Written by 6:56 am Articles

বচা বকুল

 ৰমানন্দন বৰা

সাত

ন-খোৱা বছা গাঁৱৰ এটা ডাঙৰ উৎসৱ৷ বছৰটোৰ বাবে লখিমী কেইমুঠি ভঁৰালত সুমুৱাই ল’ব পৰাটো অলপ ডাঙৰ কথা নহয়৷ বাত-বৃষ্টি, নৰীয়া-পৰীয়া, এন্দুৰ-নিগনি, চৰাই-চিৰিকতি কত অপসৰ্গৰ মাজেৰে গুটি ধানকেইটা নজহা-নপমাকৈ আনিব লগা হয় খেতিয়কৰ বাহিৰে আনে নুবুজে৷ এই সফলতাত আটাইৰে মন থৌকি-বাথৌ হয়৷ তাৰ প্ৰকাশ ঘটে ন-খোৱাত৷ প্ৰথম কঠীয়া লওঁতেই কোৱা হয় প্ৰথম মুঠি গুৰুলৈ, দ্বিতীয় মুঠি দেৱলৈ, তৃতীয় মুঠি ভকতলৈ, চতুৰ্থ মুঠিহে নিজলৈ প্ৰাণ ৰাখিবৰ কাৰণে৷ সেইবাবে নামঘৰতে প্ৰথম ন-খোৱা হয়৷ গৃহস্থী প্ৰত্যেকে নিজৰ ভঁৰালৰ পৰা ন-ধানৰ মৰণা মাৰি ঢেঁকীত এখুবলি খুন্দে৷ ন-চাউল কেইটামানকৈ সমূহীয়া চৰুলৈ আগবঢ়ায়৷ প্ৰতি ঘৰে জোখতকৈ বেছিকৈয়ে দিয়ে৷ গাঁওখন ধানৰ গোন্ধেৰে আমোলমোল হৈ থাকে৷ বিধে বিধে শালি, লাহি খেতি কৰা হয়৷ নেকেৰা ধানে ভঁৰাল হেঁকেৰা কৰে৷ এইবাৰ এইবিধ ধানৰ কঠ বৰ ঘনকৈ হৈছে৷ বেতগুটিও বেছি৷ বৰা, চকোৱা বছা গাঁৱৰ মানুহে কমকৈ কৰে৷ পিঠা-পনা, জা-জলপানৰ যোগাৰটো হ’লেই হয়৷

নামঘৰত ন-খোৱাতো ডেকাহঁতে বৰকৈ পচন্দ নকৰে, বুঢ়া-মেথাৰ কাম৷ ইয়াত সিদ্ধ অন্নৰ লগত মাছ-মাংস নোলায়৷ একো বিশেষ মোহিনী নাই৷ নাম গাব লাগে৷ খাব লাগে৷ তাকো আকৌ নাম গাওঁতে গাওঁতে ৰন্ধা ভাত চেঁচা হয়গৈ৷ সেইবাবে নামঘৰত গোসাঁইক সাক্ষী কৰি ন-মুঠি লগোৱাৰ পিছত ঘৰে ঘৰে ন-খোৱা পৰ্ব চলে৷ আঘোণমহীয়া পাতল জাৰত, পাতলীয়া জুইৰ উমত, পাতলীয়া এৰী চাদৰ একোখন গাত মেৰিয়াই কথাৰ মহলা বহে৷ ঘৰে প্ৰতি দুই তিনিটা চাৰিটা হাঁহ মাৰে৷ কত পাহৰা কথাৰ উম পাই ওলাই আহে৷ গাঁওখনৰ বুঢ়া ডাঙৰীয়া, ভূত-প্ৰেত, যখবোৰেই উম লয়হি ন-খাওঁতাৰ কথাৰ মহলাত৷

