মূল: সুধা মূৰ্তি
অনুবাদ: স্ৰোতস্বিনী তামুলী

নুনি এজনী বাৰ বছৰীয়া ছোৱালী। তাই দৌৰি-ঢাপৰি, গছত উঠি বৰ ভাল পায়। তাই খায়ো ভাল পায়। কিন্তু ৰন্ধা-বঢ়াতহে অলপো চখ নাই। আনকি তাই টিভি চায়ো খুব বেছি ভাল নাপায়। অৱশ্যে তাই কেতিয়াবা চোটা ভীম চায় বাৰু। নুনিয়ে কম্পিউটাৰত গেম খেলিবলৈও ইচ্ছা নকৰে।
ঘৰত থাকিলে তাই পঢ়া-শুনা কৰি থাকিবলৈ ভাল পায়। সৰহ সংখ্যক ছোৱালীয়ে ভাল পোৱাৰ দৰে নুনিয়ে সাজ-পোছাকত মুঠেই গুৰুত্ব নিদিয়ে। নুনিৰ দেউতাকে তাইক বিভিন্ন ৰঙৰ স্কাৰ্ট, হেয়াৰ বেণ্ড, ফ্ৰক আনি দিয়ে। নুনিৰ কিন্তু টি-শ্বাৰ্ট আৰু জীনছহে প্ৰিয়।
নুনি সৰু হৈ থাকোঁতে তাইৰ একোছা দীঘল চুলি আছিল। কিন্তু তাই অলপ ডাঙৰ হৈ অহাত মাকৰ অনিচ্ছা সত্তেও তাই চুলিখিনি কাটি পেলালে। এই কথাটোত মাক যথেষ্ট অসন্তুষ্ট।
নুনিৰ প্ৰকৃত নাম অনুষ্কা। কিন্তু তাইক সকলোৱে নুনি বুলিয়েই মাতে। তাই বাংগালোৰৰ কেন্দ্ৰীয় বিদ্যালয় নামৰ স্কুলখনৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী।
আজিৰ দিনটো নুনিৰ বাবে বৰ গুৰুত্বপূৰ্ণ। আজি তাইৰ শ্ৰেণীৰ বাৰ্ষিক ফলাফল ঘোষণা কৰিব। ৰিপ’ৰ্ট কাৰ্ডখন হাতত লৈ তাই চকু দুটা মুদি ঈশ্বৰক চিন্তা কৰিলে যাতে এইবছৰ এটা ভাল স্থান লাভ কৰে তাই। কিন্তু ৰিপ’ৰ্ট কাৰ্ডখনত চকু ফুৰাই তাই নিৰাশ হৈ পৰিল। তাই এইবাৰ শ্ৰেণীৰ ভিতৰত দশম স্থানহে লাভ কৰিছে। তেনেতে তাইৰ বান্ধৱী ৰাম্যা জঁপিয়াই জঁপিয়াই আহি তাইৰ ওচৰ পালেহি। নুনিয়ে তাইলৈ চাই হাঁহিলে। নুনিয়ে ৰাম্যা শ্ৰেণীত প্ৰথম হোৱা বুলি গম পাই বৰ আনন্দ পালে আৰু তাইক শুভেচ্ছা জনালে।
নুনিৰ বন্ধু-বান্ধৱীসকলে লগ হৈ গৰমৰ বন্ধত কি কি কৰিব আলোচনা কৰি আছিল। কোনোৱে সাঁতোৰ শিকিব, কোনো-কোনোৱে ছবি আঁকিব আৰু গান-নাচ শিকিব। নুনিৰ পৰিকল্পনা কিন্তু বেলেগ এইবাৰ। এইবাৰ তাই মাক-দেউতাকৰ সৈতে কুৰ্গ নামৰ ঠাইডোখৰলৈ যাব। প্ৰায় দহ দিনমান কুৰ্গত কটোৱাৰ পাছত নুনিহঁত ঘৰলৈ উভতি আহিব। তাৰ পৰা উভতি অহাৰ পাছত নুনিয়ে এটি গ্ৰীষ্মকালীন শিবিৰত অংশ ল’ব, য’ত তাইক ব্যায়াম, ছবি, মাটিৰে বিভিন্ন বস্তু নিৰ্মাণ কৰাৰ শিক্ষা দিয়া হ’ব। তেনেকুৱাতে তাইৰ গ্ৰীষ্ম বন্ধও শেষ হ’ব আৰু পুনৰ স্কুল আৰম্ভ হ’ব।
