Written by 12:44 pm Poems

প্ৰশ্নবোৰ

সমুদ্ৰ কাজল শইকীয়া

হে কবি, প্ৰশ্নৰ কবি

প্ৰশ্নবোৰতে প্ৰশ্নবোৰৰ উত্তৰ

হে কবি

উত্তৰোত্তৰ

হিৰন্ময় পাত্ৰত আছিল

উপনিষদৰ কবিৰ যি প্ৰশ্নবোৰ

আকৌ তুলিছিল নৱকান্তই

সৌটো কি

একেবোৰ প্ৰশ্নকেই তুলি গ’ল

নীলমণিয়ে

সৌটো কি

হিৰন্ময় পাত্ৰ

প্ৰশ্নবোৰ। যাৰ কোনো উত্তৰ নাই

প্ৰশ্ন কৰি যোৱাটোৱেটোৱেই য’ত শেষ কথা

উত্তৰ মীমাংসা নহয়

কাৰ সাধ্য পকা পাতবোৰ নসৰাকৈ ধৰি ৰাখিব পাৰে

এইটো প্ৰশ্ন আপুনি কৰা নাই। আন কোনোবাই কৰিছিল।

কিন্তু প্ৰশ্নটো আপোনাৰো। আমাৰো।

প্ৰশ্নৰ উপৰি প্ৰশ্ন, বাই তোৰ কোন গাঁৱত ঘৰ

ই যেনে প্ৰশ্ন

মৰেনে মানুহ তাত

তেনেকৈয়ে প্ৰশ্ন কিয় হয় কিয় হয়

পুৰুষৰ বীৰ্য নাৰীৰ স্তনত গাখীৰ

হে প্ৰশ্নৰ কবি

আমাক প্ৰশ্ন কৰিবলৈ শিকাওক

(আমি পাহৰিছোঁ হয়তো)!

হাতে হাতে উত্তৰ লৈ ঘূৰি ফুৰা মানুহবোৰলৈ

মোৰ এটাই প্ৰশ্ন

প্ৰশ্নবোৰ ক’ত? প্ৰশ্নবোৰ ক’ত?

Visited 3 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close