Written by 11:53 am Articles

কাল-অকাল

 মিনাৰা হুছেইন

বৰষুণৰ টোপালবোৰ মোৰ চকু-মুখত পৰিছে। হাতৰ ক’লা ছাতিটো খুলি ল’লোঁ। এই ক’লা ৰংটো মোৰ খুব পছন্দৰ। এই যে বৰ্ষাময়ী আবেলিটো লাহে লাহে ৰাতিৰ ক’লা আন্ধাৰৰ মাজলৈ সোমাই যায়, মোৰ ভাল লাগে। ৰাতি যিমান ঘন হৈ উঠে, প্ৰকৃতিয়ে যেতিয়া চৌদিশে আলকাতৰা সানে, তেতিয়া মোৰ মনটো বেছি শান্ত হৈ উঠে।

ফোনটো বাজি উঠিল।

জেনী কলিং! সম্ভৱতঃ এটা ঈষৎ হাঁহি ওঁঠৰ ফাঁকেৰে নিগৰি গ’ল। সময়, এই সময়, সেই সময়! সময়ে গতি সলায়। সাপে মোট সলায়।

এটা অনলাইন ছাইটৰ যোগেদি আজিৰ ৰাতিটোৰ বাবে ডীল ফাইনেল কৰিলোঁ।

জেনী! জেনী মাথুৰ!

পইচা, মাথোঁ পইচাৰ বাবে দৌৰি আহিছে মোৰ এটা ক’লত। ছিঃ ছিঃ!

সকলো মই বিচৰা ধৰণেই আগ বাঢ়িছে। অত বছৰৰ প্ৰাৰ্থনা কি এনেয়ে যাব? ফোনৰ সিপাৰত থকা আগন্তুকক মোৰ গে’ষ্ট হাউছৰ ডিজিটেল লকৰ পিন নাম্বাৰটো দি ভালদৰে বুজাই দিলোঁ।

“অ’ কে…কাম ছূন….আই এম ৱেইটিং ..” ।

জেনী মাথুৰৰ উষ্ণতা ভৰা কণ্ঠস্বৰ প্ৰথম বাৰৰ বাবে শুনিলোঁ। সলনি হ’ল, বহুত সলনি হ’ল। খং, এক ভীষণ খঙত মোৰ গাটো জিকাৰ খাই উঠিল। বুকুখন টনটনাই উঠিল। গৰম চকুলো দুটোপাল গালেদি বাগৰি আহিল। কপালৰ সিৰ কেইডাল যেন এতিয়াই ছিগি যাব। কাষেদি পাৰ হৈ যোৱা গাড়ী এখনৰ হৰ্নৰ শব্দত আকৌ এবাৰ ছন্দ ঘূৰাই পালোঁ। উফ!

জুনুকাৰ বৰ মন আছিল ৰভাৰ মৰলৰ ওচৰত বহিবলৈ। মৰলৰ আইনাত নিজকে এবাৰ চাবলৈ… মুগাৰ ৰিহা, জোনবিৰি, গামখাৰু, দুগদুগী পিন্ধি থকা অৱস্থাত তাইক নিবলৈ আহিব পদুম। পদুম, তাইৰ সপোন কোঁৱৰ! পদুম আহিছিল। তাইক পলুৱাই লৈ গৈছিল ৰভাতলৰ পৰাই। জুনুকাৰ ঘৰখন অস্থিৰ হৈ পৰিছিল। শিল পৰা কপৌৰ দৰে সকলো মৌন হৈ পৰিছিল।

পদুমৰ ঘৰৰ পদূলিৰ ঔটেঙাজোপাৰ তলতে ৰৈ গৈছিল জুনুকা। তাই তললৈ মূৰ কৰি ৰৈ গৈছিল।

“কিহৰ ইমান লাজ! আহাঁ আকৌ।”