বছা গাঁৱৰ বৰ নামঘৰত চাৰিওটা খেলৰ ভিতৰত নৰহৰি পৰমসিদ্ধৰ খেলটোৱেই ডাঙৰ৷ প্ৰায় তিনিকুৰি ঘৰ মানুহ৷ বাকী তিনিটাত একুৰি ডেৰকুৰিকৈ আছে৷ গতিকে নামঘৰৰ প্ৰতিটো কথাতে তেওঁৰ খেলৰ প্ৰাধান্য ৰজে৷ সেই সুযোগতে নৰহৰি পৰমসিদ্ধৰ কথাই গাঁওখনত ৰজে বুলিব পাৰি৷ কাৰণ বাকী দুটা খেলত ইমান তৰ্ক কৰিব পৰা, শাস্ত্ৰ মাতিব পৰা মানুহ নাই৷ মূল খেলৰ পৰা বিভিন্ন কাৰণত ফাটি কোনো মতে একোটা খেল পাতি খাই থকাৰ নিচিনা৷ ঘাই সুঁতিটো পৰমসিদ্ধৰ খেলটোৱেই৷ নৰেনৰ খেল আৰু কাতিৰামৰ খেলৰ উমৈহতীয়া নামতী হৰেন কলিতা৷ গতিকে নিজা যোত্ৰ নাই৷ আনৰ লেজুত ধৰা, ভটিয়াই নাৱত যোৱা৷ তিকিৰাই নামতীৰ খেলটোৰ গৃহস্থী সংখ্যা একুৰি৷ বাকী পাঁচ কুৰিৰ জোৰ পায় ক’ৰ পৰা? তথাপি প্ৰতিটো খেলে নিজা নিজা পৰিচয় বৰ্তাই ৰাখি তিথি-পাৰ্বনবোৰ বেলেগে বেলেগে পাতে৷ তিথিবোৰত দিনটো চাৰি ভাগত ভগাই সময়মতে একোটা খেলে একেজন ভগৱানক মাতে, একেখিনি নাম গায়, কীৰ্তন পাঠ কৰে৷ আটাইতকৈ ওজন থকা খেল হিচাপে পৰমসিদ্ধৰ খেলটোৱে আটাইতকৈ সুবিধাজনক সময়খিনি পায়৷ গণেশ নামঘৰীয়াক সময়খিনি তেৱেঁই বান্ধি দিয়ে আৰু নামঘৰীয়াই বাকী খেল কেইটাক তেনেদৰেই জনায়৷

হেন জানি নক’লেও চলে নৰহৰি পৰমসিদ্ধ বছা গাঁৱৰ এগৰাকী মুখিয়াল মানুহ৷ তেওঁৰ নামৰ লগত পৰমসিদ্ধৰ উপাধিটোও উলামূলা নহয়৷ এবাৰ ভাটি ফালৰ পৰা দড়িয়া সন্ন্যাসী এজনে আহি বছা গাঁৱৰ চাৰিআলিত কেনেবাকৈ পদাৰ্পণ কৰিছিলহি৷ সন্তই সন্তৰ আৰু চোৰে চোৰৰ লগ লগাৰ দৰে সন্ন্যাসীজন আহি নৰহৰিৰ লগ লাগিলহি৷ তেতিয়া নৰহৰিয়ে নাম গাবলৈ শিকিছে মাত্ৰ৷ সন্ন্যাসীজনে তেওঁৰ নতুনকৈ সজা গোসাঁই ঘৰৰ লগতে লাগি থকা বাৰান্দাখনতে থাকিবলৈ ল’লে৷ সন্ন্যাসীয়ে দিনে-ৰাতিয়ে নৰহৰি আৰু তেওঁৰ ঘৈণীয়েক বিহুতিক ধৰ্ম শিক্ষা দিবলৈ ল’লে৷ নৰহৰি দিনত নাথাকিলে কিবা কাৰণত বিষয় অসুখত হৰি সেৱা সুখৰ পৰা বঞ্চিত হ’লে, সন্ন্যাসীয়ে বিহুতিকে অকলে শিক্ষা দিয়ে৷ বাওঁ ভৰিত এডোখৰ প্ৰকাণ্ড খৰ নে বেচু লৈ ফুৰা সন্ন্যাসীৰ সেই ৰোগ এমাহৰ ভিতৰত নৰহৰিয়ে গাঁৱলীয়া ঔষধ দি ভাল কৰিলে৷ সেৱাত ধন্য হৈ সন্ন্যাসীয়ে নৰহৰিক পৰমসিদ্ধ উপাধি প্ৰদান কৰিলে৷ এদিন সন্ন্যাসী গ’ল৷ তেওঁ দিয়া উপাধি বছা গাঁৱত ৰৈ গ’ল৷ গতিকে নৰহৰি হ’লগৈ নৰহৰি পৰমসিদ্ধ নামাচাৰ্য৷ ‘নামতী’ উপাধিৰ প্ৰতি তেওঁৰ বিতৃষ্ণা বাবেই নামাচাৰ্য লগ লাগিল৷ সন্ন্যাসী যোৱাৰ এমাহ মানৰ পাছৰ পৰা বিহুতিৰ মনটো উদাস হ’বলৈ ধৰিলে৷ ইটো সিটো উপসৰ্গই দেখা দিবলৈ ধৰিলে৷ সন্ন্যাসীয়ে কিবা কৰিলে নেকি? চোৰ গ’লে বুদ্ধি দিয়াত বছা গাঁৱৰ মানুহ বৰ পটু৷ আচলতে বাহিৰৰ মানুহ এটাৰ এনেকৈ গাঁৱৰ ভিতৰত সোমাবলৈ দিবই নালাগিছিল৷ গোসাঁই ঘৰৰ কাষতে বিজতৰীয়া মানুহ এটাক থাকিবলৈ দি নৰহৰিয়ে ভুল কৰিছিল৷ সন্ন্যাসীয়ে যাদু কৰিলে নেকি? নামঘৰত চাকি এগছি দিয়া উচিত… অনেক কথা বছা গাঁৱৰ চোতালে চোতালে, জুহালে জুহালে উৰি ফুৰিল৷ নৰহৰিৰ পদূলিমুখৰ ডাঙৰ আহঁতজোপা পাৰ হৈ তেওঁৰ ঘৰৰ চৌহদত কিন্তু কথাবোৰ সোমাব নোৱাৰিলে৷ তথাপি কথাৰ যিহে পাক লাগিছিল, নৰহৰিৰ বাৰীৰ জেওৰা ভঙাই নহয়, বৰঘৰৰ মূধতেই উৰুৱাই নিলেহেঁতেন যদিহে বগীবায়ে মাজতে ভেটা নিদিলেহেঁতেন৷ বেৰৰ জেঠী এটায়ো গম নোপোৱাকৈ বগীবায়ে কামবোৰ কৰিছিল৷ নৰহৰিৰ ঘৰত আগৰ পৰা বোৱা-তোলা কৰা, ধান, চাউল জৰা কাম কৰি থকা বাবে বগীৰ ওপৰত কোনেও একো সন্দেহ কৰিবলৈ থল নাছিল৷ আনকি নৰহৰিৰো৷ তিৰোতাৰ মাহেকীয়া হোৱাৰ আচিলাতে বগীয়ে বিহুতিক উদ্ধাৰ কৰিছিল৷ অন্যথা বগীবাইৰ কাৰোবাৰ ঘৰলৈ আগমন সকলোৰে বাবে গোপন চৰ্চাৰ বিষয়৷ বগীবাইৰ কথামতে সন্ন্যাসীয়ে ধৰ্মৰ লগতে বিহুতিৰ গৰ্ভত নিজৰ বীজ এটাও দিছিল৷ লগতে অসুখ এটাও৷ অসুখটোৰ পৰা পৰিত্ৰাণৰ উপায় বগীবাইৰ বাহিৰে আনৰ হাতত নাই৷ যি কি নহওক এইবাৰ পোতা গূ কোনেও খুচৰিবলৈ নাযায়৷ নৰহৰি পৰমসিদ্ধ নামাচাৰ্যৰ জীৱন চলি গৈছে, বছা গাঁৱৰ জীৱনো চলাই নিছে৷

