ৰমানন্দন বৰা
(যোৱা সংখ্যাৰ পিছৰ পৰা)
(আঠ)
ভোগদৈৰ ৰঙা পলসুৱা মাটিৰ পৰা গৈ বেণু-পাহিতাই ব্ৰহ্মপুত্ৰৰ বগা বালিয়া মাটিত নিজৰ খোপনি পুতিবলৈ সাধনা কৰিছে৷ জেঠায়েক-জেঠপেহাকে সিহঁতৰ ওপৰত যি আশিস বৰষিছে, সিহঁতৰ ওপৰত যিমান বিশ্বাস ৰাখি মাটি-বাৰী দি সংস্থাপন কৰিছে, তাৰ ধাৰ সুজিবলৈ সিহঁতে কেবাটাও জনম ল’ব লাগিব৷ ইহ জনমত মাথোন এটাই ইচ্ছা, এই দান যাতে অপাত্ৰত দিয়া হ’ল বুলি জেঠপেহাকৰ মনলৈ এখন্তেকলৈও ভাব নাহে ৷ তাৰ বাবে সিহঁতে হাতে কামে দহা উবুৰিয়াই খাটিছে৷ ভগৱন্তৰ ওচৰতো তাকেই প্ৰাৰ্থনা কৰিছে৷
সিহঁতক আশ্ৰয় দিয়াৰ পাছদিনাই বেণুক লগত লৈ সিহঁতক দিয়া মাটিডোখৰ চিনাই দি নিজ হাতে ভলুকা বাঁহৰ গোঁজ মাৰিছিল৷ “এতিয়াই ঘৰ সজা কাম আৰম্ভ কৰিব নালাগে৷ বাৰিষাটো শেষ হওক৷ খেৰবোৰ কাটিব পৰা হওক৷ বাৰিষা চলি থাকোতেই গছ-বন দুই এডাল ৰুই থোৱাঁ৷ খৰালি মাটি বৰকৈ শুকায়৷ বালি মাটি৷ পানী বেছিকাল ধৰি ৰাখিব নোৱাৰে৷”
মাটিখিনি দেখিয়েই বেণুৱে কথাটো বুজিছিল৷ ভোগদৈপৰীয়া বোকাত ভৰি কলাফুললৈকে সোমাই যায়৷ ঘঁহি পিহি ধুলেও পলসৰ এঠা নেৰায়৷ বকুল চাপৰিত বোকা ভৰিত লাগি নধৰে৷ অকণমান লাগিলেও পানীৰ চাৎ পৰিলেই আতঁৰে৷ প্ৰথমেই তাৰ চকুত ধৰা পৰা এই পাৰ্থক্যৰ কাৰণে সি বুজি উঠিল যে ভোগদৈ পাৰৰ খেতি আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ খেতি বেলেগ৷ ইয়াত ধানৰ গোছাবোৰ বৰ ঘন৷ পোখা বৰ বেছিকৈ নেমেলে। ভোগদৈপাৰত ইমান ঘনকৈ ৰুলে ধান দাবলৈ নাপাব, পাত জ্বলি শেষ হ’ব৷
তাৰ মনটো ভোগদৈ পাৰৰ পথাৰলৈ উৰি গ’ল৷ কি মায়া আছে সেই পথাৰখনৰ! জাক জাক বগলীৰ আগে আগে হাল বাই যাওঁতে সি যি সুখ পায়, সেই সুখৰ কথা আনক বুজাব নোৱাৰি৷ সেউজীয়া ধাননিৰ ওপৰেদি ভোগদৈৰ পৰা বৈ অহা বতাহে ধেমালি খেলে৷ জাক জাক ৰোৱণী-দাৱনীৰ মাজত হাঁহি-খিকিন্দালি… সেইবোৰ সি ইয়াত পাবনে? বকুল চাপৰিত