Written by 11:53 am Articles

অপ্ট’মেট্রি (Optometry)

 ড° বুলজিৎ বুঢ়াগোহাঁই

অপ্ট’মেট্রি (Optometry) পাঠ্যক্রমত মানৱ দেহৰ অন্যতম অংগ চকুৰ গঠন আৰু কাৰ্যপদ্ধতিৰ বিষয়ে অধ্যয়ন কৰা হয়। অপ্ট’মেট্রি পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। অপ্ট’মেট্রিষ্টসকলে চকুৰ বিভিন্ন ধৰণৰ ৰোগ নিৰ্ধাৰণৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰে আৰু চকুৰ বাবে আৱশ্যক হোৱা চশমা, লেঞ্চ আদি প্রদান কৰে। এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে অপ্ট’মেট্রিষ্টসকলে চকুৰ অস্ত্রোপচাৰ নকৰে৷

অপ্ট’মেট্রিৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞানসহ উত্তীৰ্ণ হ’ব লাগে। অপ্ট’মেট্রিত চাৰ্টিফিকেট, ডিপ্ল’মা, স্নাতকোত্তৰ আৰু পি. এইচ. ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে।

অপ্ট’মেট্রিষ্টসকলৰ কিছুমান গুণ থকা দৰকাৰ, যেনে – সহনশীলতা, আত্মবিশ্বাস, সুন্দৰ দৃষ্টিশক্তি, কৰ্ত্তব্যপৰায়ণতা, নিষ্ঠা, দায়িত্ববোধ, বৈজ্ঞানিক মানসিকতা, কষ্টসহিষ্ণুতা, অনুসন্ধিৎসু মন আদি।

অপ্ট’মেট্রিত শিক্ষা গ্রহণ কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল– অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স,  নতুন দিল্লী (http://www.aiims.edu), ল’টাচ কলেজ অৱ অপ্ট’মেট্রি, মুম্বাই (http://www.lcoo.edu.in), এচ. আৰ. এম. য়ুনিভাৰ্চিটি’ (https://www.srmist.edu.in), এচ এন ডি টি ৱিমেনজ্ য়ুনিভাৰ্চিটি’(http://sndt.digitaluniversity.ac), ভাৰতী বিদ্যাপীঠ (http://optometry.bharatividyapeeth.edu), গান্ধী চকু চিকিৎসালয়, আলিগড় (http://www.gandhieyehospitalaligarh.in), সীতাপুৰ চকু চিকিৎসালয়, সীতাপুৰ (http://sitapureyehospital.org),এল ভি প্রসাদ আই ইনষ্টিটিউট, হায়দৰাবাদ (http://www.lvpei.org), বিৰলা ইনষ্টিটিউট অৱ টেকন’লজী (http://www.bits-pilani.ac.in),মণিপাল বিশ্ববিদ্যালয় (http://manipal.edu) আদি।

      অসমৰ শ্রীমন্ত শংকৰদেৱ চিকিৎসা বিশ্ববিদ্যালয় (www.ssuhs.in) অধীনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী (http://www.gmchassam.gov.in) ত থকা  আঞ্চলিক চকু বিজ্ঞান প্ৰতিষ্ঠান (Regional Institute of Ophthalmology, RIO), শ্রী শংকৰদেৱ নেত্রালয় (http://www.ssnguwahati.org),  অসম ডাউন টাউন বিশ্ববিদ্যালয় (https://adtu.in) আৰু যোৰহাট জিলাতো অপ্ট’মেট্রিত শিক্ষা গ্রহণ কৰিব এখন শিক্ষানুষ্ঠান (Ridley College of Optometry, http://ridleycollegeofoptometry.in )আছে।

এই শিক্ষানুষ্ঠানবোৰৰত অপ্ট’মেট্রিৰ পাঠ্যক্রমত নামভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে। লগতে নামভৰ্তিৰ বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয়। ছাত্র-ছাত্রী তথা অভিভাৱকসকলে অসমত অপ্ট’মেট্রি বিভিন্ন পাঠ্যক্রমৰ সবিশেষ জানিবলৈ অসমৰ শ্রীমন্ত শংকৰদেৱ চিকিৎসা বিশ্ববিদ্যালয়ৰ ৱেবছাইট(www.ssuhs.in) আৰু অসম চৰকাৰৰ ‘চিকিৎসা শিক্ষা সঞ্চালকালয়’ৰ ৱেবছাইট (https://dme.assam.gov.in)-ত চাব পাৰে। লগতে অপ্ট’মেট্রিৰ বিভিন্ন পাঠ্যক্রমত শিক্ষা গ্রহণ কৰাসকলে ‘অপ্ট’মেট্ৰি কাউঞ্চিল অৱ ইণ্ডিয়া (https://optometrycouncilofindia.org)’ ত নাম পঞ্জীয়ন কৰিব পাৰে।

অপ্ট’মেট্রিৰ  শিক্ষা গ্রহণ কৰি শিক্ষাৰ্থীসকলে চকু চিকিৎসালয়ত নিযুক্তি লাভ কৰিব পাৰে। চশমা, লেঞ্চ আদি নিৰ্মাণ কৰা উদ্যোগ তথা চশমাৰ দোকানতো চাকৰি কৰিব পাৰে। ইয়াৰ উপৰি  অপ্ট’মেট্রিষ্টসকলে ক্লিনিক স্থাপন কৰি স্ব-নিয়োজনৰ ব্যৱস্থাও কৰিব পাৰে। চিকিৎসা মহাবিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে।

ঠিকনা ঃ

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল : buljit@gmail.com

www.buljit.com

বি.দ্র.: কেৰিয়াৰ পৰামৰ্শৰ বাবে লেখকলৈ শনিবাৰে বিয়লি ছয় বজাৰ পৰা ন বজালৈ ফ’ন(৯৪৩৫১৮৮৬৩০)কৰিব পাৰে।

Visited 2 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close