Written by 6:12 pm Articles

নীলমণি : কাব্য জিজ্ঞাসাৰ আলোক আমাৰ হৃদয় কুক্ষিত

প্ৰশান্ত মিশ্ৰ 

       পৰিমিত শিল্পবোধ, গ্ৰাম্য জীৱনৰ সতে আশৈশৱ নিকট সম্পৰ্ক, নাগৰিক জীৱন যাপন, প্ৰখৰ ইতিহাস চেতনা আৰু শিক্ষকতা বৃত্তি- এই আটাইবোৰ উপাদানেই হ’ল নীলমণি ফুকনৰ কবিতাৰ বহুমাত্ৰিক স্তৰবোৰৰ পৃষ্ঠভূমি। সেয়েহে তেওঁৰ কবিতাত আমি দেখা পাওঁ বেহেলা বজোৱা ঘোঁৰা অথবা মুঠি মুঠি ঢেঁকীয়া বেচা আইতাজনী অথবা জাৰৰ জোনাকত তিৰবিৰাই উঠা খেজুৰী পাতৰ নিয়ৰ অথবা মেটেকা ফুলৰ তলৰ পৰা ওলাই অহা ভোটাই অথবা ন-কৈ মেলা কলপাতখনৰ পৰা নিয়ৰৰ দৰে টোপাটোপে পৰা আন্ধাৰ অথবা চকুৰ মাজেদি ৰঙা হৈ উৰি যোৱা দুটা লৰিয়লি চৰাই! এনে উদাহৰণ অনেক। 

       নীলমণি ফুকনৰ কবিতাৰ মাজত সততেই উপলব্ধ নিৰ্জনতা আৰু নিঃসংগতা ,স্মৃতিকাতৰতা, প্ৰগাঢ় শৈল্পিক আৰু সাংগীতিক চেতনা, প্ৰকৃতিৰ বিনন্দীয়া ৰূপ-লয় আৰু ধ্বনি ,আশাবাদ আৰু  লগতে সংপৃক্ত হৈ থকা মানৱীয় কৰুণ অনুভৱ আৰু  অসমৰ ভিন্ন ঋতুৰ স’তে কবিৰ আত্মিক সম্পৰ্ক।

      কিমান সূক্ষ্ম ৰসবোধ থাকিলে এজন কবিয়ে লিখিব পাৰে যে তেওঁ আন্ধাৰো নহয়, পোহৰো নহয় ;তেওঁ এক প্ৰজ্জ্বলিত ব্যাকুলতাহে ! অনুমান কৰা কঠিন সেই ব্যাকুল সময়ত কবিৰ মানসিক অৱস্থা! হয়তো প্ৰজ্ঞা-সাধনাৰ অতুল্য  শিখৰত উপনীত হ’লে, অথবা উচ্চ মাৰ্গীয় সাংগীতিক ৰসৰ অৱগাহনত আপ্লুত অৱস্থাত যি ধৰণৰ মানসিক আৰোহণ ঘটে ,তেনে এক পৰ্যায়লৈ কবিৰ বিচৰণ নহ’লে, এনে শব্দচয়ন অসম্ভৱ ! সৰি যাব খোজা ফুল কবিৰ ভাল লাগে। ইয়াত সৰা ফুল এপাহৰ কথা কোৱা হোৱা নাই, অথবা, ফুলি থকা ফুল এপাহৰ কথাও কোৱা নাই; কৈছে, সৰি যাব খোজা ফুলপাহৰ কথা! অন্যহাতে, শিশুৰ দৰে কবিৰ আব্দাৰো আছে। কবিয়ে নিজেই লিখিছে, “পোহৰৰ শিশুমন মোৰ চিৰসংগী কাৰ”? “আৰু তেতিয়াই অজ্ঞান হৈ পৰিছিলোঁ”ত তন্ময়  জীৱনৰ কবি, আনহাতে, “আজি ৰাতিয়েই দুৰ্ঘটনাটো ঘটিব পাৰে” কবিতাত যেন ভীতি-প্ৰতীতি! আকৌ,”গা ধুইছেগে’ নেকি তেওঁলোকে পানী ৰঙা কৰি কোনোবা নৈৰ”-ৰ মাজত মানুহৰ সংগ্ৰামী সত্তাৰ ওপৰত বিশ্বাস, আনফালে, “জীৱনে জীৱন দিব হৃদয়ে হৃদয় দিব আকাশে আকাশ”ত স্বপ্নাৱিষ্ট  কবি সত্তা ! “পৃথিৱীৰ সৰ্বত্ৰই এখন আকাশ”-ৰ সম্ভাৱনা দেখা কবিয়ে “মোৰ নাম অভিজ্ঞতা কণ্ঠস্বৰ” বুলি আকৌ কয়, “মই বাটৰ মানুহবোৰৰ লগতে আছোঁ”। ম’হৰ শিঙৰ পেঁপাটো কেতিয়াবাই ক’ৰবাত হেৰুওৱা ল’ৰাটো বহুদিনৰ মূৰত মুখামুখিকৈ “জুয়ে পুৰি জোলা বন্ধা” আপোন মানুহৰ স’তে বহি এখন হাতত একোছা দলঘাঁহ আনখনত এটা জোনাকী  পৰুৱা  লয় আৰু শোকস্তদ্ধ  শব্দ এটাৰ মাজত তেওঁলোক বিলীন হৈ যায়! নৈশ নীল শূন্যতাৰ শ্ৰান্তি আৰু যন্ত্ৰণাৰ বাবে ঈশ্বৰ বিচৰা কবিৰ সাবিত্ৰী মনে বুজি পায় পৃথিৱীৰ গভীৰ বিষাদ !

        জীৱন আৰু  জগতৰ বিচিত্ৰতাৰ মাজত অৰ্থ অন্বেষণ কৰা জিজ্ঞাসু ফুকনৰ কবিতা আমাৰ ভাষাৰ পৰম সম্পদ। নীলমণি ফুকনৰ কবিতাৰ মাজত আমি পাওঁ অসমৰ জাতীয় জীৱনৰ আনন্দ আৰু সংশয়! তেওঁৰ কাব্যজিজ্ঞাসাই আমাৰ জীৱনৰ বাট আলোকিত কৰি তোলে। সেই আলোক আমাৰ হৃদয় কুক্ষিত!তেওঁৰ কবিতাৰ  দীপ্তিত জাতিৰ চেতনা উজ্জিৱীত হয়। যথাৰ্থতেই তেওঁ আমাৰ জাতীয় কবি আৰু সেই ভাৱেই বিশ্বকবিও।  

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close