Written by 5:39 am Poems

ম’বাইল মেনিয়া

গাৰ্গী ভূঞা

কিয়নো সাউতকে উঠি
দাঁত জিভা নামাজি
ম’বাইলছটি মেলিলি

বাহিৰলৈ আহ, গছ-বন চা
চাচোন শিলিখাজোপাৰ ডালত সৌৱা চৰাইৰ ধেমালি

সেইছটি যেতিয়া দৰকাৰ পৰে তেতিয়াই চাবি
ৰাতিপুৱা জোঁটাই হ’লেও বাতৰি কাকতখন পঢ়িবি
চাবিচোন কিমান ভাল লাগিব
বস্তুবোৰ নিজে আয়ত্ত কৰি

জানো বোপাই! দেশৰ দিন-কাল বেয়া
ম’বাইলেই তহঁতৰ বিদ্যালয় এতিয়া
পিছে কচোন মনত পৰেনে ইস্কুলৰ কথা!

সেই অংক মাষ্টৰৰ ভয়
টিফিন খোৱাৰ জুতি
আৰু সমনীয়াৰ সতে কৰা ৰং-তামাচা…

হেৰৌ শুনিছ!
ধুনুকণেও হেনো চছমা ল’লে
বয়সত তো তোতকৈও সৰু
ইমান বুজালেও যদিহে নুবুজ
তই এটা মস্ত গৰু

আকৌ দঢ়াই কওঁ
ককাৰৰ কথা মনত ৰাখিবি
এইছটা অলপ আঁতৰাই থ’বি

আমাৰ দিন গ’ল
তহঁত বাঢ়ি অহা ল’ৰা
ম’বাইলৰ আসক্তি বৰ বেয়া

বাৰু হ’ব এতিয়া
যাচোন সাউটকে মোৰ চছমাযোৰ আন পৰ্টিক’ৰ মেজৰ পৰা
আৰু তোৰ ম’বাইলতে লগাই দে
এখন অসমীয়া চিনেমা
যুগান্তৰৰ তেজাল পুৱা…

ঠিকনা :

দৰঙ্গীচুক নতুন পাৰা

যোৰহাট-৭৮৫০০১

ভাম্যভাষ : ৯৪৩৫০৯৬৫২২

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close