এইবাৰ ন-লগোৱাৰ নামষাৰো নৰহৰি পৰমসিদ্ধৰ ভাগৰ বস্তু৷ ধৰ্মৰ নামত কোনো দিন পিছ হুঁহকি নহা৷ ন্যায় ৰক্ষা কৰি ভক্তি অব্যভিচাৰী কৰি ৰখা পৰমসিদ্ধই এইবাৰ এটা ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল৷ সেইটো হ’ল ভালীৰাম, ক’লাই মহাজনৰ ঘৰৰ কেলেংকাৰীটো৷ কথাবোৰ এনেকৈ এৰি দিব নোৱাৰি৷ আনহাতে দুঘৰ প্ৰতিপত্তিশীল পৰিয়ালক প্ৰত্যাহ্বান জনোৱাটোও বৰ সহজ নহয়৷ যেই নহ’লেও কেলেংকাৰী কেলেংকাৰীয়েই৷ গাপ দি থ’লে পাপ লাগিব৷ নৰহৰি পৰমসিদ্ধ নামাচাৰ্যই অপবিত্ৰ পাত্ৰত, অপবিত্ৰ ক্ষেত্ৰত নাম-প্ৰসংগ নকৰে৷ নামঘৰৰ পবিত্ৰ মজিয়াত গোসাঁই আসন আগত লৈ কাৰোবাৰ প্ৰতিপত্তিলৈ ভয় কৰি চুপ হৈ থকা মানুহ তেওঁ নহয়৷ নামঘৰৰ প্ৰথম শাৰীত লাই খুঁটাৰ ফালে গোলোক হাজৰিকাৰ কাষতে বহি থকা ভালীৰাম হাজৰিকাক উদ্দেশ্য কৰি পৰমসিদ্ধই কৈ উঠিল, “প্ৰভুসকল, আপোনালোক পৰম জ্ঞানী৷ এই অধমে কথা এটা নকৈ নোৱাৰিছোঁ৷ দোষ হ’লে খেমিব৷ আমাৰ ভালীৰাম হাজৰিকা প্ৰভুৰ কথাই কৈছোঁ৷ তেখেতৰ ছোৱালীজনীৰ ঘটনাতো মীমাংসা হ’লগৈ নেকি? ল’ৰাটো বংশৰে বুলি শুনিছোঁ৷”