ঘিটমিটিয়া আন্ধাৰৰ মাজতে পদুমে জুনুকাক সাবটি মৰম কৰিছিল। জুনুকাৰ কাজলসনা চকুহাল ঢুলঢুলীয়া হৈ পৰিছিল।

এখন বেচৰকাৰী স্কুল নিজাকৈ নিজৰ ভেঁটিত গঢ়ি নিজৰে লগত ঘৰখনৰ সাৰথি হৈছিল পদুম। জুনুকাৰ সুখেই আছিল পদুমৰ সুখ। সন্ধিয়া টিউশ্বনৰ পৰা ঘৰলৈ আহোঁতে জুনুকাৰ বাবে খাবলৈ দুই-এপদ ভাল বস্তু, জুনুকাই দিনত ভাতসাঁজ খালেনে নাই, জুনুকাৰ কষ্ট হোৱা নাইতো, তাইৰ বাৰু ঘৰলৈ বৰকৈ মনত পৰে নেকি… কত যে চিন্তা পদুমৰ! তগৰ ফুলৰ দৰে কোমল জুনুকা অহাৰে পৰা পদুমৰ ঘৰত সন্ধিয়া ধূনাৰ গোন্ধ মলমলাই উঠিছিল। এক পৱিত্ৰ পৱিত্ৰ অনুভৱে হিয়া-মন শাঁত পেলাইছিল। কথাবোৰ ভাবিলেই পদুমৰ মনটো তাৰ পদূলিৰ সেমেকা ঔতলৰ দৰে চেঁচা হৈ পৰে।

বিজ্ঞানৰ যে কত অৱদান! হাতৰ টিপতে গড়গাঁও পোৱাৰ দৰে ময়ো আইফোনত সংলগ্ন হৈ থকা গোপন ৰেক’ৰ্ডাৰটো অপেন কৰিলোঁ। মোৰ গে’ষ্ট হাউছৰ বাহিৰে-ভিতৰে মুঠ চাৰিটা কেমেৰা ফিট হৈ আছে। পাহাৰীয়া ঠাই, তাতে অকলেই থাকোঁ। মানুহবোৰ বৰ সহজ সৰল। কিন্তু পাহাৰৰ অৰণ্যৰ পৰা নামি অহা বনৰীয়া জন্তুবোৰলৈহে ভয়। 

বাহিৰত দোপালপিটা বৰষুণ। পাহাৰৰ টিলাটোৰ মোৰ গে’ষ্ট হাউছত আজি সন্ধিয়াটো বেছ ৰঙীন হৈ উঠিছে। ঈষৎ বৰণৰ কম পোহৰৰ লাইট, বিশাল স্ক্ৰীনৰ টিভি-ৰ পৰ্দাত ছানি লিয়নি, হাতত বিদেশী মদিৰাৰ গ্লাছ আৰু স্বল্পবস্ত্ৰ পৰিহিতা ৰূপ-লাৱণ্যৰে লালায়িত জেনী মাথুৰ। তাই ৰৈ আছে। কোমল, বগা, ধুনীয়া মুখখন। একেই আছে। 

মানুহে কিমান বেছি অভিনয় কৰিব পাৰে? কিহৰ বাবে, কিহৰ তাড়নাত পাঁচ বছৰ সময় নিজকে কষ্ট দিলে? তিনি মহলীয়া ঘৰত লাহ-বিলাহত ডাঙৰ হোৱা জুনুকাই মোৰ বাবে বহুত কষ্ট খালে। এবাৰ, মাথো এবাৰ মোক কোৱাহ’লে, তাই বিচৰা ধৰণেই তাইক মুক্ত বিহংগৰ দৰে উৰিবলৈ এৰি দিলোহেঁতেন। কিন্তু তাই কিয় এনেদৰে মোক, মোৰ সত্তাক ঠাট্টা কৰিলে? কিয়?

মোৰ কাণ-মূৰ গৰম হৈ উঠিল।

ব্যভিচাৰিতা বিয়পি আছিল জুনুকাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে। হয়, মই আজি ভাবিবলৈ বাধ্য। ক’ল গাৰ্ল জেনী, জেনী মাথুৰ!

