Written by 7:26 pm Poems

সৰস্বতী

নৃপেন গোস্বামী

কঠাল গুটিয়াবোৰে কুটি খোৱা দিনৰ কথা

সুলভ নোহোৱা পাতবোৰ কুটি কুটি

আমালৈ  নমাইছিল এন্ধাৰ

আচলতে এই পাতবোৰতে আছিল

জ্ঞানৰ

য’ত থুপবান্ধি আছিল আমাৰ জীৱনৰ হিচাপ -নিকাচ

পাতবোৰৰ মাজত আছিল নে 

সৰস্বতী

আজিৰ দিনৰ সৰস্বতী কোৱা ভাটৌৰ ৰূপ

আমাৰ দিনৰ সবাহ 

তাত কিন্তু কোনো প্ৰহসন মনে নধৰে

কণ কণ শিশুক সাজোনে সাজি দিয়া 

উৎসৱ সৰস্বতী পূজা

আচলতে সৰস্বতী বন্দনা নে 

নিজক আনতকৈ ৰচকী সজোৱা  নতুন ঢৌ

পঢ়াই পঢ়ে ৰোৱে পান

বাক্যশাৰীত 

নিষ্ঠাৰ আচোঁৰ এটিয়ে সদায় ৰৈ ৰৈ ভাহে

বগলী ভকতৰ শাৰীলৈ নিয়াৰ 

ৰূপ কথাক পালন কৰি পালিছোঁ বসন্ত পঞ্চমী

উৎসৱৰ আৰম্ভণি বুলি হয়তো বহুতে জানে

জীৱনক পোহৰ কৰিবলৈ লাগে জ্ঞানৰ কিছু স্ফুলিংগ

নেওতা কিম্বা কুঁহিপাঠৰ কিছু সুখ ভৰা আকাশ

ছাগলীৰ সেই সাঁকো পাৰ হোৱা পাঠ

আজিৰ মখাই নুবুজে 

বুজে সৰস্বতীক 

যাৰ দহটি নাম কিন্তু জিহ্বা অগ্ৰত নাই

পূজ্যক নুপুজা 

অদৃশ্যক ভজাৰ বেদনাত 

পাঠবোৰ নিগনিয়ে নোখোৱাকৈ খালে সেয়ে 

জ্ঞানগৰ্ভত অনুশ্ৰোতৰ ট্ গ্  ব্ গ্ কম্পন

সৰস্বতীৰ দিন যোৱাৰ পাছত

গছতলৰ ছাঁত

য’ত চৰাইৰ বিষ্ঠা আৰু খেৰ খহা নাক

আমি সেই এন্ধাৰৰ আৱাসী

হেলাৰঙে প্ৰতিবৰ্ষ স্মৰণ কৰোঁ 

আৰাধ্য দেৱীক, বাগদেৱী।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close