ইমান ভকতীয়া বিনয়ীভাৱে ভালীৰামৰ কলিজাত শেল মৰা হ’ল যে কথাৰ সুৰ কেনি গৈছে হাজৰিকাই পোনচাটে ধৰিবই পৰা নাছিল৷ ক্ষন্তেক পিছতহে তেওঁৰ গাত বিন্ধিলে৷ তেওঁ গৰগৰাই উঠিল, “গৰু মৰিল পোক সৰিল৷ যোৱা গ’ল৷ এতিয়া আমাৰ লগত কোনো সম্পৰ্ক নাই৷ আগলৈও নাথাকিব৷” অপমানত তেওঁৰ মাতটো যেন কিবা ভাগি-ছিগি ওলাল৷

“হওঁতে হয়, আগৰ কথা আগলৈ থাকিল৷ পিছে কেলেংকাৰী লগোৱা নাৰকীয়ে গৰকি থৈ যোৱা ঘৰখন পা-পৰিষ্কাৰ হ’ল জানো? আপোনাসকলে পাপতে খাই আছে নেকি বাৰু?”

“তাৰ মানে?”

‘শুচি হ’ল জানো? নাই৷ গতিকে…”

“গতিকে কি?”

“বেয়া নাপাব আপুনি থাকিলে ভগৱন্তৰ পৱিত্ৰ নামষাৰ…”

আৰু ক’ব লগা নহ’ল৷ ভালীৰাম একে কোবে বহাৰ পৰা উঠি ‘তোক চাই ল’ম’ বুলি গো-গোৱাই নামঘৰৰ পৰা ওলাই আহিল৷ জীৱনত এনে অপমান তেওঁ পোৱা নাই৷ এই পাপিনীয়ে তেওঁৰ মান-সন্মান চব শেষ কৰিলে৷ আৰু এই নৰহৰি? বিপদে-আপদে কুৰি টকা বিচাৰি কাৰ ওচৰলৈ আহ? তাল কোবাব পাৰিলে যেতিয়া চব পাহৰিলি? সমাজত অপমান দিয়৷ তোক এসেকা দিম৷’

ভালীৰাম পোনে পোনে ক’লাই মহাজনৰ ঘৰলৈ গ’ল৷ ‘বালিলৈ যিপাট শৰ, সুগ্ৰীৱলৈও সেই একেপাট শৰেই৷’ আজি ভালীৰামক অপমান কৰিছে কাইলৈ ক’লাইক কৰিব৷ দুই ককাই-ভায়ে যুগুতি কৰিলে৷ পৰমহংসৰ খেলত তেওঁলোক দুয়োটা পৰিয়াল নাথাকে৷ সুকীয়া খেল হ’ব৷ এনে উলহ-মালহ, উৎসৱ-পাৰ্বন কৰিব যে নৰহৰিয়ে ভিতৰি ভিতৰি জ্বলি-পুৰি মৰিব৷

কাৰ খেল লোৱা হয়? জ্ঞাতি বুলিলেই গঙ্গা৷ পিছে এতিয়া কোনখন গঙ্গাই তেওঁলোকক তৰিব? নৰেনৰ খেল, কাতিৰামৰ খেল- নামতী এজনেই হৰেন কলিতা৷ দুয়োটা খেল মিলাই মানুহ পঞ্চাছ-ষাঠি ঘৰ হ’ব৷ তিকিৰাই নামতীৰ খেলটো স্বয়ং সম্পূৰ্ণ, নামতী নিজৰ আছে৷ তথাপি মানুহ কম৷ কম মানুহৰ সমাজত উৎসৱ পাতি কি মজা পাব৷ আনহাতে বাকী খেলকেইটাত ধাৰ কৰা নামতী৷ কি কৰিব পাৰি? এটা কথা কৰিব পাৰি নেকি? তিনিওটা খেল মিলাব পাৰি নেকি? তেতিয়া নৰহৰিৰ পিত্‌ শুকাই যাব৷ ঠিক কথা৷

এই কামটো ভালীৰাম বা ক’লাই শইকীয়াই নিজে কৰিলে ভাল নেদেখাব৷ নৰেন, কাতিৰাম, তিকিৰাইৰ ঘৰলৈ সাধাৰণতে গৈ নোপোৱা মানুহজনে অহা-যোৱা আৰম্ভ কৰিলে, দেখিবলৈ বেয়া৷ কওঁতাই কিবা এষাৰ ক’বলৈ সুবিধা পাব৷ এনেকুৱা এজন কটকী লাগে যিজনে মহাজনৰ হৈ কথা ক’ব পাৰিব, ইপক্ষক মান্তি কৰাব পাৰিব৷

