দেৱমল্লিকা দেওঘৰীয়া
হাজাৰ বছৰ ধৰি শুকাই আছিল নদী
এদিন পাহাৰে সুধিলে ভালপোৱা কি?
পখিলাৰ টোপনি ভাঙি নৈয়ে ক’লে জীৱন,
এপুখুৰী বেঙে এৰাতি গালে
ৰাতিৰ বাগিচাত কেতেকীৰ সাধু,
এৰাবাৰী উপচি টেঙেচি ফুলিলে
তজবজী তগৰে মিচিকিয়াই বিয়পালে গা,
উটি উটি নৈয়ে ক’লে ইমান দিনে ক’ত আছিলা?
ঠিকনা :
যোৰহাট
ডাক : যোৰহাট অসম
পিন : ৭৮৫১১২
Visited 2 times, 1 visit(s) today
Last modified: May 15, 2025