Written by 3:41 am Poems

লিখিম

অনিন্দিতা কলিতা

কাহিনীবোৰ

পখিলা

উৰি আহি

দুচকুতে বহি লয়

মূৰটো ঘূৰালেই এটি গল্প

এখনি উপন্যাস

লিখিম

পৰোঁ বুলিয়েই

আহি পৰা পখিলাৰ

লাহী কাহিনীবোৰ

লিখিম

সোনকালে সৰি পৰিব খোজা পাখিৰ কঁপনিবোৰ

লিখিম

কেতিয়াবা কলমটো

আঙুলিত লাগি থকা এডাল কাঁইট

না ওলাই আহে

না কষ্ট সামৰে

কাঁইটৰ আঁচোৰে আঙুলিত

বিৰিঙোৱা তেজ

দুচকুৰ পানীৰে পখালি

লিখিম

জী থাকিবলৈ লিখি থাকিম

পখিলাৰ অন্য কাহিনী!

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Last modified: May 18, 2025
Close Search Window
Close