Written by 11:45 am Poems

হোৱাটছ গয়িং অন

 ৰিপুঞ্জয় বৰুৱা ঋমন

 হোৱাটছ গয়িং অন ?

ঢেৰ কিবাকিবি ।

দ্যা কাশ্মীৰ ফাইলছ-গংগুবাই কুঠিয়াবাড়ী

ৰিলায়েঞ্চ বনাম চৰ-কাৰী চা-কৰি

গৰু গা-হৰি

নেমু পুৰাণ 

যৌন চেতনা যৌন যাতনা গৰ্ভপাত ৰক্তপাত ৰক্তচাপ

চুপাৰথিন কণ্ডম । 

আৰু ?

আৰু আই-পিল, মালা-ডি ! 

ডি মানে ডিজঅৰ্ডাৰ  

ডিস্ক্ ডিজিজ্ মনৰ, দেহৰ, দহৰ ।

প্ৰতি মাইক্ৰ’ছেকেণ্ডত বাঢ়ে ডাৰ্ক বানানা !

ই কি মেনিয়া

যাৰ ৰক্ত বগা

যাৰ সোৱাদ নিমখীয়া ।

কামদেৱৰ কংকালত কামসূত্ৰৰ কথা

কথাবোৰ মানসিক ডিফিচিয়েঞ্চী  

ইনকামিং কলৰ সুবিধা নোহোৱাৰ দৰে ।

টেঁটু গুৰিলৈকে গিলি 

গেলেক্সীত মস্তানৰ টিঘিলঘিলনি ।

ঠিকনা :

বিৰিণা পথ, গৃহ নং – ৩
জনকপুৰ চাৰিআলি, কাহিলীপাৰা
গুৱাহাটী-১৯
ভ্ৰাম্যভাষ-৬৯০১৮৫৬০৮৫

Visited 4 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close