Written by 6:49 pm Poems

ঘনচিৰিকাৰ ভয়

নিৰু দত্ত

দুগালত সানি চন্দনৰ গুড়ি

          ঘৰচিৰিকা  ওলাল বাজ

বাহত থাকিল পোৱালি দুটা

         চিৰিক চিৰিক মাত ।

আইদেউৰ চোতালত  মৰণা মাৰিছে

          দুহালকৈ বলধ যুটি,

সৰিয়হ মাটিমাহ খেচাৰি কলামাহ

           চাপৰিত কৰিছিল খেতি ।

তাৰে এগালমান  কঢ়িয়াই ঠোঁটতে

            আনিব সুৰুৎকৈ বাচি

ভুৰুংকৈ উৰি থপককৈ পৰি

             থ’

বহি বাহতে সাঁচি ।

ইম্মানটো যে ভয় ঘৰচিৰিকাৰ

        হ’বলৈ বাহৰ বাজ

গছ-বন নাই কংক্ৰিটৰ চহৰ

          চৌফালে বিকট আৱাজ ।

 মইনাই নাপায় সমূলি সময় 

           কি চৰাই চৰে বনত

পুৱাৰ স্তুতিগীত কল কাকলিয়ে

           নিদিয়ে প্ৰশান্তি মনত ।

আগেতে ঘৰে ঘৰে উছৱ -পাৰ্ৱণত

           পিঠা গুড়িৰ আল্পনা আঁকে

অতি উলাহেৰে জঁপিয়াই জঁপিয়াই

             খুটি খায় ঘৰচিৰিকা জাকে ।

খেৰী বা টিঙৰ টুপ ভঙা ঘৰ

      ঘৰচিৰিকাই পচন্দ কৰে

আটোম-টোকাৰি  খেৰ-কূটাৰে

        তাতেহে বাহটি তৰে ।

যিবা এটি তেনে দেখিবা  আছে

        আমাৰ আইদেউৰ ঘৰ

 লাকপাকুৰ পাৰ ৰুণ দিয়া কপৌ

        কোনো যে নহয় পৰ ।

 আইদেৱে পুৱাই চাউল ছটিয়াই

          আইচ আইচকৈ মাতে

লগাই কোৰ্ঢ়াল অনেক চৰাই

       জাকি মাৰি উৰি আহে।

অকলশৰীয়া লখিমী আইদেউৰ

        পখীলৈ  অন্তৰৰ টান

তৰহে তৰহে দিছে সাজি বাহ

        খুদকণ দুটামান ।

চৰাই চুবুৰিত  বিলুপ্তিৰ পথত

          ঘৰচিৰিকা অতি মৰমৰ 

ম’

বাইল টাৱাৰৰ উচ্চ তৰংগই

         কলিজা কৰে ধৰফৰ ।

আহাঁচোন আমি সংকল্প লওঁ

           চৰাইৰ ল’ম চবে যতন

নিদিওঁ হ’বলৈ সমূলি বিলুপ্ত 

             ঘৰচিৰিকাক কৰিম মৰম ।

                      ********

ঠিকনা  :

সৰুপথাৰ – ৭৮৫৬০১

গোলাঘাট

৭০০২২৪১১৪৫

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close