বাপীৰাম বৰুৱাতকৈ এনে এজন ভাল কটকী জিলাখনতে নোলাব৷ বাপীৰামক ভালীৰামে ক’লাই মহাজনৰ ঘৰলৈ মতাই আনিলে৷ কথন-মথন, আলোচন-বিলোচন, যন্ত্ৰ-ষড়যন্ত্ৰ বহুত হ’ল৷ বাপীৰামৰ মাটি কেইডৰা আগতীয়াকৈ ট্ৰেক্টৰেৰে সমাৰ বাই দিয়াৰ কথা দিলে ক’লাই মহাজনে৷

গাঁওখন ‘একতাপতি কৰা’ৰ মহান কৰ্মত বাপীৰাম অগ্ৰসৰ হ’ল৷ অৱশ্যেই নৰহৰি পৰমসিদ্ধ আৰু তেওঁৰ অনুগামীসকল এই ‘একতাপতি’ত নপৰে৷ স্বয়ংসিদ্ধভাৱে তেৰাসৱ পতিত৷ বাকী সেৱকীসকল পৰম পবিত্ৰ কিন্তু উপযুক্ত পথৰ সন্ধানত আছে৷ ক’লাই শইকীয়াৰ বিশ্বাসৰ খোপনি দলৈ পোত খালে- বাপীৰামে পাৰিব৷ পানীৰে নাও আটায়ে বাব পাৰে, বাপীৰামৰ নাও চপৰানি পথাৰেও চলে৷

প্ৰথমে নৰেন, তাৰ পিছত কাতিৰামক লগ ধৰি বাপীৰামে সেইদিনা নামঘৰত নৰহৰিয়ে ভালীৰামক কৰা ব্যৱহাৰ যে উচিত নাছিল সেইটো ব্যাখ্যা কৰিলে৷ ‘বংশৰ বুলিছ? হেৰ’ কিহৰ বংশৰ? কিহৰ সম্বন্ধৰ? বেণুৰ মাকক দেখিছ নে বাপেকক? চিনি পাৱ নে জানি পাৱ? হেৰ’ এলেকৰ পেলেক কুকুৰা চৰাইৰ ভাগিনীয়েক৷ ক’ৰ মাহীয়েকৰ পুতেক ভায়েকডাল? ক’লাইৰ মাক দৰিকিৰ মোমায়েকৰ জীয়েক ভনীয়েকৰ ননদৰ পুতেক বেণু৷ কচোন এলেকৰ পেলেক নহয়নে? কোনডাল বংশলতাই পায় দেখুৱাই দেচোন? নাপায় বুইছ৷ এনেকৈ হানিব নাপায়৷ ভালীৰাম নহয় যেনিবা মোকেই বা তোকেই, কথাৰ ওৰ নোলোৱাকৈ সমাজৰ মাজত এনেকৈ অপমান কৰিব পায়নে? ঘোৰ কলি কাল হ’ল৷ তাল কোবোৱা নামতীৰ এনে অসূয়া ভাল নহয় দেই৷ ঈশ্বৰৰ নাম দুফালে ধাৰ থকা তৰোৱাল, যালৈ টোঁৱায় তাক নাকাটি তোকো কাটিব পাৰে৷’

লাহে লাহে সুৰ সলাই, লহৰ সলাই, শুনোতাৰ মন গলাবলৈ বাৰীৰাম বৰুৱাৰ বেছিপৰ নালাগে৷

‘নৰহৰিয়ে যি কাম কৰিলে তেনেকৈ সমাজ নৰয়, গাঁওখনো নৰয়৷ পাৰোঁতে তহঁতে ওলাই আহিছ জানো৷ নোৱাৰ৷ তেনেকুৱা মানুহৰ লগত তহঁতৰ দৰে দুটা কথা জনা মানুহ থাকিব নোৱাৰ৷ এইবাৰ ক’লাই মহাজন আৰু ভালীৰামো নাথাকে৷ ওলাই আহিব৷ মনত বৰ দুখ পাইছে৷ ক’লাই মহাজনৰ কথা ভাবচোন৷ নামঘৰটো তিনি বান্দোল টিনপাত তেৱেঁই দিয়া নহয়নে? ভালীৰামে এবাণ্ডোল দিয়া নাইনে৷ বাপেকৰ নামত এটা খুঁটা দিছে৷ এইবোৰ পাহৰিলে নচলিব নহয়৷ হস্কিলে-মস্কিলে মহাজনে তহঁতক সহায় নকৰাকে আছেনে? ট্ৰেক্টৰখনে তহঁতৰো হাল নোবোৱাকে আছেনে? তেওঁ নিজে কৈছে এইবাৰ বোলে এবিঘাকৈ মাটি বিনামূলীয়াকৈ বাই দিব৷ তহঁতৰ কথা কৈছে৷’

