ড° বুলজিৎ বুঢ়াগোহাঁই
ডেইৰি টেকন’লজি (Dairy Technology) পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত ডেইৰি টেকন’লজিৰ স্নাতক পাঠ্যক্রম (B. Tech / B.Sc. )-ত নাম ভৰ্তি কৰিব পাৰে। ডেইৰি টেকন’লজিত চাৰ্টিফিকেট, ডিপ্ল’মা, স্নাতকোত্তৰ (M.Tech/M.Sc.) আৰু পি. এইচ. ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে।
ডেইৰি টেকন’লজিৰ যোগেদি কেৰিয়াৰ গঢ়িব খোজাসকলৰ কিছুমান গুণ থকা দৰকাৰ, যেনে– বৈজ্ঞানিক মানসিকতা, পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্রতি সচেতনতা, কষ্টসহিষ্ণুতা, কৰ্তব্যপৰায়ণতা, অনুসন্ধিৎসু মন, নিষ্ঠা, দায়িত্ববোধ আদি।
‘ডেইৰি টেকন’লজি’ত শিক্ষা গ্রহণ কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল- আনন্দ কৃষি বিশ্ববিদ্যালয় (www.aau.in), ছেম হিগিনবটম কৃষি, প্ৰযুক্তি আৰু বিজ্ঞান বিশ্ববিদ্যালয় (https://shuats.org/), কেৰেলা ভেটেৰিনেৰি এণ্ড এনিমেল চাইঞ্চ য়ুনিভাৰ্চিটি (http://www.kvasu.ac.in), ডেইৰি চাইঞ্চ ইনষ্টিটিউট (http://dairy.maharashtra.gov.in), নেচনেল ডেইৰি ৰিচাৰ্চ ইনষ্টিটিউট (http://www.ndri.res.in), পশ্চিমবঙ্গ প্রাণী আৰু মীন বিজ্ঞান বিশ্ববিদ্যালয় (http://www.wbuafscl.ac.in), মহাৰাষ্ট্ৰ প্রাণী আৰু মীন বিজ্ঞান বিশ্ববিদ্যালয় (http://www.mafsu.in) আদি।
ৰাষ্ট্রীয় বৃত্তিমূলক আৰু গৱেষণা প্ৰশিক্ষণ পৰিষদে (http://ncvrtindia.org) ডেইৰি টেকন’লজিৰ বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰে। যেনে– তিনিমহীয়া চাৰ্টিফিকেট পাঠ্যক্রম ‘Dairy Farming For Rural Farmers (CAPDF)’ আৰু ইয়াৰ বাবে শিক্ষাগত অৰ্হতা অষ্টম শ্রেণী উত্তীৰ্ণ হ’ব লাগে। ছয়মহীয়া চাৰ্টিফিকেট পাঠ্যক্রম ‘Dairy Farm Assistant’ আৰু ইয়াৰ বাবে শিক্ষাগত অৰ্হতা অষ্টম শ্রেণী উত্তীৰ্ণ হ’ব লাগে। ছয়মহীয়া চাৰ্টিফিকেট পাঠ্যক্রম ‘Dairy Products Making’ আৰু ইয়াৰ বাবে শিক্ষাগত অৰ্হতা অষ্টম শ্রেণী উত্তীৰ্ণ হ’ব লাগে। এবছৰীয়া চাৰ্টিফিকেট পাঠ্যক্রম Dairy Science and Technology’ আৰু ইয়াৰ বাবে শিক্ষাগত অৰ্হতা দশম শ্রেণী উত্তীৰ্ণ হ’ব লাগে। দুবছৰীয়া ডিপ্ল’মা পাঠ্যক্রম ‘Dairy Science and Technology’ আৰু ‘Dairy Technology’ আৰু এই দুইটা পাঠ্যক্রমৰ বাবে শিক্ষাগত অৰ্হতা দশম শ্রেণী উত্তীৰ্ণ হ’ব লাগে। এই শিক্ষানুষ্ঠানবোৰত ডেইৰি টেকন’লজি (Dairy Technology)-ৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তিৰ বাবে প্রয়োজন হোৱা শিক্ষাগত অৰ্হতা শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয়। সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱে’বছাইটত চাব পাৰে।
ডেইৰি টেকন’লজিৰ বিভিন্ন ডিপ্ল’মা আৰু ডিগ্রী লাভ কৰাসকলে চৰকাৰী আৰু বেচৰকাৰী বিভিন্ন খণ্ড, যেনে- দুগ্ধ প্রকল্প, ক’অ’পাৰেটিভ, গ্ৰাম্য বেংক আদিত নিযুক্তি লাভ কৰিব পাৰে। নিযুক্তি লাভ কৰিব পৰা বিভিন্ন পদবোৰ হ’ল – ডেইৰি টেকন’ল’জিষ্ট (Dairy Technologist), ডেইৰি চাইণ্টিষ্ট (Dairy Scientist), ডেইৰি ছুপাৰভাইজৰ(Dairy Supervisor), ডেইৰি মেডিকেল অফিচাৰ (Dairy Medical Officer), ডেইৰি কনচাল্টেণ্ট (Dairy Consultant ) আদি । ইয়াৰ উপৰিও দুগ্ধ প্রকল্প তথা আইচক্রিম প্রকল্পৰ যোগেদি স্ব-নিয়োজনৰ ব্যৱস্থা কৰিব পাৰে। মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপেও কেৰিয়াৰ আৰম্ভ কৰিব পাৰে।
ডেইৰি টেকন’লজিৰ শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি নিযুক্তি দিয়া কেইটামান দুগ্ধ উৎপাদনকাৰী উদ্যোগ হ’ল- আমুল (http://www.amul.com), কমপফেড (http://www.sudha.coop), হেইনজ (http://www.heinz.co.in), মাডাৰ ডেইৰি (http://www.motherdairy.com), নেচলে (https://www.nestle.in) আদি।
ঠিকনা :
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়
ভ্ৰাম্যভাষ : ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
বি.দ্র.: কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে ।
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা