প্ৰদীপ শইকীয়া
মনত নাই
কালি আমি নাছিলোঁ
আছিলোঁ যদিও নাজানো ৷ নথকাৰ সম্ভাৱনাই বেছি
গুবৰুৱা : গোবৰ উকটিছিলোঁ
পাচনযন্ত্ৰৰ বৰ্জিত পদাৰ্থত অপদাৰ্থ বিচাৰিছিলোঁ
কালি আমি কি কৰিছিলোঁ কিয় লাগে ! আজি যি কৰি আছোঁ কালিও কৰিছিলোঁ
উঁইপৰুৱা : অজাতশত্ৰু হ’ব নোৱাৰিলোঁ৷ কাউৰীয়ে
নেদখাকৈ ঘৰ সাজি আছিলোঁ
কালি আমি নাছিলোঁ সেয়াই সঁচা
কাইলৈ নাথাকিম। আজি যে আছোঁ সিও সন্দেহজনক
তিনিটা ৰঙৰ ৰহস্যময় ফিটাত
জঁট লগা জীৱন
কোনোবাখিনি ইতিহাস। নঘটাবোৰ ভৱিষ্যৎ
আৰু শৱ খাই থকা শগুনটো বৰ্তমান
ধুৰ্, ময়ো কবিতা লিখোঁ এনেহেন কাল-ধুমুহাত !
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025