Written by 7:11 pm Poems

কাউৰী কথা

প্ৰাঞ্জল হাজৰিকা

মাত আৰু সৌন্দৰ্যৰ কথা  এৰি

এষাৰেই কথা ক‌ওঁ

ই এটা মূৰ্খ চৰাই ।

হঠাতে কি হ’ল নাজানো

এজাক পোহৰে খেদি ফুৰা বাবেই

ৰাতিটো সিদিনা পলাই ফুৰিছিল

আৰু পলাই গৈ

দেখিলে এজোপা গছ

য’ত কাউৰীবোৰ শুই আছিল

আৰু মুহূৰ্ততে ৰাতিটো ক’লা হ’ব খুজিলে

শুই থকা কাউৰীবোৰৰ মাজত এতিয়া ৰাতিটো ক’লাতকৈও ক’লা এটা কেটোৰক’লা কাউৰী হ’ল ।

লঘোণে-ভোকে ৰাতিটো পাৰ কৰি উঠি আন্ধাৰজাক ভাগৰিছে

খীণাইছেও সামান্য

চকুৰ তলছোৱা সামান্য ক’লা পৰিছে ।

দৃশ্যটো এজন বাটৰুৱাৰ চকুত পৰোঁ কি নপৰো‍ঁতেই 

ওচৰৰ গছজোপাত হুলস্থুলখন

ইমানবোৰ কাউৰী ।

লগে লগেই 

চুবুৰীটোত পোহাৰীচুপতি

হেৰৌ নিজৰ পোৱালিজাককো নমননে

চকুৰে নিচিনিলি বুলিয়েই

গোন্ধ ল’বলৈ

নিজৰ নাকটোকো নোহোৱা কৰিব লাগেনে…!

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close