Written by 5:36 am Poems

জলজ

 জ্যোতিনীলিমা গগৈ
দ পুখুৰীৰ পাৰত ঔ ফুলিছিল

ন পানীৰ ধাৰত ঠেও ধৰি জলকা লাগিছিল
এশৰীৰ সপোন

যখিনীয়ে ৰন্ধা বেলা
তেনেই ৰিঙা ৰিঙা
বতাহত ভিক্ষু এজন হেৰাইছিল
নিষিদ্ধ দেশৰ বাতৰি লৈ

ঢেঁকীঘৰৰ গুমগুমনি বনকুঁৱৰীৰ বুকুত
চিৰাচিৰ ভাবনাৰ বঁকিয়াত
চিতভোলোঙা দি পৰি আছিল কালিদাস  

ঘাটৰ পুৰণি সাধুৰ পৰা
সাঁকো এডালি উঠি আহি
আফুলন বেলিলৈ চিপিয়াইছিল
স্বপ্ন-স্মৃতিৰে খুন্দ খাই থকা
শলিতা জ্বালি
তেতিয়াও টিপচাকি এটি উজাগৰে আছিল

এই জলজ বলয় ভেদি
দুটি পথিকে কেনা লগা বাটত আওঁৰাইছিল –
জীৱন এখনি চিলা
ৰঙীন অথচ জঁটীয়া
সোঁতৰ বিপৰীতে আঙুলিত অনিশ্চয়তাৰ খেলা …

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 16, 2025
Close Search Window
Close