Written by 11:45 am Poems

ছাঁ তেজৰ দৰে

বৰ্ণালী বড়া

ছাঁটোৱে কথা নকয়

ছাঁটোৱে উশাহ নলয়

ছাঁটোৱে গানো নাগায়

মাথোঁ মোক অনুকৰণ কৰে প্ৰতিটো ক্ষণতে

ছাঁটোৱে মোৰ পিছ নেৰে

মই য’লৈকে যাওঁ মোৰ লগে লগে ত’লৈকে যায় মোৰ ছাঁ

মোৰ একান্ত অনুচৰ

এখন নিৰ্বাক ছবিৰ দৰে

ছাঁটোৱে হাঁহে নাচে ভাত খায় খোজ কাঢ়ে গা ধোৱে কাপোৰ সলায়

মোৰ ছাঁ মোৰ আজন্ম সংগী

শৈশৱৰ যৌৱনৰ অনাগত প্ৰৌঢ়ত্বৰ

সেইবাবেই ছাঁটো মোৰ আপোন

যি মৃত্যু অৱধি মোৰ সহচৰ

ছাঁটোৰ মাজত মই মোক দেখোঁ

তোমাৰ দুচকুতো যি ছবি নেদেখোঁ

ছাঁ চাগে সকলোৰে আছে…

আছেনে প্ৰেমৰ ছাঁ

আছেনে দুখৰ ছাঁ…

বেলিৰ ছাঁ নাই

নাই আকাশৰো 

ছাঁ নাই মাটিৰো

বেলিয়ে ছাঁৰ আকাৰ গঢে.

টুটে, বাঢ়ে

ছাঁৰ কোনো জাত নাই

ছাঁৰ কোনো বৰণ নাই

ছাঁ তেজৰ দৰে

পিছে ছাঁৰহে ছাঁ নাই

ঠিকনা :

সেউজপুৰ, জয়ানগৰ, দুলীয়াজান-৭৮৬৬০২,

ডিব্ৰুগড়, অসম, ম’বাইল নং-৯৯৫৪৬৮৪৭৮৭

Visited 3 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close