নুনিয়ে জানে প্ৰতিবাৰ ফুৰিবলৈ যোৱাৰ দৰে সেই ঠাইৰে এখন ৰিজ’ৰ্ট দেউতাকে আগতীয়াকৈ ঠিক কৰি থৈ দিছে। আনবাৰৰ দৰে এইবাৰো মাকে বজাৰৰ পৰা কিছুমান খোৱাবস্তু ক্ৰয় কৰি ল’ব। মন গ’লে মাজে-মাজে তেওঁলোকে ৰেস্তোৰাঁতো খোৱা-লোৱা কৰিব। নুনিৰ দেউতাক এজন ফটোগ্ৰাফাৰ। গতিকে তেওঁ অনবৰতে ফটো তোলাত ব্যস্ত হৈ থাকিব। যদিহে ৰিজ’ৰ্টখনত পুখুৰীৰ ব্যৱস্থা থাকে দুই-এদিন নুনি আৰু তাইৰ দেউতাকে সাঁতুৰিব।
নুনিয়ে সদায় পৃথক আৰু নতুন কাম কিছুমান কৰিবলৈ ভাল পায়। কিন্তু তাই কি কৰিব একো ভাবিও পোৱা নাছিল। তাইৰ ইন্দোৰ চহৰত বাস কৰা মাকৰ মাক অৰ্থাৎ আইতাকক লগ পাবলৈ বৰকৈ মন গৈ আছিল। কিন্তু নুনিৰ মাক-দেউতাকে গৰমৰ দিনত সেই ঠাইলৈ যাবলৈ ইচ্ছা নকৰে। দেৱালীৰ সময়ত মাকে তাইক এবাৰ ইন্দোৰলৈ কেইবাদিনো থকাকৈ লৈ গৈছিল। কিন্তু তাই তাত থাকি বৰ ভাল ভাল পোৱা নাছিল। যদিও নুনিহঁতৰ পৰিয়ালৰ মানুহে ঘৰত কন্নড় ভাষাত কথা পাতে, কিন্তু বাহিৰত সকলো মানুহে হিন্দী ভাষাতহে কথা কয়। সেইবাবে নুনিৰ তাত কাৰো সৈতে বন্ধুত্ব গঢ় লৈ উঠা নাছিল।
নুনিৰ দেউতাক ডাক্তৰ শেখৰৰ পিতৃ অৰ্থাৎ নুনিৰ ককাদেউতাক এজন খেতিয়ক। তেওঁলোক সোমানাহালি নামৰ এখন সৰু গাঁৱত বসবাস কৰে। এই গাঁওখন বৰাদা নদীৰ পাৰত উত্তৰ কৰ্ণাটকত অৱস্থিত। প্ৰত্যেক বছৰ গণেশ উৎসৱৰ দিনা নুনিহঁত তালৈ যায়। অৱশ্যে নুনিৰ দেউতাকে তাত থাকি বৰ ভাল নাপায়। সেয়ে তেওঁ তালৈ গ’লে যিমান পাৰে সোনকালে গুচি যাব খোজে। আনহাতে নুনি আৰু নুনিৰ মাকে বিশাল পথাৰ, হাবি আৰু সেউজীয়া পাহাৰবোৰ চাই সময় কটাবলৈ খুব পছন্দ কৰে। নুনিয়ে ককাকৰ সৈতে ৰাতিপুৱা খোজ কাঢ়িবলৈ যায়। তাই দেখিবলৈ পায় বিবিধ পাচলি আৰু ফল-মূলৰ খেতি, কলৰ বাগান আৰু ধাননি পথাৰ।
কথাবোৰ ভাৱি-গুণি থাকোঁতেই নুনিৰ বাছৰ পৰা নামিবৰ হ’লেই। তাই লৰালৰিকৈ বাছৰ পৰা নামি ঘৰলৈ বুলি খোজ ল’লে। নুনিহঁত জয়ানগৰৰ এটা ফ্লেটৰ চতুৰ্থ মহলাত থাকে।
দৰ্জাখন খুলি ভিতৰ সোমাই নুনি বৰ আচৰিত হ’ল।
“মা, আজি তুমি ইমান সোনকালে অ’ফিচৰ পৰা আহিলা! “
মাকৰ উত্তৰলৈ বাট নাচায় তাই খৰধৰকৈ মুখ-হাত ধুই কাপোৰ সলালে।
মাকে দুখমনেৰে আহি নুনিক ক’লে- “নুনি তুমি দুখ নকৰিবা। এইবাৰ আমি কুৰ্গলৈ যাব নোৱাৰিম৷”
“একো নাই মা। কিন্তু কিয় যাব নোৱাৰিম মা?”