বিশেষ কোনো প্ৰাপ্তিত, বিশেষ কিছু ক্ষণত আমি বৰকৈ নিঃসংগ অনুভৱ কৰোঁ। কাৰোবাৰ লগত বিশেষ কথাবোৰ শ্বেয়াৰ কৰিবলৈ নহয়, কোনো বিশেষজনৰ লগত সাধাৰণ নিত্য-নৈমিত্তিক কথা পাতিবলৈ। আজি মোৰ বৰকৈ মনত পৰিছে জুনুকালৈ। কপাহী চাদৰ-মেখেলা পৰিহিতা লাৱণী জুনুকাৰ সতেজ ৰূপৰ মাজতে নিজকে হেৰাইছিলোঁ। লাজৰ আভৰণ গুচি লাহে লাহে জুনুকা মোৰ ওচৰ চাপিছিল। কিন্তু এই জেনী? আজি, আজি মই আঁজুৰি-মুচৰি শেষ কৰিম। চাম কি লৈ তাইৰ অহংকাৰ? ওচৰতে থকা মন্দিৰত সোমালোঁ। আজি মই অপ্ৰিয় হোৱাৰ সাহস কৰিম।

এটা যুগৰ পিছত।

অন্তৰৰ ভিতৰত দুটা অনুভূতি সঞ্চালিত হ’বলৈ ধৰিলে- আনন্দ আৰু আতংক।

আনন্দৰ পুলক!

আতংকৰ বিহ্বলতা!

“ভগৱান মোক শক্তি দিয়াঁ। বেয়া হ’বলৈ, বেয়া কাম কৰিবলৈ মোক শক্তি দিয়াঁ।”

চকুৰ পানীয়ে মোৰ শ্বাৰ্ট তিয়াই দিছে। কোনে কয় পুৰুষে নাকান্দে। কান্দে !

যেতিয়া পুৰুষজন পদুমৰ দৰে হয়,

যেতিয়া পুৰুষজনৰ পকেটৰ ওজন কম হয়। 

এটা হাতত সেই ক’লা ছাতিটো আৰু আন এটা হাতত মন্দিৰৰ প্ৰসাদৰ টোপোলা লৈ আত্মআলাপত বিভোৰ মই নিঃপলি দি শুই থকা সৰ্পিল বাটটোৰে আগবাঢ়ি আহিলোঁ মোৰ গন্তব্যস্থানৰ দিশে।

জনপ্ৰাণীহীন এই পৰিৱেশটো বৰষুণৰ টোপালৰ শব্দই আৰু গভীৰ কৰি তুলিছিল। ডিজিটেল লকটো খুলি সোমাই গ’লোঁ। বাৰাণ্ডাতে মোৰ প্ৰিয় ক’লা ছাতিটো থ’লোঁ। জোতাযোৰ খুলি শ্ব’ৰেকত থ’লোঁ। লাহে লাহে লিভিং ৰুমৰ দুৱাৰ খুলি ভিতৰলৈ সোমাই গ’লোঁ।

সুন্দৰী জেনী ছ’ফাত পৰি আছে। মানে নিচা লাগিল। বিদেশী মদিৰাৰ লগত মিলাই থোৱা ড্ৰাগবিধে ক্ৰিয়া কৰিলে। শুই থকা জেনীৰ ওচৰ চাপি গ’লোঁ। চাই ৰ’লোঁ। মোৰ প্ৰথম প্ৰেম, মোৰ শেষ প্ৰেম। 

