৰিব নোৱাৰি৷ ধন-টকা-পইছা বৰ্তমান মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ ৷

এটি মানৱ শিশু ভূমিষ্ঠ হোৱাৰে পৰা আৰম্ভ কৰি শিশুটিক উপযুক্তভাৱে প্ৰতিপালন কৰি সুশিক্ষাৰে শিক্ষিত কৰি মানৱ সম্পদৰূপে গঢ়ি তোলালৈকে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ প্ৰতিটো ঢাপতে (যেনে– গৰ্ভাৱস্থাত মাতৃগৰাকীৰ বাবে প্ৰয়োজনীয় সমতুল আহাৰ, চিকিৎসা ব্যয়, সন্তানৰ বাবে পুষ্টিকৰ আহাৰ, সাজ-পাৰ, উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰা, আদি), সমস্ত কাৰ্যৰ বাবে প্ৰচুৰ অৰ্থসম্পদৰ প্ৰয়োজন৷ তদুপৰি পাঠ্যক্ৰম বহিৰ্ভূত অন্যান্য শিক্ষা, উদাহৰণস্বৰূপে ­­- সংগীত, নৃত্য, খেলা-ধূলা আদি শিক্ষা আহৰণৰ বাবেও অৰ্থব্যয়ৰ প্ৰয়োজন৷

ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰতো অৰ্থসম্পদৰ ভূমিকাই মুখ্য৷ পুঁজিৰ পাছতহে অন্যান্য বিষয়সমূহ আহে৷ আমাৰ দৈনন্দিন জীৱন ধাৰণৰ মানো অৰ্থ-সম্পদৰ ওপৰতে নিৰ্ভৰশীল৷ ধুনীয়াকৈ সাজ-পাৰ কৰা, ধুনীয়া ঘৰ এটা সজা, কলাসুলভভাৱে গৃহসজ্জা কৰা, সৌন্দৰ্য চৰ্চা কৰা ইত্যাদি কামৰ বাবে কেৱল কলাসুলভ মনটোৱেই যথেষ্ট নহয়৷ তাৰ লগতে প্ৰয়োজন ধনৰো৷ আনকি ভাষা-সাহিত্যৰ চৰ্চাৰ ক্ষেত্ৰতো অৰ্থসম্পদৰ এটা উল্লেখযোগ্য ভূমিকা আছে৷ 

এইখিনিতে এটা ব্যক্তিগত অভিজ্ঞতা উল্লেখ কৰিবলৈ ভাল পাম৷ কেইদিনমানৰ আগতে মোৰ এজন সম্পৰ্কীয় ব্যক্তিক লগ পাইছিলোঁ৷ এসময়ত যথেষ্ট পঢ়া-শুনা কৰা মোৰ ভাতৃস্থানীয় সেই ব্যক্তিজনক তেখেতৰ শেহতীয়া পঢ়া-শুনাৰ বিষয়ে জানিবলৈ বিচৰাত তেখেতে কৈছিল যে আজিকালি তেখেতে পঢ়া-শুনা কৰিবলৈ প্ৰায় বাদ দিয়াৰ দৰেই৷ কাৰণ তেখেতৰ তাকৰীয়া দৰমহাৰে মাহটোৰ বাবে ঘৰখন চলোৱাৰ লগতে দুটাকৈ ল’ৰা-ছোৱালীক পঢ়া-শুনা (ছোৱালীজনী মেডিকেল আৰু ল’ৰাজন ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ), পিন্ধা-উৰাৰ বাবদ খৰচ কৰাৰ পাছত কিতাপ-আলোচনী কিনিবলৈ তেখেতৰ হাতত পইচা নাবাচেগৈ৷ কিতাপ-পত্ৰ কিনাটো তেওঁৰ বাবে এতিয়া বিলাসিতাহে মাথোঁ৷ তদুপৰি ওচৰে-পাজৰে কোনো ৰাজহুৱা পুথিভঁৰালো নাই, য’ৰ পৰা তেওঁ পঢ়িবলৈ কিতাপ পাব পাৰে৷ সাতে-সোতৰই মিলি তেখেতৰ আজিকালি কিতাপ-পত্ৰৰ লগত সম্পৰ্ক নোহোৱাৰ দৰেই৷ এয়া এটা মাত্ৰ উদাহৰণহে৷ তেওঁৰ দৰে হয়তো আৰু বহুলোক আছে, যিসকলে ইচ্ছা থাকিলেও মাহেকীয়া খৰচৰ জোৰা মৰাৰ পাছত কিতাপ-আলোচনীলৈ বুলি টকা কেইটামান বচাবগৈ নোৱাৰে৷  

সাম্প্ৰতিক সময়ত অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ বহুলোকে মনত শংকাভাৱ পোষণ কৰা দেখা যায়৷ ভাষা এটাক জীয়াই ৰাখিবলৈ হ’লে সেই ভাষাটোৰ চৰ্চা (শিকন-শিক্ষণ, লিখা-পঢ়া) কৰা লোকৰ সংখ্যা বঢ়োৱাৰ উপৰি ভাষাটোত নানা বিষয়ৰ কিতাপ-আলোচনী আদিৰ প্ৰকাশ, চিনেমা নিৰ্মাণ, বাণীবন্ধন আদি কৰাৰ লগতে সিসমূহ সংৰক্ষণ কৰাত গুৰুত্ব দিব লাগিব৷ কেৱল ছপাৰূপতেই নহয় ডিজিটেল মাধ্যমতো শুদ্ধৰূপত ভাষাটোৰ চৰ্চা হোৱাটো খুউব প্ৰয়োজনীয়৷ কিন্তু সেইখিনি কৰিবলৈ যাওঁতেও আমাক প্ৰয়োজন হ’ব অৰ্থৰেই৷ কিতাপ বা আলোচনী ছপা হৈ পঢ়ুৱৈৰ হাতত পৰাৰ পৰা আৰম্ভ কৰি, সিবিলাক বিক্ৰী হৈ প্ৰকাশকৰ হাতলৈ মূলধন ঘূৰি অহা (বা বিক্ৰী নহৈ মূলধন হেৰুৱাব লগা হোৱা), এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ প্ৰতিটো ঢাপতেই অৰ্থনীতি জড়িত হৈ আছে৷

আচলতে, মানৱ জীৱনৰ প্ৰতিটো দিশতেই অৰ্থনীতি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু সেইবাবেই নৱেম্বৰ সংখ্যাৰ ‘অন্যযুগ’ক অৰ্থনীতি বিশেষ সংখ্যাৰূপে সজাই তোলা হৈছে৷ বিশেষকৈ, ভাষা-সাহিত্য ৰক্ষাৰ ক্ষেত্ৰত অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ ভূমিকালৈ লক্ষ্য ৰাখিয়েই ‘অন্যযুগ’ৰ এই আয়োজন৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close