Written by 6:57 am Articles

মহাকাশ বিজ্ঞানী বৰ্ণালী দাসৰ সৈতে কথোপকথন

(যোৱা বছৰত এগৰাকী অসমীয়া যুৱতীয়ে মহাকাশ সম্পৰ্কীয় গৱেষণাত লাভ কৰিছে ঈৰ্ষণীয় সাফল্য। কেইবাটাও বিৰল শ্ৰেণীৰ ৰেডিঅ’ তাৰকা বা মেইন-ছি‍কুৱেঞ্চ ৰেডিঅ’ পাল্‌ছ এমিটাৰ বা এম আৰ পি  আৱিষ্কাৰ কৰি মহাকাশ গৱেষণাৰ জগতত বৰ্তি থকা দশকজোৰা ধাৰণা সলনি কৰি নাছাৰ গৱেষণাগাৰত বিশ্বব্ৰহ্মাণ্ডৰ বিৰল অস্তিত্ববোৰৰ বিষয়ে গৱেষণাৰ সুযোগ লাভ কৰা অসমী আইৰ সুসন্তান বৰ্ণালী দাসৰ কৃতিত্বত ‘অন্যযুগ’ পৰিয়ালে গৌৰৱান্বিত বোধ কৰিছোঁ। ‘অন্যযুগ’-ৰ শিশু-কিশোৰ পঢ়ুৱৈসকলৰ উদ্দেশ্যে বৰ্ণালী দাসৰ সৈতে এটি সংক্ষিপ্ত বাৰ্তালাপ যুগুত কৰিছে গীতুমণি তালুকদাৰে৷)

অন্যযুগ : নমস্কাৰ, মহাকাশ গৱেষণাত আপুনি লাভ কৰা সাফল্যত আমি অতিশয় আনন্দিত হৈছোঁ ৷ আপোনাক উষ্ম অভিনন্দন জনাইছোঁ৷

বৰ্ণালী : নমস্কাৰ৷ বহুত বহুত ধন্যবাদ৷

অন্যযুগ :  প্ৰথমেই আপোনাৰ জন্ম ক’ত কেতিয়া হৈছিল জানিব বিচৰোঁ৷

বৰ্ণালী : মই ১৯৯৩ চনত পাটাছাৰকুছিৰ সৰিহ চাক্লাত জন্ম গ্ৰহণ কৰোঁ৷

অন্যযুগ :  আপোনাৰ পিতৃ-মাতৃৰ বিষয়ে দুআষাৰ ক’ব নেকি?

বৰ্ণালী : মোৰ মা পাটাছাৰকুছি ছোৱালী হাইস্কুলত বিজ্ঞান শিক্ষক আছিল৷ দেউতা বঙাইগাঁও ছায়েঞ্চ কলেজৰ প্ৰবক্তা আছিল৷ এতিয়া দুয়োজনেই অৱসৰপ্ৰাপ্ত৷ মাৰ নাম শিৰন কলিতা দাস৷ দেউতাৰ নাম মুনিন্দ্ৰ নাথ দাস৷

অন্যযুগ :  আপোনাৰ শিক্ষা জীৱনৰ (প্ৰাথমিকৰপৰা বিশ্ববিদ্যালয়লৈকে) বিষয়ে অলপ জনাওকচোন৷

বৰ্ণালী : অংকুৰৰপৰা দশম শ্ৰেণীলৈকে পঢিছিলোঁ শংকৰদেৱ শিশু নিকেতন, পাটাছাৰকুছিত। হায়াৰ ছেকণ্ডাৰি পাছ কৰিলোঁ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, পাঠশালাৰপৰা। দিল্লী বিশ্ববিদ্যালয়ৰ হংসৰাজ কলেজৰপৰা পদাৰ্থ বিজ্ঞান অনাৰ্চ হিচাপে লৈ বি. এছ চি পাছ কৰোঁ। আই আই টি কানপুৰৰ পৰা এম. এছ চি. ডিগ্ৰী লাভ কৰাৰ পাছত পি এইছ. ডি. ডিগ্ৰী অৰ্জন কৰোঁ নেচনেল চেণ্টাৰ ফৰ ৰেডিঅ’ এষ্ট্ৰ’ফিজিক্স –  টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টাল ৰিচাৰ্ছ, পুনেৰপৰা৷