‘এনেকুৱা গুৰি শকত মানুহ খেলত সুমুৱাই ল’ব পাৰিলে তহঁতৰে ভাল অ’৷ মই কথাটোহে কৈছোঁ৷ পিছে এটা কথা- তহঁতে এক হ’ বুইছ৷ খেল খেল হৈ লাভ নাই৷ কিমান আৰু আনৰ গাঁৱৰ নামতী আনিবি৷ তহঁতৰ খেলৰ ল’ৰাবোৰে ভাগৱত গাবলৈ শিকিছে বোলে৷ মহাজনে কৈছে এইবাৰ গাঁৱত দুদিনীয়া অবিৰত ভাগৱত পাঠ হ’ব৷ নৰেন, তই মূল পাঠেকী হ’বি, কাতিৰাম হ’বি দেউৰী আৰু আমাৰ তিকিৰায়ে নামষাৰ লগাই দিব৷ ধন-বিতৰ চিন্তা নাই৷ মহাজনে সেৱকী হৈ আগবঢ়াব৷ ৰাইজৰ পৰা চান্দা বৰকৈ তুলিব নালাগে৷ ভাল হ’ব, বঢ়িয়া৷ বছা গাঁৱৰ একতা দেখুৱাব লাগে৷ দহখন ৰাইজে ভাল বুলিব লাগে৷’

নৰেন, কাতিৰামে কোৱা কথাখিনিকে অলপ সালসলনি কৰি তিকিৰাইক ক’লেগৈ৷ বোপাইকণে কওঁতে মাজে মাজে তিকিৰাইৰ সুৰ সঞ্চাৰ ৰাগ-মাতৰ প্ৰশংসা কৰি যাবলৈ নাপাহৰিলে৷

সফল হ’ল৷ বোপাইকণ এনে মহৎ কৰ্মত বিফল হোৱাৰ কথাই নুঠে৷ তিনিও খেল এক হ’ল৷

একেলগে ভাগৱত পাতিব৷ গাঁওখনত তিনি খেলৰ মানুহৰ মাজত উলাহে নধৰা হ’ল৷ আহ-যাহ সঘন হ’ল৷ পুৱা-গধূলি, দুপৰীয়া বুলি কথা নাই সুবিধা মিলিলেই নৰেন, কাতিৰাম, তিকিৰাই মহাজনৰ চ’ৰা ঘৰত আলহী হ’লহি৷ তামোল, ধঁপাতৰ শৰাধ হ’ল৷

এই বিপৰ্যয়ৰ বাবে নৰহৰি পৰমসিদ্ধ সাজু নাছিল৷ হওঁতে শিয়াল বুধিৰ ভঁৰাল ধনেশ্বৰে ঘটনাটোৰ দিনা সন্ধিয়া নৰহৰিক সঁকীয়াই ক’লে, ‘কামটো ভাল নহ’ল৷ ক’লাই মহাজনক জোকাই লোৱা হ’ল৷ মহাজনক নিজৰ ফালে ৰাখাঁ৷ তেতিয়া ভালীৰামে অকলে একো কৰিব নোৱাৰে৷’

এসপ্তাহৰ পিছত ছল উলিয়াই পৰমসিদ্ধই মহাজনৰ ফালে পাক এটা মাৰিছিল৷ কথাৰ লাচতে কৈছিল, ‘জানো সেইদিনা কি হ’ল, মোৰো মুখত আহিল কৈ দিলোঁ৷ বেয়াই কৰিলোঁ হ’বলা৷ ভালীৰামে বেয়া পাইছে৷ মহাজন তুমি হ’লে বেয়া নাপাবা৷ তোমাৰ ছিদ্ৰ নাই৷ সেই জহনীটোৱে তোমাৰ পাকঘৰ গচকাগৈ নাই নহয়৷ তুমি শুচি হোৱাৰ কথা নাই৷ আগৰ দৰেই থাকিবা৷ সমাজত তোমাৰ আসন সদায় আগত৷ ভালীৰামৰ উপায় নাই৷ নাৰকীজনীয়ে পাকঘৰ চুৱা কৰি গ’ল৷ পৰাচিত নোহোৱালৈকে ভালীৰামৰ লগত আহ-যাহ নকৰিলেই হ’ল৷ সি তাৰ ভাগে থাকক, তুমি তোমাৰ ভাগে৷’