একেখন কলেজৰ সহপাঠী জুনুকাৰ লগত এসময়ত এক মধুৰ সম্পৰ্ক গঢ় লৈ উঠিছিল পদুমৰ। এটি আঢ্যৱন্ত ধনবান পৰিয়ালৰ দ্বিতীয় জীয়ৰী জুনুকা। ডাঙৰ জী মণিকাৰ দৰে জুনুকাৰো কোনো এক ৰাজপত্ৰিত বিষয়ালৈ বিয়া দিয়াৰ মন আছিল মাক লাজৱন্তীৰ। এৰা হ’বই ! মাক হিচাপে সকলোৱে বিচাৰে নিজৰ সন্তানৰ সুখ-স্বাচ্ছন্দ্য। এগৰাকী চিকিৎসকৰ পত্নী হিচাপে লাজৱন্তীৰ সমাজত যথেষ্ট মান-সন্মান আছে। কিন্তু সকলো সুখ-স্বাচ্ছন্দ্য এৰি জুনুকা গুচি আহিছিল পদুমৰ ঘৰলৈ।

ভেনচাৰ স্কুলখন শেষত চৰকাৰী হৈ নুঠিছিল। পাঁচ বছৰ, হয়  পাঁচ বছৰৰ কষ্টবোৰ যেন বতাহ হৈ উৰি গৈছিল। জীৱন থমকি ৰৈছিল। লাহ-বিলাহত ডাঙৰ হোৱা জুনুকাই পদুমৰ ঘৰৰ ঠাঁচতে নিজকে সজাইছিল। পদুমে স্কুল এৰিছিল। সাঁচতীয়া ধনেৰে জাৰ্চী গাই দুজনী কিনিছিল। হয়, পদুম ছাৰ হৈ পৰিছিল পদুম গোৱাল।

চাইকেলখন, গাখীৰৰ ড্ৰামটো আৰু ছাতিটো …এইখিনি মোৰ পৰিচয় হৈ উঠিছিল। জুনুকাই লাজ পাইছিল তাইৰ ঘৰৰ মানুহৰ আগত ক’বলৈ। মই যে গোৱাল !  চকুহাল আকৌ এবাৰ সেমেকি উঠিল মোৰ। মোৰ পৰিচয় যদি পদুম ছাৰ হৈয়েই থাকিলহেঁতেন, হয়তো সকলো ঠিক থাকিলহেঁতেন।

জুনুকা মোৰ লগতেই থাকিলহেঁতেন।

আমাৰ সন্তানো হয়তো এতিয়া ডাঙৰ হ’লহেঁতেন !

নিয়তিৰ কি পৰিহাস !

জেনী মাথুৰৰ ওচৰলৈ আহি তাইৰ টপটোৰ বুটামটো খুলিবলৈ লৈ ৰৈ গ’লোঁ। নোৱাৰোঁ, মই নোৱাৰোঁ। পাৰিবই লাগিব। মই জোৰেৰে ফালি দিলোঁ। চকুযুৰি মুদি দিলোঁ। নাচাওঁ বুলি ভাবিও তাইৰ বগা বুকুৰ মাজত থকা টাটুটোলৈ চাই ৰ’লোঁ। এয়া কি? কেনেদৰে সম্ভৱ? এটা হাৰ্ট চিনৰ মাজত পদুমৰ নামেৰে অংকিত টাটুটোৱে কৈ গ’ল বহু কথা। নজনা, নুশুনা!

পাৰ হৈ অহা ক্ষণবোৰ আকৌ চকুৰ আগত নাচিবলৈ ধৰিলে। মনত পৰি গ’ল জুনুকাৰ ভায়েকৰ বিয়া।

