Written by 7:26 pm Articles

অন্যযুগৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান


যোৱা ১৩ ফেব্ৰুৱাৰিত যোৰহাট প্ৰেছক্লাবত ‘অন্যযুগ’ আলোচনীৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ লগতে ‘অন্যযুগ বক্তৃতা-২০২২’ আৰু ‘অন্যযুগ সাহিত্য সন্মান’ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ বিজ্ঞান আৰু সাহিত্য’ শীৰ্ষক এই বৰ্ষৰ ‘অন্যযুগ-বক্তৃতা’ প্ৰদান কৰে বিশিষ্ট সাহিত্যিক অভিজিত শৰ্মা বৰুৱাই৷ তেখেতে বিজ্ঞান, কল্পবিজ্ঞান, ফেণ্টাছী, সহজবোধ্য বৈজ্ঞানিক প্ৰবন্ধ আৰু বিজ্ঞান জনপ্ৰিয়কৰণত এইবোৰৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰে৷ সেই একেই অনুষ্ঠানৰ লগতে কভিডকালীন পৰিস্থিতিৰ বাবে স্থগিত ৰখা ‘অন্যযুগ সাহিত্য সন্মান-২০২০’ আৰু ‘অন্যযুগ সাহিত্য সন্মান-২০২১’ প্ৰদান অনুষ্ঠানো অনুষ্ঠিত হৈ যায়৷  ‘অন্যযুগ সাহিত্য সন্মান-২০২০’ প্ৰদান কৰা হয় বিশিষ্ট কবি, সমালোচক, অনুবাদক ড এম কামালুদ্দিন আহমেদক আৰু ‘অন্যযুগ সাহিত্য সন্মান-২০২১’ প্ৰদান কৰা হয় বিশিষ্ট গল্পকাৰ, নাট্যকাৰ শিবানন্দ কাকতিক৷ ‘অন্যযুগ’ৰ হৈ দুয়োজন সন্মান প্ৰাপককে এই সন্মান প্ৰদান কৰে ‘অন্যযুগ’ৰ প্ৰতিষ্ঠাপক সম্পাদক ড বসন্তকুমাৰ গোস্বামী আৰু উপদেষ্টা  ড পোনা মহন্তই৷ অনুষ্ঠানটোত বিশিষ্ট বিজ্ঞানী, শান্তিস্বৰূপ ভটনাগৰ বঁটাপ্ৰাপক ড বিনয় কুমাৰ শইকীয়াকো সম্বৰ্ধনা জনোৱা হয়৷ অন্যযুগ সাহিত্য সন্মান ২০২০ গ্ৰহণ কৰি কামালুদ্দিন আহমেদে কয় যে তেখেতে কবিতা লিখিবলৈ লৈছিল তুচ্ছ দৈনন্দিনতাৰ ধূলি-বালি দেহৰ পৰা মচি পেলাবলৈ৷ নাম-যশৰ কথা কেতিয়াও ভবা নাছিল৷ অন্যযুগে তেখেতক এই সন্মান প্ৰদান কৰাৰ বাবে তেখেতে উদ্যোক্তাসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷ আনজন সন্মানপ্ৰাপক শিবানন্দ কাকতিয়ে ‘অন্যযুগ সাহিত্য সন্মান-২০২১’ গ্ৰহণ কৰি তেখেতৰ ভাষণত কয় যে আলিবাট তেখেতৰ এটা প্ৰিয় শব্দ৷ পৃথিৱীৰ সকলো সলনি হয় বা সলনি হ’ব পাৰে, কিন্তু আলিবাটবোৰ সলনি নহয়৷ দুই এক মেৰামতি, আহল-বহল হোৱা, শিল আলকাটাৰা পৰা, পকী হোৱা – এইবোৰৰ বাহিৰে আলিবাটবোৰ মূলতঃ একেই থাকে৷ অন্যযুগে তেখেতক এই সন্মান প্ৰদান কৰাৰ বাবে তেখেতে উদ্যোক্তাসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷

‘অন্যযুগ’ৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ লগতে ‘অন্যযুগ বক্তৃতা-২০২২’ আৰু ‘অন্যযুগ সাহিত্য সন্মান’ প্ৰদান অনুষ্ঠানৰ কেইমান মুহূৰ্ত :

ভাষণৰত অৱস্থাত সম্পাদক ড০ মৃদুল শৰ্মা
বাওঁফালৰ পৰা ক্ৰমে অভিজিত শৰ্মা বৰুৱা, ‘অন্যযুগ’ৰ উপদেষ্টা ড০ পোনা মহন্ত,
প্ৰতিষ্ঠাপক সম্পাদক ড০ বসন্তকুমাৰ গোস্ৱামী আৰু
শান্তিস্বৰূপ ভটনাগৰ বঁটাপ্ৰ্পক বিজ্ঞানী ড০ বিনয় কুমাৰ শইকীয়া
‘অন্যযুগ বক্তৃতা-২০২২’ ৰ বক্তা অভিজিত শৰ্মা বৰুৱা
শান্তিস্বৰূপ ভটনাগৰ বঁটাপ্ৰ্পক বিজ্ঞানী ড০ বিনয় কুমাৰ শইকীয়া
‘অন্যযুগ সাহিত্য সন্মান-২০২০’ গ্ৰহণৰত অৱস্থাত
 এম কামালুদ্দিন আহমেদে
বিশিষ্ট গল্পকাৰ, নাট্যকাৰ শিবানন্দ কাকতিক 
‘অন্যযুগ সাহিত্য সন্মান-২০২১’ প্ৰদান কৰে ‘অন্যযুগ’ৰ  ড পোনা মহন্তই
ভাষণৰত অৱস্থাত ড এম কামালুদ্দিন আহমেদ
ভাষণৰত অৱস্থাত শিবানন্দ কাকতি
‘অন্যযুগ’ৰ প্ৰতিষ্ঠাপক সম্পাদক ড বসন্তকুমাৰ গোস্বামীক
সম্বৰ্ধনা পত্ৰ প্ৰদানৰ মুহূৰ্তত
ভাষণৰত অৱস্থাত ড বসন্তকুমাৰ গোস্বামী
ভাষণৰত অৱস্থাত ড পোনা মহন্ত
অন্যযুগৰ ব্যৱস্থাপক অচিন্ত্য কুমাৰ মহন্তই
সম্পাদক  ড০ মৃদুল শৰ্মাক
চতুৰ্থ বৰ্ষপূৰ্তি ৰ স্মাৰক প্ৰদানৰ মুহূৰ্তত
অন্যযুগৰ সহযোগী ব্যৱস্থাপক দেৱজিৎ ভৰালীয়ে
বিভাগীয় সম্পাদক  সিদ্ধাৰ্থ শংকৰ কলিতাক
চতুৰ্থ বৰ্ষপূৰ্তিৰ স্মাৰক প্ৰদানৰ মুহূৰ্তত
অন্যযুগৰ ব্যৱস্থাপক অচিন্ত্য কুমাৰ মহন্তই বিভাগীয় সম্পাদক 
 আকাশ দীপ্কত ঠাকুৰক
চতুৰ্থ বৰ্ষপূৰ্তিৰ স্মাৰক প্ৰদানৰ মুহূৰ্তত
অন্যযুগৰ সহযোগী ব্যৱস্থাপক দেৱজিৎ ভৰালীয়ে 
 ৱেবডিজাইনাৰ দেৱভূষণক
চতুৰ্থ বৰ্ষপূৰ্তিৰ স্মাৰক প্ৰদানৰ মুহূৰ্তত
শান্তিস্বৰূপ ভটনাগৰ বঁটাপ্ৰ্পক বিজ্ঞানী ড০ বিনয় কুমাৰ শইকীয়াক
সম্বৰ্ধনা জ্ঞাপনৰ মুহূৰ্তত
দৈনিক জনমভূমিত
ৰাইজৰ খবৰত
Visited 2 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close