পিছে পৰমসিদ্ধৰ বিভাজনৰ ঔষধ পালিয়ে কামত নিদিলে৷ ইতিমধ্যে বহুত পলম হৈছিল৷ মুখেৰে একো নকৈ ক’লাই মহাজনে এখিলা ষ্টাম্প কৰা কাগজ তেওঁৰ আগত দাঙি ধৰিলে- বৰ আই বৰ সত্ৰৰ সত্ৰাধিকাৰৰ ষ্টাম্প মৰা কাগজ৷ তেওঁ শ্ৰুতি চাই লিখি দিছে- ক’লাই শইকীয়া, তস্য ভ্ৰাতা ভালীৰাম শইকীয়াৰ সৈতে বেণুধৰ শইকীয়াৰ কোনো তেজৰ সম্বন্ধ নাই৷ গতিকে বৈবাহিক সম্বন্ধাদি হ’ব পাৰে৷

বঁটাৰ পৰা হাতত তুলি লোৱা তামোলখন মুখত নভৰোৱাকৈয়ে নৰহৰি পৰমসিদ্ধ মহাজনৰ ঘৰৰ পৰা খৰ খোজেৰে আঁতৰ হ’ল৷

*       *       * 

ভবা মতেই কামবোৰ হ’লগৈ৷ মাঘৰ বিছ আৰু একৈছ তাৰিখে দুদিনীয়াকৈ বছা গাঁৱত পোন প্ৰথম বাৰৰ কাৰণে অবিৰত ভাগৱত পাঠ হ’ল৷ ক’বলৈ গ’লে নতুন ইতিহাস৷ একুৰি ডেকা ল’ৰাই শৰণ লৈ ভাগৱত পাঠ কৰিলে৷ বৰ আই বৰ সত্ৰৰ অধিকাৰ প্ৰভু নিজে আহি শ্লোক মাতি প্ৰসঙ্গ কৰি ভাগৱত প্ৰতিষ্ঠা কৰি শুভাৰম্ভ কৰিলে৷ নৰেন বৰকাকতিয়ে মূল পাঠেকীৰ আসনত বহিবলৈ গোঁসাইৰ পৰা অনুমতি ল’লে৷ নতুনকৈ শিচ হোৱা একুৰি ডেকাই গুৰুক সেৱা জনাই পাঠৰ আজ্ঞা ল’লে৷ এই দুদিন গোঁসাই নামঘৰতে থাকিব৷ মণিকূটৰ দক্ষিণে লাই খুঁটাৰ পূবলৈ বাৰান্দাত গোঁসাই থাকিবৰ দিহা কৰা হ’ল৷ লগত লিটিকাই৷ শিচসকলে গোঁসাইলৈ দিব লগা বছৰেকীয়া কৰভাৰ লিটিকায়ে সামৰি-সুতৰি গত লগাই থৈছে৷ যজ্ঞোৰামৰ গৰুগাড়ীখনত পৰহিলৈ পুৱা বোজাই কৰিব লাগিব৷ শৰাই সজোৱাকে ধৰি দাইচালি কামৰ উপৰি পুৱা-গধূলি ভাগৱতৰ সন্মুখত জ্বলি থকা চাকিগছিত তেল-শলাকানি যোগানৰ দায়িত্ব কাতিৰামৰ ওপৰতে আৰোপিত হ’ল৷

নামঘৰৰ মণিকূটৰ পৰা ভাগৱত স্থাপনৰ ঠাইলৈকে নৈমিষাৰণ্য সজোৱা হৈছে৷ দুশাৰী মাটি চাকি বাঁহৰ খুঁটাৰ ওপৰত সজোৱা হৈছে৷ মাটি ভেটি তুলি তাতে এবেগেত দ কৰি নীল ছটিয়াই, প্লাষ্টিক দি নদী সজোৱা হৈছে৷ তাতে নাৰিকলৰ কোৰোকাৰে মাখনে ঋষি-মুনি বাৰজন সাজি বহুৱাই থৈছে৷ নদীৰ পাৰত এটা বগলীও সজোৱা হৈছে৷ দুজোপা লাগনী কল থোকেৰে সৈতে আনি বহুওৱা হৈছে৷ মুঠতে বিতোপন নৈমিষাৰণ্যখন মাখনে নিজৰ চিন্তাৰে সজাই তুলিছে৷ সকলোৱে শলাগিছে৷