সি নিজৰ কৰ্মদক্ষতাৰ প্ৰমাণ দিব পাৰিবনে? সি ভোগদৈপৰীয়া নাছিল, ভাগ্যইহে তাক তাত থাপিছিলহি কেইদিন মানৰ কাৰণে৷ এতিয়া ভাগ্যৰ ফেৰত সি চাপৰিয়াল হ’লহি৷ বকুল চাপৰি তাৰ স্থায়ী ঠিকনা হ’বনে? সি ভাল পাব পাৰিবনে এই মাটি? সি এই মাটিৰ মান ৰাখিব পাৰিবনে? সি মাটিৰ মান ৰাখি আহিছে৷ মাটিক সম্পূৰ্ণ সম্ভাৱনাৰে ফুলাই তুলি সি মাটিকে পূজা কৰি আহিছে৷ বকুল চাপৰিত সি এডোখৰ মাটি পাইছে৷ তাতকৈ সৌভাগ্য আৰু কি হ’ব পাৰে৷ এপুৰা মাটি মুখৰ কথাতে পাইছে সি৷ এইকণ মাটি সি তাৰ গোটেই জীৱনটোতে ঘটিব নোৱাৰিলেহেঁতেন৷ ইয়াত ভোগদৈ নাই, ব্ৰহ্মপুত্ৰ আছে৷ সি ব্ৰহ্মপুত্ৰক নিজৰ কৰি ল’ব৷ সি বকুল চাপৰিৰ মাটিৰ মান ৰাখিব৷
পাহিতাৰ জেঠপেহাক, বেণুৰ শহুৰেক আজি তাৰ বাবে আদৰ্শ৷ এখন বাৰী কেনেকৈ পাতিব লাগে তেওঁতকৈ ভালকৈ কোনে জানে? তেওঁৰ নিজৰ বাৰীখনত নথকা বস্তু নাই৷ সকলো আছে ভাগে ভাগে আছে৷ পৰিপাটিকৈ আছে৷ ক’তো খেলিমেলি নাই৷ দীঘল পদূলিটোৰে সোমাই আহোঁতে সোঁফালে টেঙাবাৰী, বাওঁফালে পাচলিৰ হেন্দালি৷ পদূলি মুখতে দুজোপা ভৰুণ নাৰিকল৷ বাটটোৰ দুফালে দুশাৰীকৈ দীঘলীয়া ফুল, দুটীয়া মোৰৰ চিকুণ জেওৰাৰে বেঢ়ি থোৱা আছে৷ বিশাল চাফা মিহি চোতালত ভৰি দিয়েই সোঁফালে যুৰীয়া ভঁৰাল৷ দুয়োটাই গুটিধানৰ৷ বাওঁফালে উত্তৰে গৰু গোহালি তাৰ কাষত খেৰ ঘৰ৷ তাৰ সিপাৰৰ পৰাই আৰম্ভ হৈছে ফলমূলৰ বাগিচা৷ ঘৰৰ পিছফালে হাঁহ-কুকুৰাৰ গঁৰাল, তাৰ লগ লাগি তামোলনি বাৰী, তাৰ লগা লগি পুখুৰী, তিনিটা ভাগ- হাঁহ চৰা, মাছ পোহা, পানী খোৱা৷ নৰসিংহ, মহানিম, মানধনিয়া, জলকীয়া কেইজোপামান চুৱাপাতনিৰ দুয়োফালে আছে৷ বাৰীখনৰ ক’তো পানী নৰয়৷ বাৰীখনৰ দক্ষিণ পশ্চিম চুকত তিনি জোপা বাঁহ৷ আচল বাঁহনি-কাঠনি অলপ দূৰৈত৷ এইটো গততে সিও বাৰী এখন পাতিব- বেণুৱে ভাবিলে৷
