Written by 6:36 pm Poems

জিন্‌ছ্‌

ভাস্কৰ জে নাথ

এনে লাগে যেন সি মোৰ গৰাকী

মই গুচাই চাওঁ শতিকাৰ এলান্ধু

যদিওবা কোঙা হ’লোঁ পঁয়ত্ৰিছবাৰ

উৱঁলি যোৱা ঘৰটোত হিচাপ

প্ৰতিটো বিচ্ছিন্নতাৰ খোজ

অথচ তাৰ সতে কাহানিও হোৱা নাই মোৰ বিচ্ছেদ

মোৰ ওচৰত তাৰ সহজ আত্মসমৰ্পণ

সহজ ঘোচখোৰ ডাঙৰীয়াৰ কথা

সকলোকে সি মাতিব পাৰে মিছা

অথবা দিব পাৰে মিঠা

কেৱল নোৱাৰে লুকুৱাই থ’ব একোকে মোৰ পৰা

মোৰ মায়াত সি বন্দী

মই তাৰ মায়াত বন্দী

যদিওবা বন্দিত্ব আমাৰ নহয় পচন্দ

ভৰি মেলি প্ৰদৰ্শন কৰে ডাঙৰীয়াৰ চাতুৰীৰ ৰহস্য

আৰু বাট লয় পুনৰায়

আমি আগ বাঢ়ি যাওঁ ভাৱৰীয়াৰ দল এটাৰ সতে

আৰু বুজি উঠোঁ আমাক কোঙা কৰাৰ আঁচনি

আমি লগ পাওঁ ভয়ানক আচামী

আৰু সন্ধিয়া হ’লেই কেঁকো-জেঁকোকৈ ঘৰটোত সোমাওঁ

এদিন পুৰণি হ’ব মোৰ জিন্‌ছ্‌ পেণ্টটো

ফিচিকি যাব

ময়ো জানো নহ’ম এলাগী!

আৰু চাই থাকিব পৰাকৈ ইজনে সিজনক

নাথাকিব ভালে চকুজুৰি।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 6 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close