Written by 8:53 pm Poems

সন্ধান

আকাশ দীপ্ত ঠাকুৰ

গাৰুত পৰি থকা চাদৰখনকে আঁকোৱালি লৈ শুই থাকোঁতে

অকণমানি শৰীৰটোলৈ সন্তৰ্পণে বগুৱা বাইছিল সেই গোন্ধটো

‘মা মা গোন্ধাইছে চাদৰখন

গাৰুটো, বিছনাখন, গোটেই ঘৰটো’

উমান পোৱা নাছিলোঁ

গাখীৰ খোৱা দাঁতবোৰে গজালি মেলিছিল যেতিয়া

বিছনাখন মা মা গোন্ধাইছিল

চাদৰৰ আঁচলত মুখ মচোঁতে

গোন্ধটোৱে আলসুৱা কলিজাত খোপনি পুতিছিল

সপোন এটা সাবটি শুই পৰা বিছনাখন সময়ে সময়ে আখলৰ মজিয়ালৈও উজাইছিল

জুহালৰ জুয়ে পোৰা মুখখনত মুখ লগাই মজিয়ালৈ চোঁচৰোঁতে

পিঠিখনেই সময়ে সময়ে শেতেলি হৈ পৰোঁতে

ঢেঁকীটোৰ নেজত বহি নেওতা আওৰাওঁতে

গোন্ধ এটাই তেতিয়াও পিয়াপি দি ফুৰিছিল

চোতালৰ তিতা কাপোৰ শুকান কাপোৰক অমূৰি কৰি থকা বা-ছাটিত আছিল সেই সুগন্ধি

প্ৰসাধন কি আছিল!

ভাতমুঠি নিজে খাব পৰা হওঁতেও তপত ধোঁৱাই বিলাইছিল সেই সুগন্ধি

বিলাসী আহাৰৰ বদ হজমী দূৰ কৰিবলৈ চহৰৰপৰা গাঁৱলৈ বাট বোলোঁতে

নঙলামুখতে আছিল সেই সুগন্ধি

আই চি য়ু-ৰ কোঠালিৰপৰা গোন্ধটোৱে চিতালৈ বাট পোনাওঁতে

কলিজাটো আঁজুৰি আঁজুৰি খান্দিছিলোঁ

ক’ত হেৰাল মোৰ কস্তুৰী মৃগ

আলমাৰিৰ কাপোৰৰ জাপে জাপে পিয়াপি দি ফুৰিলোঁ

ঢেঁকীশাল আখল বৰঘৰ চোতাল

বখলিয়াই পেলালোঁ মোৰ শৰীৰ

মা মা গোন্ধাইছে মোৰ তেজবোৰ

মোৰ কলিজাটো

মোৰ আত্মা…

…   

ঠিকনা :

সহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ

জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট-১

ভ্ৰাম্যভাষ – ৮৬৩৮১৬৭৬৩০, ৯৭০৬২০৫০৭১

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close