আহল-বহল বাৰী আৰু পনিয়লী বেৰ দি ইটাৰ খুঁটাৰে এটা মজবুত ঘৰত জেঠায়েক বৰ সুখেৰে আছে৷ পাহিতাই ভাবে৷ জাতি-অজাতি কি কথা আছিল৷ সিহঁতৰ ঘৰখনে কিয় বাৰু নামানিলে জেঠায়েকৰ বিয়াৰ প্ৰস্তাৱ৷ মানুহজনী কাজী, মৰমীয়াল কিন্তু স্বাধীনচিতীয়া৷ জেঠপেহাকৰ সৈতে সমানে কাম কৰে৷ পুৱাতে ঘৰ-চোতাল অঁটাই গা-পা ধুই সোণ জেঠায়েকে ৰান্ধনী ঘৰত সোমোৱাৰ আগেয়ে ঘৰৰ আটাইকে একোবাটিকৈ চাহ দিয়ে৷ চাহ খাই বাৰান্দাত বহি কাঠৰ মিহি টান টুকুৰা এটাত চোকা কটাৰী এখনেৰে ধঁপাত কুটে৷ কাঠৰ টুকুৰাটোৰ মাজ ডোখৰ যেনেকৈ দ’ হৈ ভিতৰলৈ সোমাই গৈছে কটাৰীখনৰো মাজডোখৰ ক্ষয় গৈছে৷ দোকানৰ পৰা কিনি অনা ‘পেপাৰ’ত কূটি লোৱা ধঁপাতখিনি পকাই চুৰট খায়, জেঠপেহাকো এটা দিয়ে৷ দিনটো তিনিটা সময়ত তেওঁ চুৰট খায়৷ ৰাতিপুৱা, দুপৰীয়া ভাত খোৱাৰ পাছত আৰু সন্ধিয়া৷ দুপৰীয়া আৰু সন্ধিয়া ঘৰলৈ অহা আন পুৰুষ আলহীয়েও চুৰট একোটা পায়৷ একেলগে হোপে৷ তাইৰ সোণ জেঠাই গাঁৱৰ প্ৰায় সমবয়সীয়া আন মানুহবিলাকৰ বাবে ‘সোণবাই’৷ তেওঁক সকলোৱে সমীহ কৰে৷ মানুহগৰাকীয়ে কোনোবা দিনা কাৰোবাক টানকৈ অথবা বেয়াকৈ কৈছে বুলি মনে নধৰে৷ সোণ জেঠাইৰ হাতত জমা টকা থাকে৷ ঘৰখনৰ গৰু-ছাগলী, হাঁহ-পাৰ বেচা-কিনাৰ কৰ্তৃত্ব তেওঁৰ হাতত৷ গাঁৱৰ ওচৰ-চুবুৰীয়া কাৰোবাৰ কেতিয়াবা নগদ টকাৰ প্ৰয়োজন হ’লেই, সোণবাইৰ ওচৰত হাত পাতেহি৷ কেতিয়াও কোনো বিমুখ হ’ব লগা নহয়৷ পাহিতাই ভাবিলে, ভায়েকহঁতৰ দৰে জেঠায়ো আত্মনিৰ্ভৰশীল, স্বাধীনমনা৷
জেঠায়েকৰ ম’হ আৰু গৰুৰ দুটা পাল ঘৰৰ পৰা এক ফাৰ্লংমান দূৰত খুঁটিত থাকে৷ ডাঙৰ পুতেক মহেন আৰু তলৰ ল’ৰা নৰেনে চোৱাচিতা কৰে৷ প্ৰতিদিনে নগৰলৈ গাখীৰ চালান দিয়ে৷ বিহাৰৰ সীতাপুৰ জিলাৰ দেচোৱালি কেইটামানে তাৰ গাখীৰ টানে৷ সৰু মাজু বলেন আৰু সৰু পুতেক বীৰেনক এতিয়াও বিশেষ দায়িত্ব গতাই দিয়া নাই৷ সিহঁতে দেউতাকৰ লগত খেতি চম্ভালে৷ ভৰ খেতিৰ বতৰত মহেন আৰু নৰেনেও খেতিত লাগেহি, তথাপি সিহঁতৰ মূল কাম খুঁটি চোৱাচিতা কৰা৷
