বিপুল কুমাৰ দিহিঙীয়া
গ্যেটেৰ ‘মেৰিয়েনবাদ ইলিজি’
মই কি নাম দিম…
কি নাম দিম ঈশ্বৰ। ‘নিউৰ’টিক পেইন’। চাব্বাছ।
সৰ্পিল অৰণ্যৰ বাটেৰে অহা-যোৱা
প্রেম বিচাৰি। প্ৰেৰণা বিচাৰি চৰাইৰ ডেউকাৰ সহায় লওঁ
ব্ৰহ্মপুত্ৰৰ চাপৰি। মৰম বিচাৰি টিৰাপ সীমান্ত বগালোঁ
ৰাতিৰ জোনাক। বগলীৰ বগা । আৰু সংগীতাৰ সংগীত।
মাতৰ। মৰমৰ। প্রেৰণাৰ।
কিমান সময় হৈছিল। এইদৰে বহি থকাৰ।
কিমান দিনত ভৰি দিছিল আমাৰ ভালপোৱাৰ।
বীজগণিতৰ অংক কৰি কৰি চাকিৰ পোহৰ শেষ হৈছিল।
অংকৰ উত্তৰ নোলাল।
পাইথাগোৰাছৰ ত্ৰিকোণমিতিৰ সূত্ৰ পাহৰাৰ বাবেই
শিক্ষাগুৰুৰ চাট খাইছিলোঁ। মিছা মাতিও পাৰ নাপাইছিলোঁ।
অংকততো মই বেয়া নাছিলোঁ। দিলীপ ছাৰেই ক’ব।
কিয় জানো মোৰ অংকৰ উত্তৰ নোলোৱা হ’ল। জীৱনৰ।
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 3 times, 1 visit(s) today
Last modified: May 15, 2025