অন্যযুগ :  Astrophysics মানে কি? আমাৰ কণ কণ শিশুসকলৰ বাবে অলপ বুজাই ক’বচোন৷

বৰ্ণালী : মোৰ মতে এষ্ট্ৰ’ফিজিক্স হৈছে আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো উপাদানৰ বিষয়ে কৰা অধ্যয়নছ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে কেনেদৰে ইটোৱে সিটোক আদান-প্ৰদান আৰু প্ৰভাৱিত কৰে৷ উপাদানবোৰৰ ভিতৰত আছে গ্ৰহ, ছায়াপথ, গেছ, ধূলি ইত্যাদি৷

অন্যযুগ : আপুনি এই বিষয়টোৰ প্ৰতি কেনেকৈ আকৰ্ষিত হ’ল?

বৰ্ণালী : যেতিয়া মই বি. এছ চি.  দ্বিতীয় বৰ্ষত আছিলোঁ, মই গ্ৰীষ্মকালত এটা জ্যোতিৰ্বিজ্ঞান প্ৰকল্প কৰাৰ সুযোগ পাইছিলোঁ৷ মই এই কথাটোত আকৰ্ষিত হৈছিলোঁ যে আকাশৰ পৰা অহা সামান্য পৰিমাণৰ বিকিৰণৰ পৰাই মানুহে বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে বহুতো কথা অনুমান কৰিব পাৰে৷ ময়ো সেই প্ৰকল্পটোত কাম কৰি ভাল পাইছিলোঁ আৰু তেতিয়াই মই জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি আগ্ৰহী হৈছিলোঁ৷

অন্যযুগ : আপোনাৰ আৱিষ্কাৰৰ বিষয়ে আপুনি কি ক’ব?

বৰ্ণালী : আমি কেইবাটাও বিৰল শ্ৰেণীৰ ৰেডিঅ’ তাৰকা আৱিষ্কাৰ কৰিছিলোঁ৷ ইয়াৰ দ্বাৰা মই বুজাইছিলোঁ যে আমি এই বিৰল শ্ৰেণীৰ কেইবাটাও হট ষ্টাৰ চিনাক্ত কৰিছিলোঁ, যাক মেইন- ছি‍কুৱেঞ্চ ৰেডিঅ’ পাল্‌ছ এমিটাৰ বা এম আৰ পি বুলি জনা যায়৷ আমাৰ আৱিষ্কাৰবোৰে মহাকাশ বিজ্ঞানৰ জগতত বৰ্তি থকা দশকজোৰা ধাৰণা সলনি কৰিছিল যে এম আৰ পি বিশ্বব্ৰহ্মাণ্ডৰ বিৰল বস্তু৷

অন্যযুগ : আপুনি আৱিষ্কাৰ কৰা নক্ষত্ৰসমূহৰ বৈশিষ্ট্য কি কি? সূৰ্যৰ লগত এই নক্ষত্ৰসমূহৰ কি কি পাৰ্থক্য দেখিবলৈ পাইছে?

বৰ্ণালী : এম আৰ পি (MRP) হৈছে অতি শক্তিশালী চুম্বকীয় ক্ষেত্ৰৰ সৈতে সূৰ্যতকৈ অধিক গৰম তৰা৷ সেইবোৰ আমাৰ সূৰ্যতকৈ বহুত ডাঙৰ৷ আটাইতকৈ সৰু এম আৰ পি-টোৱেই সূৰ্যতকৈ প্ৰায় দুগুণ ডাঙৰ৷ এম আৰ পি-বোৰৰ বিশেষত্ব হৈছে সিহঁতৰ অতি উজ্জ্বল লেজাৰ যেনে ৰেডিঅ’ নিৰ্গমণ প্ৰস্তুত কৰাৰ সামৰ্থ্য আছে৷

অন্যযুগ : আপুনি আৱিষ্কাৰ কৰা নক্ষত্ৰসমূহতো আমাৰ বাবে বাসপোযোগী গ্ৰহ আছে নেকি?

