Written by 3:41 am Poems

ভ্ৰম

অৰ্চনা ঠাকুৰীয়া

নিজক নিচুকাবলৈও এক বিশেষ ৰাগৰ প্ৰয়োজন

মই এখন অখ্যাত গাঁৱৰ পৰা আহিছিলোঁ

য’ত নদীখনে সুঁতি সলাই হ’লেও বৈ আছে

যিদৰে আন্ধাৰক পৃথক কৰি পোহৰ জীয়াই আছে আজিও।

ভালপোৱাৰ অব্যৰ্থ শৰ নিক্ষেপ কৰাৰ কৌশল তুমি জানিছিলা

যি কৌশলেৰে অৰুন্ধতী ৰাগৰো সৃষ্টি হ’ব পাৰে

এক গমকতে সৃষ্টি হ’ব পাৰে হাজাৰটা কম্পন

সেই ৰাগেৰেই আজিও নিচুকাওঁ মই মোক

কৈৱল্যবাদৰ সৈতে মোৰ পৰিচয় হোৱা নাই

ঈশ্বৰ নামি অহা বাটটোও মই চিনি নাপাওঁ

পিছে তেওঁৰ অৱস্থিতি সহজেই অনুমেয়

প্লেট’ৰ ‘এল’গিৰী অৱ কেভ’ৰ বিষয়ে পঢ়িছিলোঁ

বাস্তৱ-আবাস্তৰ প্ৰতি তেওঁৰ ধাৰণা ভিত্তিহীন নাছিল

তথাপি জীৱন পৰিৱাহী তাঁৰডাল মামৰে নধৰাকৈ ৰাখিবলৈ কিছু ভ্ৰমৰো প্ৰয়োজন

প্ৰবল উত্তাপহীন এটি সূৰ্য বুকুত সামৰি ল’ব পাৰিলে

নিৰ্মাণ কৰিব পৰা যায় সাধনাৰ ভেঁটি

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 18, 2025
Close Search Window
Close