বকুল চাপৰিত মানুহে মাটি ভাঙি লোৱা বেছি দিন হোৱা নাই৷ খুব বেছি ত্ৰিছ বছৰ হৈছে৷ বোপাৰাম বিষয়া, লবো দাস, কেৰপাই শইকীয়া আদিয়েই তালৈ প্ৰথম মাটি ভাঙিবলৈ অহা মানুহ৷ তাৰো আগতে অৱশ্যে চাপৰিটোৰ একেবাৰে পূবফালে চাৰিঘৰ বিহাৰী আৰু ছঘৰ নেপালী মানুহ আছিল৷ এওঁলোক আছিল কঁকিলামুখ জাহাজঘাটৰ খালাচী৷ এদিন ব্ৰহ্মপুত্ৰৰ বুকুৰে জাহাজৰ চলাচল বন্ধ হ’ল৷ বিষয়া কৰ্মচাৰী, অফিচ উঠি গ’ল৷ আঁতৰি নগ’ল এই পৰিয়ালকেইটা৷ জাহাজ ঘাট এৰি সিহঁতে বকুল চাপৰিতে থাকিবলৈ ল’লে৷ গৰু পোহা, মাছ মৰাত বেছি গুৰুত্ব দিয়া নেপালী আৰু বিহাৰী কেইঘৰে খাবৰ জোখাৰে ধান আৰু গোমধানৰ খেতি কৰিছিল৷ দুডৰামান কুঁহিয়াৰ খেতিও আছে৷ বেছিকৈ মাটি ভাঙিবলৈ সিহঁতৰ বৰ মন নাই৷
বোপাৰামহঁতৰ দলটোৱে প্ৰচুৰ মাটি ভাঙিলে৷ ব্ৰহ্মপুত্ৰই পোতা চাপৰি- নল, বিৰিণা, ইকৰা, খাগৰি, মজৰা, উলু, শণ খেৰ, বগৰী, শিমলু, ৰঘু, জৰী, আহঁত আদিৰে গেজেপনি মাৰি থকা বিশাল একো একোখণ্ড তেওঁলোকে নিজৰ বুলি ঘোষণা কৰিছিল আৰু ভুলুকা বাঁহৰ ডাঙৰ গোজেৰে ঢাপ মাৰিছিল৷ তাৰে একোটা অংশ এতিয়াও ভঙা হোৱা নাই৷ বোপাৰাম বিষয়াৰ তেনেকৈ বহুপুৰা মাটি পৰি আছে৷ চাপৰিটোক উত্তৰা-দক্ষিণাকৈ দুভাগ কৰা ডাঙৰ খাৱৈটোৰ পশ্চিম ফালৰ মাটিখিনিত এতিয়াও কাৰো দখল নাই৷ তাৰ দুটা কাৰণ- প্ৰথম, মাটিখিনি উজনিতকৈ অলপ দ, অলপতে নৈৰ পানী সোমায়৷ দ্বিতীয়তে, বকুল চাপৰিৰ মানুহ কেইঘৰৰ বাবে এতিয়ালৈকে ভাঙি লোৱা মাটিয়েই যথেষ্ট ৷ আৰু বেছি নালাগে৷ লাগিলেও শক্তিয়ে নাটে৷ মুখ বেছিকৈ মেলিলে কোৱাৰিহে ফাটে৷
নিজৰ দখলত ৰাখি থোৱা অথচ এতিয়াও ভাঙিব নোৱাৰা মাটিখিনিকে বেণুক ভাঙি ল’বলৈ বোপাৰাম বিষয়াই কৈছে, “মইনা, এইখিনিৰ পৰা সৌ যে বাঁহ কেইজোপা দেখিছা তালৈকে আমাৰ মাটি৷” বেণুৱে দেখিলে প্ৰায় এক ফাৰ্লংমান দূৰৈত এজোপা এজোপাকৈ চাৰি জোপা বাঁহ৷ ‘‘ইমান মাটি৷’’ তাৰ মুখৰ পৰা ওলাই আহিল৷ “ৰাখি থৈছোঁ৷ কোনোবা দিনা কামত আহিব৷ বাঁহৰ মূঢ়া একোটা পুতি চিন দিছিলোঁ৷ এতিয়া বাঁহ একোজোপাই হ’লগৈ৷”