চাৰিওফালে আলোকৰ সমাহাৰ ঘটিছিল। নিশাটো শুভ্ৰ হৈ উঠিছিল। হঠাৎ আকাশ কঁপাই তোলা বিজুলীৰ চকমকনিত গোটেইখন চেদেলি-ভেদেলি হৈ পৰিছিল। মই জুনুকাক বিচাৰি আছিলোঁ। বহুত সময় তাইৰ দেখা দেখি নাই। হাঁহিৰ শব্দ কিছুমান ভাঁহি আহিছিল এটা কোঠাৰ পৰা। হাঁহিটো মোৰ চিনাকি। মোৰ পৰিচিত। কিন্তু হাঁহিৰ লগতে থকা আন শব্দবোৰ? ভগৱানৰ নাম লৈছিলোঁ। মোৰ জুনুকা এনেকুৱা নহয় ! ৰৈ আছিলোঁ তাতে। আধা ঘণ্টাৰ পাছত জুনুকা ওলাই আহিছিল। লগতে বিয়াৰ আলহী তথা প্ৰখ্যাত হীৰা ব্যৱসায়ী গুলচন শ্বাহ। জুনুকাৰ ভায়েকৰ বিজনেছ পাৰ্টনাৰ মিঃ শ্বাহ।

গুৰ গুৰ শব্দৰে আকাশ ভেদি আহিছিল কজলা মেঘৰ চকুলোবোৰ, আকাশেও কান্দিছিল যেতিয়া বিশ্বাসবোৰ আঙুলিৰ ফাঁকেৰে সৰি পৰিছিল। এজন গোৱালৰ ক’ত সন্মান আছে সেইখন সমাজত ! মোক বাহিৰলৈ ঠেলি লৈ গৈছিল জুনুকাই। “তুমি যাব পাৰাঁ। মোক বিচাৰি নাহিবা৷”

কথাখিনি মোৰ মানস পটত ৰৈ গ’ল। ইমান যন্ত্ৰণাকাতৰ, ইমান বিষাদ ভৰা কথাকেইটা এক পলকতে কৈ জুনুকা ভিতৰলৈ গুচি গৈছিল।

মই কান্দিছিলোঁ। বহুত কান্দিছিলোঁ। কিন্তু এজন গোৱালৰ চকুলোৰ কিমাননো মূল্য আছে? বৰষুণতে তিতিছিলোঁ। ভাবিছিলোঁ জুনুকা এবাৰ হ’লেও আহিব। কিন্তু নাহিল। কেতিয়াও নাহিল জুনুকা পদুমৰ ওচৰলৈ।

এইবোৰে মোক মাতাল কৰি তোলে। হীৰাৰ চকমকনিৰ মাজতে নিজৰ চিকমিক পোহৰখিনি ক’ত হেৰুৱালে এই জুনুকাই? আৰু তাইৰ উঠন বুকুৰ মাজত অংকিত টাটুটো ? তাই বাৰু নিজৰ ভুল বুজি উঠিছিল নেকি? মই জানিবই লাগিব এই অনাদি অনন্ত চক্ৰৰ মাজত তাই কিদৰে সোমাই গৈছিল? তাই বাৰু আকৌ ঘূৰি আহিবনে? আহিব, আহিব! তাইৰ মুখখন হাতেৰ চুই চাইছোঁ। মোৰ জুনুকা। মোৰ চকুযুৰি আকৌ সেমেকি উঠিল।

মোৰ যেন অলপ আত্ম-বিশ্লেষণৰ প্ৰয়োজন হৈছে। মই প্ৰকৃততে কি বিচাৰোঁ, সেয়া যেন স্থিৰ কৰিব পৰা নাই। কিন্তু বুজিছোঁ। আচলতে আত্মশুদ্ধিৰ প্ৰয়োজন হৈছে। হাজাৰ চেষ্টা কৰিলেও মই একো কৰিব নোৱাৰোঁ। সৰুতে আই-পিতায়ে থাপি দিয়া কথাখিনি মন-মগজুত থিতাপি লৈ এনেদৰে ক্ৰিয়া কৰি আছে যে, বেয়া কথাৰ কোনো হ’ৰমন ছিক্ৰেশ্বন নহয়। পদুম ছাৰ সেই পদুম ছাৰেই হৈ থাকিল । যদিও এজন সাধাৰণ গোৱালৰ পৰা গৈ এজন আগশাৰীৰ ব্যৱসায়ী তথা “জুনুকা ডায়েৰী”ৰ স্বত্তাধিকাৰী ৰূপে পৰিচিত হ’লোঁ, তথাপি মই ভালপাওঁ ক’বলৈ “মই পদুম ছাৰ”।

