Written by 12:14 pm Poems

বিষয় বিষধৰ

 ধন দাস

হতচকিত ঈশ্বৰ

আচৰিত 

কি তৈয়াৰ কৰিলে

দুখন হাত দুখন ভৰি দুটা চকু 

সকলোৰে ওপৰত 

এটা জৈৱিক কম্পিউটাৰ 

ইমান ভয়ংকৰ যে

মাত মাতিব জানে 

খোজ কাঢ়িব জানে 

জানে জন্ম দিব জানে আৱিষ্কাৰ কৰিব ঈশ্বৰেও সৃষ্টি নকৰা

যুদ্ধ কৰিব জানে 

চোকা দাঁতবোৰে চোবাব জানে লাজ

নাজানে কি ?

বিচলিত ঈশ্বৰ

চিন্তিত 

ক’তো দিব নোৱাৰে আত্মবিবৃতি

কি তৈয়াৰ কৰিলে

কি কৰিবলৈ বাকী থাকিল 

বাকী নাথাকিল বাবেই 

সুবিধাৰ সীমা চেৰাই 

কাপোৰ খুলি প্ৰবচন দিছে

ধৰ্মতকৈ ধুনীয়া বেপাৰ কি হ’ব পাৰে 

গাত চন্দনৰ প্ৰলেপ লগাই

কত যে আয়োজন 

নাট্যকাৰ সাংঘাটিক 

নাটকো চুপাৰ-ডুপাৰ হিট্‌

হায়ৰান ঈশ্বৰ 

এতিয়া নিজেই বচাব নোৱাৰা হ’ল নিজক 

সভ্যতাক ডিটাৰ্জেণ্টেৰে থুকুচি থুকুচি ধুই 

মেলি দিছে  শুকাবলৈ 

ঈশ্বৰ !

আপুনি টক্‌-শ্ব’ত অংশ ল’ব নেকি ?

চকু মুদা কুলিৰ মাজত 

চকু মেলা কাউৰী হলগৈ ঈশ্বৰ

প্ৰশ্ন : কি তৈয়াৰ কৰিলে

বিষয় : কাপোৰ হেৰুওৱা ধৰ্ম

বিপদত ঈশ্বৰ পলাতক 

Visited 2 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close