Written by 4:09 am Poems

শীত

অংকুৰিতা ফুকন

টোপ টোপ টোপ টোপ
নিয়ৰ সৰিল
খিৰিকীৰে চাই দেখোঁ
খৰালি আহিল।

জাৰকালৰ দিনবোৰত
কিযে লাগে মজা-
মোজা-চুৱটাৰ পিন্ধোঁ,
খাওঁ বাদাম ভজা।

চেঁচা পানী চুলেই দেখোঁ
হাত-ভৰি কঁপে,
লোপৰ তলত সোমালেই
আকৌ উম লাগে।

চুটি শীতৰ দিনবোৰ
ৰাতিবোৰহে দীঘল
শুই শুই থাকি জানা
লাগি যায় ভাগৰ।

নহয়নে বাৰু কোৱাঁচোন
শীত কালেই ভাল
গৰমকালি ঘামি জামি
বৰ আহুকাল।

সকলোৱে শীতকালক
বৰ ভাল পায়
গধূলি বহি জুহালত
জুইৰ সেক লয়।

ফোন নং-৮৪৫৩৩৮৯৪৫০

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 18, 2025
Close Search Window
Close