Written by 12:23 pm Poems

সাহসেৰে

কৌশিক বাস্যস

ছায়াৰ দৰে ঘূৰি থাকে মন

তেজটুপিকে দিয়াঁ

মাৰ কৰঙন ফালি বৈ আহিছে

বন্ধুহঁতে গা উজান দি চাইছে

আলৰ কাউৰীয়ে 

ৰমলিওৱা

যদিও কৰি থাকোঁ হেহো-নেহো

মূৰৰ আগটো

ৰচীডালেৰে চেপি 

ধৰিয়েই আছে 

কোনোবাই

মন গ’লেও গুচি যাব নোৱাৰোঁ

ছাইথুপিকে দিয়াঁ

গালে-মুখে সানি লওঁ

ভৰি কোঁচাই হাত কোঁচাই

মূৰটো সুমুৱাই 

কাৰ পৰা জানো

লুকাই থাকোঁ

মোৰ ফুলদানিত আহি এজাক মহে 

নিতৌ বাঁহী বজায়

উৰাই দিবলৈও মন নাযায়

এনেকৈও যদি কিবা 

বাতৰি আহে

অন্যমনস্ক হৈ

ভাবুক হ’ব পৰা যায়

জানো নিৰহ নিপানীকৈ বৰষুণ নাহে

মজিয়াত পাৰি লৈ 

ভাবৰ পাজ্জ্‌ল্‌

(মোৰ শূ্‌ন্য মনত পানী এটুপিও নাই)

গুঠোঁ বুলি ভাবি থাকোঁ

এফালৰপৰা

মনত পৰে তেনে

কোনোবাই যদি লৈ যায় ক’ৰবালৈ

ভংগুৰ

এৰি থৈ আহে অকলশৰীয়া 

এডাল গছৰ লগত 

অকলে

ভগা নাৱৰ টিঙত

কিচিৰ মিচিৰৰ মাজত

পানীৰ মাজত দেখি যাওঁ যদি মোক

এই ভয়টোৰ কথাই বাৰু

কাক ক’ম তেতিয়া

এসোঁতা পাহৰণিয়েই লোৱাঁ

চেপি কামুৰি উলিয়াই 

ৰস

নাওমান পি খোৱাঁ

ৰং বিৰঙী বেহা মেলি

কোনে কৰে 

আয়োজন

বাটে পথে যেতিয়া

নিৰীহ কংকাল

জঁকাৰ মাজেদি হাত সুমুৱাই

এমুঠি সাঁচি থোৱা দেখোঁ

বিম্বাশবদে 

অহা-যোৱা কৰা দেখোঁ

কাম নাই কাৰণেই নিৰীক্ষকৰ ভূমিকা লৈছোঁ

মোৰ কথা মোৰ ধৰণে কৈছোঁ

ভেণ্টিলেটৰৰ সুৰুঙাইদি

এশ এবুৰি

জোন লেখি আছোঁ

নিৰ্লিপ্ততাক নিৰ্লিপ্ত হৈ চাইছোঁ

তাৰ পাছতো যদি হয় এনেকুৱা

মোৰ চকুদুটা

নিৰীহ

আস্তাবলত তোমাৰ

আছে ঘাঁহ খাই

চহৰখন জপাই থওঁ

ৰেলৰ ছিৰি দুটা 

লগ লগাই দিওঁ

অদূৰত

এছাটি মেঘ ভাহি থকা দেখোঁ

সমাজিকত

বতাহ বলে

জাৰ লাগে

মুখত মুখ থৈ ফাকি মাৰি সাৰি যাওঁ

ভিতৰত ভমকি উঠে

নিৰৱধি

এচমকা দুখ

তাৰেই চানেকি

মুখত আঠা লাগি

একেটি হাঁহি

উলিয়াই আনো কাহিনীৰপৰা

বাদ দিয়াঁ সেইবোৰ

যি লাগে

নিজেই লোৱাঁ

গুঠি যোৱাঁ

ভাঙি 

সামৰি আকৌ

নতুন

কেৱল এটা সম্পৰ্ক

সততাৰে

আন্তৰিকতাৰে

আৰু সেয়া

তেজ মঙহ দুখ সুখ

পৰিপন্থী

সাক্ষাৎ

এজন

যি কথা কয়

সাহসেৰে

         ***

ফোন :  ৯৪৩৫২৪৬৫১১

Visited 3 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close