Written by 6:36 am Poems

ডেফ’ডিল ফুল

মূল: ৱিলিয়াম ৱাৰড্‌জৱাৰ্থ (১৭৭০-১৮৫০)
অনুবাদ: ড পোনা মহন্ত

ডেফ’ডিল ফুল

গিৰি শিখৰতউটি ভাঁহি থকা
শুকুলা মেঘৰ দৰে,
ময়ো ভ্ৰমিছিলোঁঅনাই বনাই
তেনেই অকলশৰে৷
হঠাতে দেখোনচকুত পৰিল
সোণালী ফুলৰ শাৰী,
সোণ বৰণীয়াহাজাৰ কুসুম
ডেফ’ডিল নামধাৰী৷
নদীৰ পাৰতগছৰ তলত
হালি-জালি আছে,
ৰিব্‌ ৰিব্‌কৈবলিছে বতাহ
ডেফ’ডিলেও নাচে৷
আকাশত জিলিকেশাৰী শাৰী তৰা
হাতীপটিয়েও ধৰিছে চেও,
ঠিক সেইদৰেডেফ’ডিল ফুলেও
পুখুৰীপাৰত মাৰিছে ডেও
সোণালী ৰঙৰঅজস্ৰ কুসুম
পলকতে দেখিলোঁ মই,
যেন অপ্সৰাহেনাচিছে স্বৰ্গত
উলাহতে অধীৰ হৈ৷
নদীৰ বুকুতঢৌৱেও নাচিছে
যেন আনন্দৰ ফেৰ,
ফুলৰ উলাহকঢৌৰ নাচোনে
নোৱাৰে পেলাব চেৰ৷
আনন্দপিয়াসীকোনো কবিয়েই
পাই এনেকুৱা সঙ,
নোৱাৰে থাকিবমুহূৰ্তৰ বাবেও
নকৰি ৰহইচ ৰং
চালোঁ বাৰে বাৰেৰ’ লাগি মই
কুসুমৰ সেই খেলা,
যদিও তেতিয়াভবাই নাছিলোঁ
কিনো সেই মহামেলা৷
শেতেলিত পৰোঁযদি চিন্তাক্লিষ্ট হৈ
নতু এটি শূণ্য মন লৈ,
মনৰ চকুত ভাঁহেসেই অপৰূপ খেলা
নিৰ্জনতাৰ আশীৰ্বাদ হৈ৷
ৰঙত উথলি উঠেতেতিয়া হৃদয় মোৰ
একো নাই হৈ উলাহত,
সোণালী ফুলৰ স’তেময়ো যেন নাচি
যদিওবা আছোঁ নিৰ্জনত৷

(অনুবাদকাল: ২০১১ চন)

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close