তেওঁৰ মুখত প্ৰসন্নতা আৰু গৌৰৱৰ পোহৰ এছাটিয়ে খেলাই গ’ল৷ নিজৰ কষ্টৰ মূল্যায়ন কৰিবলৈ তেওঁ সুযোগ পাইছে৷ বেণুক তেওঁ বকুল চাপৰিত এজন ভাল উত্তৰাধিকাৰ হিচাপে আদৰণি জনাইছে৷ কৰি খোৱা ল’ৰা৷ এদিন নহয় এদিন জিলিকি উঠিব৷ এলাইবাদু হোৱা হ’লে বেণুৱে তেওঁৰ প্ৰশ্ৰয় নাপালেহেঁতেন৷ “মোৰ জীৱনত এইখিনি মাটিত খেতি কৰি খাব নোৱাৰিম৷ এতিয়াৰখিনি চম্ভলাই টান৷ তুমি যিমান পাৰাঁ মুকলি কৰাঁ, নিজে খেতি লগোৱাঁ৷ মোৰ ইচ্ছা আছিল এখন ইচ্কুল পাতিম৷ নহ’লে মোৰ ইমান খক্ নাই৷ কিন্তু বকুল চাপৰিত বিৰিণা, খাগৰিৰ মাজত কোন পঢ়া-শুনা কৰা ল’ৰাই আহি ইচ্কুল পাতিব৷ পাতিলেও বেলেগ মাটি চিন্তা কৰিম৷”
মনৰ গোপন ইচ্ছা এটা আজি বেণুৰ আগত ওলাই পৰাত তেওঁ অলপ অসহজ হ’ল৷ সঁচা কথা বকুল চাপৰিত এতিয়াও শিক্ষাৰ পোহৰ পৰা নাই৷ তেওঁ নিজে মাইনৰ পাছ কৰি ইয়ালৈ আহিছিল৷ নিজৰ ল’ৰা চাৰিটা ইয়াৰ পৰা দুমাইল দূৰৈৰ কঁকিলা ঘাটৰ এম. ই-ত পঢ়ুৱালে৷ কিন্তু সিমানতে শেষ৷ সৰু ল’ৰাকেইটা ঝাউবন, খাগৰিৰ মাজে মাজে ইচ্কুললৈ অহা-যোৱা কৰিবলৈ এৰি দিবলৈকে ভয়৷ বাঘ-ঘোং, সাপ-নেউলৰ কত ভয়৷ তথাপি তেওঁ আৰু সোণে সিহঁতক ইচ্কুললৈ পঠিয়ালে৷ বেছিকৈ পঢ়িবলৈ নগৰলৈ পঠোৱাৰ কথা ভাবিবই নোৱাৰি৷ আজি বেণুক সেইখিনি মাটিকে তেওঁ শোধাই দিছে৷ ইচ্কুল পতাৰ কথা-বতৰা ওলালে, কিবা আশা দেখিলে বৰ খাৱৈৰ ওচৰতে দুই তিনি পুৰা মাটি উলিয়াব পৰা হ’ব৷ মাটি কাৰো নিজা সম্পত্তি নহয়৷ এনেয়ে পেলাই থ’বলৈ নহয়, মাটিৰ বুকু সেউজীয়া কৰি ঢাকি ৰাখিব যি পাৰিব, মাটি তেওঁৰে৷ অনাদৰত মাটি আবাদী কৰি ৰখাটো পাপ৷
(আগলৈ)
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা