অত্ৰেয়ী গোস্বামী
জীৱনটো ভগাওঁতে দুফাল হ’ল
নিজৰ ভাগত পৰিল আধা৷
চকুত পোহৰ পৰিল
কপালত বহিল সৰলৰেখা৷
এন্ধাৰতো সঠিক হিচাপ
ক’ত কেই গজ কিমান আধা!
দুটা অৰ্ধবৃত্ত লগ হ’ল
গপচ হৈ বহিল এটা বৃত্ত
তাতো আধা ছায়া, আধা মায়া
ইমান টনা-আঁজোৰা!
হৈ চৈ লাগিল
তাতো আধা হাঁহি, আধা কান্দোন
চাৰিআলিতে কোনোবাই থৈ গ’ল এটা
মেটুৰামেটুৰি চচপেন৷
হেতা-ওপৰা লাগিল
কোনে কি পালে কোনেও নাজানিলে
আধা অমৃত, আধা বিহ
যেনেকৈ যি পালে তাকে গিলিলে
আধৰুৱা উশাহত
আধাটোপাল পানী সকলোৱে পালে৷
পিয়াহ আধা
ভোক আধা
ভোগ শূন্য৷
ঠিকনা :
বিবিজান, তিতাবৰ
যোৰহাট- ৭৮৫৬৩০
ফোন : ৯১০১৫৩৫৭৭৩
Visited 2 times, 1 visit(s) today
Last modified: May 15, 2025