“মই বিশেষ প্ৰশিক্ষণ এটা ল’বলৈ ছমাহমানৰ বাবে দিল্লীলৈ যাব লাগিব৷”
“বঢ়িয়া হ’ব মা। ময়ো যাম তোমাৰ লগত” -এইবুলি নুনিয়ে আনন্দতে মাকক জোৰেৰে সাবটি ধৰিলে।
মাকে জানে নুনিয়ে বেলেগ বেলেগ ঠাই চাই আৰু সেই ঠাইবোৰৰ বিষয়ে জানি বৰ ভাল পায়। মাক এসময়ত বুৰঞ্জীৰ ছাত্ৰী আছিল। তেওঁ মাজে-সময়ে নুনিক বুৰঞ্জীৰ বিভিন্ন ঘটনা-দুৰ্ঘটনাবোৰ নুনিক কাহিনীৰ দৰে কৈ শুনায়। কেই বছৰমানৰ পূৰ্বে নুনিহঁত চাৰিদিনমানৰ বাবে দিল্লীলৈ গৈছিল। নুনিয়ে তাত কুটুব মিনাৰ, লালকিল্লা ইত্যাদি ঐতিহাসিক কীৰ্তিচিহ্নসমূহ চাবলৈ গৈছিল। নুনিয়ে এইবোৰৰ অন্তৰালত থকা কথাবোৰ সুধি সুধি মাকক তৎ নোহোৱা কৰিছিল।
“নহয় মাজনী। এইবাৰ মোৰ সৈতে তুমি যাব নোৱাৰিবা। তাতে এই সময়ত দিল্লীত খুব গৰম পৰিছে৷”
“ইন্দোৰতকৈও গৰম পৰিছে?”
“ওঁ ! তাতোকৈও বেছি গৰম পৰিছে৷” – মাকে ক’লে।
“তেনেহ’লে এইবাৰ গোটেই বন্ধটো মই শিবিৰতে কটাব লাগিব৷”
“প্ৰয়োজনীয় নহয়। ৰ’বাচোন মই দেউতাৰ সৈতে কথাটো আলোচনা কৰোঁ৷”
সেইদিনা দেউতাকো কামৰ পৰা অলপ সোনকালে উভতি আহিল। নুনিহঁতৰ দৈনিক ৰুটিনখন কটকটীয়া। প্ৰত্যেক দিনাই নুনিৰ মাকে পুৱা সোনকালে উঠে আৰু সকলোৰে বাবে পুৱাৰ আৰু দুপৰীয়াৰ আহাৰ প্ৰস্তুত কৰে। গা-পা ধুই পুৱাৰ আহাৰ খাই নুনি স্কুললৈ যায় আৰু নুনিৰ মাক-দেউতাক দুয়োজন কামলৈ ওলাই যায়। দুপৰীয়া মাক-দেউতাক দুয়ো একে সময়তে ঘৰলৈ উভতি আহে আৰু একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। তাৰ পাছত নুনিৰ মাক লৰালৰিকৈ ওলায় আৰু দেউতাকে অলপ জিৰণি লয়। দেউতাক আবেলি সময়তহে পুনৰ হস্পিতাললৈ যায় আৰু ৰাতি পলমকৈ ঘূৰি আহে।
অৱশ্যে শনিবাৰৰ ৰুটিনখন বেলেগ। সেইদিনা নুনি আৰু মাক দুয়ো বাৰ বজাত ঘৰলৈ আহে। আবেলি মাকে নুনিক সাঁতোৰ শিকাবলৈ লৈ যায়। দেওবাৰ মানে হ’মৱৰ্কৰ দিন।
