Written by 5:05 am Articles

ইলেকট্রিচিয়ান (Electrician)

 ড° বুলজিৎ বুঢ়াগোহাঁই

বৰ্তমান যুগত ইলেকট্রিচিয়ান (Electrician) এটা আকৰ্ষণীয় কেৰিয়াৰ৷ এজন ইলেকট্রিচিয়ান হোৱাৰ বাবে ইলেকট্রিচিয়ানৰ পাঠ্যক্রম পঢ়িবই লাগিব বুলি কোনো ধৰাবন্ধা কথা নাই, এজন সুদক্ষ ইলেকট্রিচিয়ানৰ ওচৰত প্রশিক্ষণ গ্রহণ কৰিও এজন ইলেকট্রিচিয়ান হ’ব পাৰি৷ কিন্তু এজন সুদক্ষ ইলেকট্রিচিয়ান হ’বৰ বাবে ইলেকট্রিচিয়ানৰ পাঠ্যক্রম অধ্যয়ন কৰা আৱশ্যকতা আছে৷ তাৰ উপৰি কোনো উদ্যোগ তথা প্রতিষ্ঠানত নিয়োগ লাভ কৰিবৰ বাবে ইলেকট্রিচিয়ান পাঠ্যক্রম গ্রহণ কৰাৰ প্রমাণ পত্রও প্ৰয়োজনীয়। 

ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই. টি. আই.-ত ইলেকট্রিচিয়ান পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে৷ এই পাঠ্যক্রম দুবছৰীয়া৷ ইলেকট্রিচিয়ান পাঠ্যক্রম অধ্যয়ন বাবে ছাত্র-ছাত্রীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত  গণিত আৰু বিজ্ঞান বিষয়সহ উত্তীৰ্ণ হ’ব লাগে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নম্বৰৰ ভিত্তিত পোনপটীয়াকৈ নামভৰ্তিৰ সুবিধা আছে৷ সাধাৰণতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা পাছত এই পাঠ্যক্রমত নামভৰ্তিৰ বাবে বিজ্ঞাপন প্রকাশ হয়৷  আই. টি. আই.-ত নামভৰ্তিৰ বাবে আৱেদন অনলাইন মাধ্যমত কৰিব লাগে৷ ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল— www.itiassam.nic.in।  আৱেদন কৰোঁতে এটা ই-মেইল আই. ডি. আৱশ্যক হয়৷ গতিকে, প্রাৰ্থীসকলে এটা ই-মেইল আই. ডি. খোলা প্রয়োজন। এই পাঠ্যক্রমত নামভৰ্তিৰ হোৱা বৰ্ষৰ ১ আগষ্টত প্রাৰ্থীৰ বয়স ১৪ বছৰৰ কম হ’ব নালাগে৷

ইলেকট্রিচিয়ান পাঠ্যক্রম অধ্যয়ন কৰিব পৰা অসম চৰকাৰৰ অধীনৰ কেইখনমান ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান হ’ল— যোৰহাট, তেজপুৰ, তিনিচুকীয়া, ধনশিৰি, নগাঁও, বৰপেটা, নলবাৰী, বঙাইগাঁও, গুৱাহাটী, গোৱালপাৰা, গড়গাঁও, ভেৰগাঁও, মৰিগাঁও, শ্রীকোণা, হাইলাকান্দি, দক্ষিণ শালমাৰা, মাজুলী আদি।

National Council for Vocational Training (NCVT)-ৰ অধীনত ইলেকট্রিচিয়ান পাঠ্যক্রমত উত্তীৰ্ণ প্ৰাৰ্থীসকলক এনচিভিটি (NCVT) প্ৰমাণপত্ৰ প্রদান কৰে আৰু State Council for Vocational Training (SCVT)-ৰ অধীনত ইলেকট্রিচিয়ান পাঠ্যক্রমত উত্তীৰ্ণ প্ৰাৰ্থীসকলক এছ. চি. ভি. টি. (SCVT) প্ৰমাণপত্ৰ প্রদান কৰে৷ ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানৰ পৰা ইলেকট্রিচিয়ানৰ প্রশিক্ষণ গ্রহণ কৰিলে সেই প্রতিষ্ঠানখন National Council for Vocational Training (NCVT) বা State Council for Vocational Training (SCVT)-ৰ স্বীকৃতিপ্রাপ্ত হ’ব লাগে। গতিকে পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ পূৰ্বে শিক্ষণ প্ৰতিষ্ঠানটোৰ মর্যাদাৰ সবিশেষ জানি ল’লে ভাল হয়৷ সবিশেষ তথ্য জানিবৰ বাবে www.itiassam.nic.in ৱেবছাইটত চাব পাৰে৷

কেৰিয়াৰ পৰামৰ্শদাতা তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০)-ত যোগাযোগ কৰিব পাৰে৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 16, 2025
Close Search Window
Close