বৰ্ণালী : এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই৷

অন্যযুগ : আপুনি কিমানদিন ধৰি astrophysicist হিচাপে কাম কৰি আছে আৰু ক’ত কৰি আছে?

বৰ্ণালী : এষ্ট্ৰ’ফিজিষ্ট হয়নে নহয় নাজানো, কিন্তু মই ২০১৭ চনৰ পৰাই সক্ৰিয়ভাৱে গৱেষণা কৰিবলৈ আৰম্ভ কৰিছিলোঁ৷

অন্যযুগ : আপোনাৰ দলটোত আপোনাৰ সহযোগী হিচাপে কোন কোন আছে?

বৰ্ণালী : মোৰ ছুপাৰভাইজৰ প্ৰফেছৰ পুনম চন্দ্ৰ (Prof. Poonam Chandra), সহযোগী প্ৰফেছৰ গ্ৰেগ ৱেড (Prof. Gregg Wade), ড° মেট শ্বাল্টজ (Dr. Matt Shultz) আৰু ড° জেমছ চিকোৰা ( Dr. James Sikora)৷

অন্যযুগ : আকাশখন কেনেদৰে চায়? আপোনালোকৰ এই অধ্যয়নৰ বাবে কেনেকুৱা ধৰণৰ সুবিধা থকাটো দৰকাৰ? বা কেনেকুৱা যন্ত্ৰপাতি ব্যৱহাৰ কৰা হয়?

বৰ্ণালী : ৰেডিঅ’ স্কাই দেখাৰ বাবে ডাঙৰ টেলিস্কোপৰ দৰকাৰ হয়৷ ৰেডিঅ’ তৰংগ চকুৰে দেখা নাযায়৷ ৰেডিঅ’ টেলিস্কোপবোৰে স্কাই ছি‍গনেলবোৰ ইলেকট্ৰিক ভল্টেজ হিচাপে ৰেকৰ্ড কৰে৷ তাৰপৰা আমি কিছুমান বিশেষ পদ্ধতিৰ আধাৰত স্কাই ইমেজ প্ৰস্তুত কৰোঁ৷ এই পদ্ধতিটো অত্যন্ত দীঘলীয়া হ’ব পাৰে৷ তথ্যবোৰ বিশ্লেষণৰ কাৰণে শক্তিশালী কম্পিউটাৰৰ প্ৰয়োজন হয়৷

অন্যযুগ : আমাৰ শিশু তথা নৱ প্ৰজন্মক Astrophysics-ৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আপুনি কি পৰামৰ্শ আগবঢ়াব?

বৰ্ণালী : তোমালোকে এষ্ট্ৰ’ফিজিক্স বিষয়ৰ জনপ্ৰিয় বিজ্ঞানৰ কিতাপবোৰ পঢ়িবা৷ ভাৰতীয় জ্যোতিৰ্বিজ্ঞানীসকলৰ জীৱনী, তেওঁলোকৰ অৱদান আৰু ভাৰতৰ বৃহৎ টেলিস্কোপৰ বিষয়ে জানিবলৈ চেষ্টা কৰিবা৷ লগতে সময়ে সময়ে ঘটি থকা মহাকাশীয় ঘটনা (celestial event) যেনে- সূৰ্যগ্ৰহণ, চন্দ্ৰগ্ৰহণ আদিৰ  বিষয়ে জানিবলৈ চেষ্টা কৰিবা৷

অন্যযুগ : আপোনাৰ বহুমূলীয়া সময় আমাক  দিয়া বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ৷ আপোনাৰ এই যাত্ৰা অব্যাহত থাকক৷ নতুন নতুন গ্ৰহ-নক্ষত্ৰৰ আৱিষ্কাৰেৰে আপুনি জিলিকি উঠক আৰু অসম তথা ভাৰতবাসীক বিশ্বত জিলিকাই তোলক৷

বৰ্ণালী : অশেষ ধন্যবাদ জনালোঁ৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 5 times, 1 visit(s) today
Last modified: May 16, 2025
Close Search Window
Close