Written by 7:46 pm Poems

পাহৰণি-সোঁৱৰণিৰ বৰ্ণমালা

গীতাঞ্জলি বৰকটকী

কেঁচা খৰিৰ গোন্ধ উজাই অহা ৰাতি

দুচকুত দোৰোণফুলীয়া হাঁহি

পঢ়া টেবুলৰ পৰা জুহাললৈ তাঁতবাতি

কঠিন অংকত উজুটি খাই পৰে টোপনি

জুহালৰ কাষত ককা-আইতাৰ 

সাধুকথাত আছিল বহু অজানা কাহিনী

ফুল হৈ যোৱা ছোৱালীজনী

চৰাই হৈ দেউতাকৰ হাতত পৰি তামোল চোবোৱা শালিকীজনী

সাপে নুপুৰ পিন্ধোৱা ছোৱালীজনী 

কণমানিহঁতৰ টোপনিৰ ৰাজ্যত পানচৈয়ে

গীত জোৰে

যাদুকৰে দাঁত নিকটাই হাঁহে

উচপ খাই মাকৰ বুকুত মুখ গুজে

সাধুকথাৰ ফাঁকে ফাঁকে বুৰঞ্জীয়েও জুমি চায়

এদিন আইতাই কৈছিল ইথানহঁতৰ কথা 

হুকং-পাৰৰ পৰা কোনোবা এদিনা  

পাংচাউৰ চূড়া বগাই

আগুৱাই আহিছিল এমুঠি সৰলতাৰ গান

লংতাওত সেই গানে থমকি জিৰাইছিল

তাৰ পাছতে

সেই সৰলতা বগাই ফুৰিল

শদিয়া, দিচৈ, নামচিক, ইংথং  

সেই সৰলতা  মগ্ন আছিল বুদ্ধত 

গোম্পাত  বাজিছিল মন্ত্ৰধ্বনি

সাধুকথাত আছিল বহু উপদেশ

’সদায় সঁচা কথা কবা

মিছা কথাৰ ঠেং চুটি

সত্যৰ সদায় জয়’

চোতালত পাটি পাৰি জহৰ দিনত

সাধু শুনা সেই সেউজীয়া দিনবোৰ

কেনিবা গ’লগৈ

হাবি গুচি গাঁও হ’ল 

গাঁও গুচি নগৰ হ’ল

ফুলবাৰী নহ’ল। মানুহবোৰ

কেঁকোৰা হ’ল  চৰাই নহ’ল

আজো ককা_আইতাহঁতে ৰুই যোৱা

সেউজীয়াবোৰ নাইকিয়া হ’ল

ক্ৰংকিটৰ ভগ্নাৱশেষ মাজত

জীৱনবোৰ জীৱন যেন নলগা হ’ল

সাধুৰ দিনবোৰ হেৰাই গ’ল 

সোঁৱৰণি পাহৰণি হ’ল৷

ঠিকনা : নামৰূপ, অসম।

ফোন : ৮৬৩৮৫২২৩৮৫

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close