Written by 4:09 am Articles

ডিচেম্বৰ মাহ আৰু সোণালী শৈশৱৰ মিঠা সোঁৱৰণিবোৰ

 মাধৱ দাস

স্কুলত থাকোঁতে এই ডিচেম্বৰ মাহটোৰ আমেজেই সুকীয়া আছিল। বছেৰেকীয়া পৰীক্ষা। তাতে আকৌ আগবেলা পৰীক্ষা থাকিলে ঠাণ্ডাত কিমান যে কষ্ট কৰি উঠিব লগা হৈছিল কাপোৰৰ মাজৰ পৰা! পৰীক্ষা শেষ হোৱাৰ পাছত এটা ডাঙৰ বোজা আঁতৰা যেন লাগিছিল। তাৰ পাছৰ দিনবোৰত কোনে পায় আৰু। পৰীক্ষা শেষ। গতিকে আত্মীয়-স্বজনৰ ঘৰত ফুৰিবলৈ যোৱা, ক্ৰিকেট খেলা, মাৰ্বল খেলা, চেংগুটি খেলা দিনবোৰ, ভি.চি.ডি. বোৰ চাবলৈ উত্তাৱল হোৱা, মৰণা মাৰি চোতালত দমাই থোৱা খেৰৰ মাজত সোমাই পিছত মাৰ পৰা পিটন খোৱা, কোমল ৰ’দত বহি সকলোৱে মিলি ৰৱাব টেঙা খোৱা, পথাৰত ভোজ খাবলৈ পৰিকল্পনা কৰা আৰু যে কত কি কৰিছিলোঁ এই ডিচেম্বৰ মাহতে। তাতে আকৌ চাৰিওফালে বাজি উঠিছিল জুবিন দাৰ ডিচেম্বৰ মাহত ওলোৱা জানমণি, অঞ্জনাৰ গীতবোৰ। ডিচেম্বৰ মাহত পতা স্কুলৰ বিদায় সভাৰ কথা নকলে আধৰুৱা হ’ব। মনত পৰে বিদায় সভাৰ দিনা বঁটা লৈ চফ বিলোৱাৰ কথা। সেইদিনা স্কুলখনৰ প্ৰতি কিবা এটা বেলেগ ভাব জাগি উঠিছিল। আটাইতকৈ ভয় লগা ছাৰজনলৈ সেইদিনা মনৰ পৰা ভয় নাইকিয়া হৈ এক বিষাদৰ ভাৱনাই আগুৰি ধৰিছিল। ইমান বছৰ একেলগে হাঁহি-ধেমালিৰে পাৰ কৰা মৰমৰ বিদ্যালয়খন আৰু শ্ৰদ্ধাৰ শিক্ষা গুৰুসকলক এৰি অহাৰ দুখত বিদায় সভাত  সকলোৱে খুব কান্দিছিলোঁ। আজি যেতিয়া অতীতলৈ ঘূৰি চাওঁ সেই ছাৰ-বাইদেউহঁতলৈ বৰকৈ মনত পৰে। তাৰে কেইজনমান ছাৰক অকালতে হেৰুৱালোঁ। কিন্তু তেওঁলোকৰ সেই অৱদান কেতিয়াও পাহৰিব নোৱাৰোঁ। তেওঁলোকৰ ওচৰত সদায়েই চিৰঋণী হৈ ৰ’ম। কেতিয়াবা মনত পৰিলে স্কুলৰ সেই ক্লাছৰ দিনবোৰলৈ ঘূৰি চাওঁ, টেবুলত বহি আমাক বুজাই থকা তেওঁলোকৰ হাঁহি থকা মুখবোৰ চকুৰ আগত ভাঁহি আহে। কেতিয়াবা সেই দিনবোৰলৈ বৰকৈ মনত পৰে যেতিয়া স্কুলৰ পৰা গৈ নাকে-কাণে ভাত মুঠি গুজি ক্ৰিকেট খেলপথাৰলৈ দৌৰ দিছিলোঁ। সন্ধিয়া ঘূৰি আহি মাৰ পৰা যে কিমান মৰমৰ গালি খাইছিলোঁ। আকৌ পঢ়া টেবুলত বহোঁতেই হেঁচা মাৰি ধৰা ভাগৰৰ সেই টোপনিটো। উফ্! কি যে মধুময় আছিল সেই দিনবোৰ। শনিবাৰে স্কুলৰ ছুটিত বন্ধুবোৰৰ শ্বাৰ্ট-পেণ্টত আঁকি কাপোৰবোৰ লেতেৰা কৰা সেই দুষ্টামি ভৰা দিনবোৰ, সেই ধেমালিবোৰ মনত আছেনে? ক’ত হেৰাল বাৰু আজি সেই মধুৰ স্কুলীয়া দিনবোৰ? ক’ত? সময়ৰ নিষ্ঠুৰ আঁচোৰত পৰি আজি যেন সকলো হৈ ৰ’ল মাথোঁ সোঁৱৰণি। 

ঠিকনা :

ভিতৰ ককিলা গাঁও

ডাক : নিমাতি ঘাট, ৭৮৫১১১

জিলা: যোৰহাট

ফোন : ৬০০২০৭৫৮৪২

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 18, 2025
Close Search Window
Close