Written by 11:53 am Poems

কণ-কবিতা

 অনসূয়া বৰঠাকুৰ

          (১)

জালুকবাৰীৰ তালুকদাৰে

     পিন্ধি মিবু-গালুক,

শেলুক বুটলি থাকোঁতেই

     ওলালহি এটা ভালুক।

         (২)

       এলি অ’ এলি,

গেলা গৰমত থাক কিয়

     চুলিকোছা মেলি?

         (৩) 

কাকডোঙাৰ কনকে

  পাণ বুলি চোবালে

জালুকৰ পাতখনকে।

        (৪)

কংকনে শংকৰক

   কৰা দেখি খং,

হাফলঙৰ ৰংমনৰ

   হেৰাল মনৰ ৰং।

 ঠিকনা :

জ’ৰথাং, দক্ষিণ ছিকিম

Visited 2 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close