গুণোজীৎ দাসহামি এটাৰ বাহিৰে যেন
নিজৰ বুলিবলৈ আন একোৱেই ৰৈ যোৱা নাই
নিজৰ বুলিয়েই এটাৰ পিছত মাৰি আছোঁ আনটো হামি
হামিৰ ব্যৱধান কমি সি সাং হোৱালৈ মাজতে পিঠিৰ খজুৱতি বাঢ়িল
কালে মোকলাই দিয়া হামি
আৰু খজুৱতিত এটাও যদি গছপুলি বাঢ়িলহেঁতেন
নিজৰ বুলি হামি দুটামান বেছিকৈ মাৰি
খজুৱাই থাকিলোহেঁতেন অনৰ্থক খজুৱতি
গছপাতৰ নান্দনিকতাবোৰ ছাঁ হোৱালৈ
হামি মাৰি সাঙীত উঠি গুচি গ’লহেঁতেন বাঢ়ি অহা বতাহৰ ভৰ
হামি এটাৰ বাদে যদিও
দীঘলীয়া বসন্তৰ ফুলবোৰে ৰাতিবোৰক জীয়ন দি ফুলিছে,
বতাহৰ হাতে ৰোৱা গছবোৰৰ পাতে যদিও আন্ধাৰ খুপি
নেওতা দিছে বাঁহগছৰ গজালি উৎসৱ***
ঠিকনা :বাক্সা, শিমলা-৭৮১৩৩০দূৰভাষ- ৭৮৯৬৭৪৮৯৮৬
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 2 times, 1 visit(s) today
Last modified: May 18, 2025