বুজিলোঁ! ভালপোৱা মানুহগৰাকী আগতে শেষ হোৱা এখন মষ্ট ফেভাৰিট উপন্যাসৰ দৰে। ধূলি জমে, কভাৰখন ছিগি যায়, তথাপি পাতবোৰ লুটিয়াই দিলেই যেন এক পৰিচিত সুগন্ধি চৌদিশ বিয়পাই উঠে।

যি ভাগ্যৱান তেওঁলোকে এই ভালপোৱাৰ ঘ্ৰাণ সদায় পায় কাষৰ গাৰুত প্ৰত্যেক দিনা।

কিন্তু তেওঁলোকো সৌভাগ্যৱান যিজনে হাজাৰ পৰিৱৰ্তনৰ পাছতো কোনো এজনক অকলে অকলেই ভাল পাই থাকিব পাৰে পুৰণি উপন্যাসৰ দৰে। হয়তো ময়ো তেনে এজন ভাগ্যৱান। জুনুকাক মই পাহৰিবই নোৱাৰিলোঁ। ভাবিছিলোঁ জুনুকাৰ ওপৰত ৰিভেঞ্জ ল’ম। কিন্তু মই নোৱাৰোঁ।

জুনুকা আছিল মোৰ প্ৰাণৰ প্ৰেম,

জুনুকা আছিল মোৰ হৃদয়ৰ প্ৰহৰী,

জুনুকাবিহীন মই এতিয়াও বিচাৰোঁ

আহক জুনুকা মোৰ ঘৰলৈ।

মই সাবটি ল’ম,

হাছনাহানাৰ সুবাসেৰে।

দুটোপাল তপত চকুলো জেনীৰ কপালত পৰিল। মচি দিলোঁ। মৰমৰ পৰশেৰে জেনীৰ কপালত চুমা আঁকি দিলোঁ। জেনীক বুজাম, জেনীক ওভতাই আনিম। জুনুকাই বুজিব। হয়তো প্ৰথমতে খং কৰিব, পাছত অভিমান কৰিব, শেষত মোৰ হাতত হাত ধৰি ইয়াতে ৰৈ যাব।

“জুনুকা…জুনুকা … উঠাঁ…।”

জুনুকাই একো ৰেছপণ্ড কৰা নাই দেখোন। আকৌ মাতিলোঁ। জোৰকৈ মাতিলোঁ। তাই লৰ-চৰ কৰা নাই। ভয় লাগি আহিছে। ড্ৰাগছৰ মাত্ৰাটো বাৰু বেছি হৈছিল নেকি? হাতৰ পাল্‌ছ্ চালোঁ। সৰ্বশৰীৰ শীতল হৈ পৰি ৰৈছিল। তাইৰ মুখেৰে ফেন ওলাই আহিছিল।

ঈশ্বৰে বোলে ফৰিংটোলৈকে পোক চৰজিছে। তেনেহ’লে মোৰ বাবে? বাৰে বাৰে এইদৰে! মোৰ চকুৰ নোমখিনি চকু পানীৰে সেমেকি উঠিল।

“জু…জু…জুনুকা…উঠাঁ…।”

নাই জুনুকা নুঠিল।

মই কি কৰোঁ বাৰু? বলিয়াৰ দৰে চিঞৰি উঠিলোঁ। পকেটত থকা ড্ৰাগছৰ পেকেটটো ফালি মুখত ঢালি দিলোঁ। এক স্বস্তিৰ নিশ্বাস ! পৰম শান্তি অনুভৱ কৰিছোঁ।

ঠিকনা : হয়বৰগাঁও,  নগাঁও

Email : minararaja@gmail.com

ভ্ৰাম্যভাষ : 9435760518

Visited 2 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close