Written by 1:09 pm Poems

মগনীয়া

মূল হিন্দী (ভিক্ষুক) : সূৰ্যকান্ত ত্ৰিপাঠী নিৰালা 

অসমীয়া অনুবাদ: দীপমণি দাস

তেওঁ আহে

আমাৰ হৃদয় চিৰাচিৰ কৰি দিব পৰা দুৰ্বহ মুখ এখন লৈ ৰাস্তালৈ আহে

পেট আৰু পিঠি একাকাৰ কৰি

লাখুটি এডালত ভৰ দি

এমুঠি খুদকণ বিচাৰি- ভোক পূৰাবলে’

মুখফটা মোনাটো মেলি দিয়ে

আমাৰ হৃদয় চিৰাচিৰ কৰি

দুৰ্বহ মুখ এখন লৈ ৰাস্তালৈ আহে

লগত থাকে দুটি শিশু

যিয়ে সদায়ে হাত মেলে

সিঁহতে  আগবাঢ়ে বাওঁহাতেৰে পেট মোহাৰি মোহাৰি

আৰু সোঁহাতখন আগবঢ়ায় দয়াদৃষ্টি বিচাৰি

ভোকত যেতিয়া ওঁঠ শুকাই যায়

সিঁহতে দাতা, ভাগ্য বিধাতাৰ পৰা কিনো পায়?

এটুপি চকুলো পান কৰিয়ে সিঁহত ৰৈ যায়

কেতিয়াবা সিঁহতে চুৱাপাত চেলেকি থাকে ৰাস্তাত থিয় হৈ

আৰু সিঁহতৰ পৰা সেইবোৰ কাঢ়ি ল’বলৈ কুকুৰবোৰো ৰৈ থাকে!

ৰ’বা, ৰ’বা! মোৰ হৃদয়ত অমৃত আছে

মই তোমালোকক বিলাই দিম

অভিমন্যুৰ দৰে হ’ব পাৰিবা তোমালোক

তোমালোকৰ দুখবোৰ মই মোৰ হৃদয়ত ভৰাই লম!

**

Visited 2 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close