নামঘৰটো চাৰিওফালৰ পৰা টিনপাত আৰু কাপোৰেৰে বেঢ়ি দিয়া হৈছে যাৰ বাবে বতাহ আৰু ঠাণ্ডা সোমাই ভকতসকলক আমনি কৰিব নোৱাৰে৷ ভিতৰখন আন্ধাৰ হোৱাত মেণ্টল লাইট জ্বলাই ভাগৱত পাঠৰ বেদী উজলাই থোৱা হৈছে৷ বাকী নামঘৰ মাটি চাকিৰ কোমলতপোহৰ আৰু ধূপৰ গোন্ধত বৈকুণ্ঠপুৰী যেন মায়াময় হৈ আছে৷ লাইটৰ দায়িত্ব খগেনৰ৷ নামঘৰৰ নিজা লাইট দুটা আৰু তাৰ নিজা দুটা৷ এনেয়ে সি ভাড়া দিয়ে৷ কিন্তু এই হেন পবিত্ৰ কামত সি ভাড়া নলয়৷ কেৰাচিনখিনি ৰাইজে ভৰালেই হ’ল৷ মেণ্টল জ্বলোৱা, পাম দিয়া, ফ্লাছ কৰা আদি তাৰ একচেতিয়া দায়িত্ব৷ আন কাৰো হস্তক্ষেপ সি সহস্য নকৰে৷ নামঘৰৰ ভিতৰত অতিৰিক্ত এটা, খোৱা ঘৰত এটা আৰু মূল বাটচ’ৰাত এটা মেণ্টল সি ওৰে ৰাতি জ্বলাই ৰখাৰ পণ লৈছে৷ দুপেকেট মেণ্টল সি আগতীয়াকৈ যোগাৰ কৰি থৈছে৷

ভাগৱত পাঠৰ যোগেদি যিসকলৰ জীৱন ধন্য হৈছে বুলি ভাবিছে তাৰ ভিতৰত ৰত্নৰ নাম পহিলা আহিব৷ কাৰণ এই দুদিন এৰাতি তাৰ মাইকটোৰ যোগেদি বৈকুণ্ঠৰ পৰম অমৃত ভাগৱত ৰাইজৰ শ্ৰৱণ হ’ব৷ তাৰ জন্ম সাৰ্থক, তাৰ মাইকটোৰ জন্মও সাৰ্থক৷ ইমান দিনে মাইকটোৰ গাঁৱৰ বিয়া-বাৰুতহে বাজিছিল৷ কোনো কোনো চকু চৰহাই সেইটোক ম’হৰ শিঙৰ পেঁপা বুলিও হাঁহিছিল৷ তথাপি এটা মাইকৰ গৰাকী হিচাপে সি নিজক সুখী বুলি ভাবে৷ ৰত্ন আৰু ডাঙৰ পুতেক নৰোত্তমে পাল পাতি চৌবিছ ঘণ্টা মাইকৰ যত্ন লৈছে৷

আপ্যায়নত ক’লাই মহাজনে কোনো ক্ৰুটি ৰখা নাই৷ সপ্তাহৰ আগৰ পৰা মহাজনৰ পাকঘৰ ভকত-ভকতনীৰ বাবে মুকলি হ’ল৷ পকা মিঠৈ, চিৰা, মুড়ি, বিধে বিধে পিঠা-পনাৰ যোগাৰ হ’ল৷ কোমল চাউল, ভাপত দিয়া বৰা চাউল যোগাৰ কৰা হ’ল৷ গাখীৰ, গুড় সেই অনুসৰি৷ দুদিন দুৰাতি ভকতক আপ্যায়ন কৰিলে ক’লাই শইকীয়া আৰু ভালীৰাম শইকীয়াই৷ পাল পাতি আয়তীসকলে ভকতসকলক খুওৱাৰ দায়িত্ব ল’লে৷

শেষৰ দিনা ৰাতি ‘সীতাহৰণ বালীবধ’ ভাওনা৷ পৰমসিদ্ধই নিজৰ খেলৰ ডেকা ল’ৰাবোৰক বান্ধি ৰাখিবৰ নোৱাৰিলে৷ ভোগায়ে ভীমৰ ভাওটো পায়েই প্ৰথমে শ’লমাৰি ভাঙিলে৷ তাৰ পিছত সূত্ৰধাৰ হিচাপে মুকুতাই৷ শেষলৈ কাকো ধৰিবলৈ বাট নাথাকিল৷ ল’ৰাহঁত গ’ল যেতিয়া আমি বুঢ়াকেইটানো কেলেই ৰওঁ বুলি পৰমসিদ্ধৰ খেলৰ আটাইকেইঘৰে বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰভাগি শ্ৰৱণৰ পুণ্যৰ ভাগ ল’লেগৈ৷ আঢ়ৈ টকাকৈ চান্দাও আগবঢ়ালে৷ নৰহৰি পৰমসিদ্ধ নামাচাৰ্য যেন উপাধিবিহীন হৈ হৈ সৰুতে গৰু চৰাওঁতে লগৰীয়াহঁতে মতা ‘নৰে’লৈ নামিল৷ তিকিৰাই নামতী টংকেশ্বৰ নেওগ নামাচাৰ্য হৈ বছা গাঁৱৰ আকাশত জিলিকি উঠিল৷ 

(আগলৈ)

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 16, 2025
Close Search Window
Close