Written by 8:24 pm Poems

মই ফিনিক্স পখী বিচাৰি পালোঁ

পাৰ্থ প্ৰতিম ৰাজকোঁৱৰ

Ah women, i do not know how you could contain me

in the earth of your soul, in the cross of your arms

                                           – Pablo Neruda

মই মোক বিচাৰি একাকাৰ কৰিছিলোঁ 

নামঘৰৰ ছাঁ

নিৰ্জন পথাৰ 

আৰু কেকটাছৰ বাগিচা :

বনৰীয়া চৰায়ে সুহুৰিয়াই যোৱা বাট আৰু 

বাটৰ শেষত পোৱা জতুগৃহৰ শেহৰটো কোঠাও :

মই জনা নাছিলোঁ মই মোক ক’ত হেৰুৱাইছিলোঁ!

ৰ’দে উৰুৱাই নিয়া এটা আবেলি মই হেৰাই গৈছিলোঁ  

নে মই মোক এটি ব্যাধিৰ হাতত এৰি দিছিলোঁ 

জুই ছাই ধোঁৱা হ’বলৈ

বুজা নাছিলোঁ;

নুবুজাকৈয়ে

মই বিচাৰিছিলোঁ মোৰ ঠিকনা। সেমেকা পিছল বাটত পৰি কঁপিছিল মোৰ আন্ধাৰ চেতনা। 

আইজনী, 

বেদনা-বিধ্বস্ত -বিপৰ্যস্ত স্মৃতি লৈ এনেকৈ 

কিমান দিন ওলমি আছিলোঁ কি ঠিক

কত মুহূৰ্তৰ প্ৰাৰ্থনা হেৰাই গৈছিল অনুৰ্বৰ অতনু সোঁতত

তোমাৰ নিস্তৰংগ চাৱনিৰ অপূৰ্ব আকুল এটি ক্ষণত।

মই মোক বিচাৰি আছিলোঁ 

মই মোক পোৱা নাছিলোঁ 

আইজনী

মই দেখা নাছিলোঁ ছায়াঘন বনৰীয়া বিমৰ্ষ ছাঁৰ মাজতো

দুখনি শেঁতা জীৰ্ণ বুকুৰ অভেদ্য বান্ধোন।

মই মোক অবাবতে বিচাৰি ফুৰিছিলোঁ ।

  —

ঠিকনা :

লাকুৱা৷

rajkumar.partha@gmail.com

7002171812

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close