ৰাতি ভাতৰ টেবুলত নুনিয়ে বন্ধটো ক’ত কটাব তাকে লৈ মাক-দেউতাকে আলোচনা আৰম্ভ কৰিলে। কিন্তু বহু সময়ৰ আলোচনাৰ শেষতো তেওঁলোকে একো সিদ্ধান্ত ল’ব নোৱাৰিলে। তেওঁলোকৰ কথা-বতৰা চলিয়েই থাকিল। নুনিয়ে লাহেকৈ উঠি আহি শোৱাকোঠাত টি ভি-ত চোটা ভীম চাবলৈ বহিল।
“আমি দেখোন নুনিক ইন্দোৰত কিছুদিনৰ বাবে থৈ আহিব পাৰোঁ।” -মাকে ক’লে
“তাত বহুত বেছি গৰম পৰিছে এতিয়া। অৱশ্যে মই মা আৰু দেউতাক তাইক চোৱা-চিতা কৰিবলৈ ইয়ালৈকে মাতি দিব পাৰোঁ।” – দেউতাকে ক’লে।
“মই নাভাবোঁ যে তেওঁলোকে নিজৰ ঘৰখন এৰি ইমানদিনৰ বাবে ইয়ালৈ আহিব। তুমি দেখোন জানাই তেওঁলোকে আমাৰ এই সৰু ঘৰটোত কিমান দিগদাৰ পায়! “
“তুমি এইবাৰৰ বাবে প্ৰশিক্ষণটো বাদ দিব নোৱাৰাঁ নে? “
“নোৱাৰোঁ। এই প্ৰশিক্ষণ অ’ফিচৰ প্ৰতিজন কৰ্মচাৰীৰ বাবে বাধ্যতামূলক।”
কিছুপৰ চিন্তা কৰি থাকি দেউতাকে নুনিৰ ককাকলৈ ফোন লগালে। তেওঁ গোটেই সমস্যাটোৰ বিষয়ে নুনিৰ ককাকক বুজাই ক’লে। ককাকৰ সৈতে কথা-বতৰা শেষ কৰি দেউতাকে মাকৰ পিনে চাই ক’লে-
“আপ্পাই বেলেগ এটা কথাহে ক’লে। তেওঁৰ মতে আমি নুনিক তাতে থৈ আহিবগৈ পাৰোঁ। কাৰণ তেওঁলোক আহিব নোৱাৰে। আপ্পাৰ এজনী গাই গাভিনী হৈ আছে। তাতে আকৌ সাৰাসু খুড়ীৰ নাতিনীয়েকৰ বিয়া। ইফালে আমৰ বতৰ আৰম্ভ হৈ গৈছে। আপ্পাৰ কামৰ পৰা আজৰিয়েই নাই মুঠতে।”
“আপ্পাই সঁচা কথাকে কৈছে। তেওঁৰ বাবে গাইজনী, বিয়াখন সিমানেই গুৰুত্বপূৰ্ণ যিমান মোৰ বাবে এই প্ৰশিক্ষণ। “
তেওঁলোকে নুনিক মাতি আনিলে। নুনিয়ে চোটা ভীম চাই আছিল যদিও সকলো কথা শুনি আছিল। তায়ো সোমানাহালিলৈ যোৱাটোকে পচন্দ কৰিলে।
“মই আজ্জাৰ ঘৰলৈ যাম।” – নুনিয়ে ঘোষণা কৰিলে।
নুনিৰ কথাষাৰত মাকে সকাহ পালে।
“আমি এতিয়া সোনকালে শুই পৰিম। কাইলৈ পুৱা তোমাক দেউতাই তাত থৈ আহিবগৈ। মই তোমাৰ বস্তু-বাহানিবোৰ সামৰি দিম আৰু আজ্জা-আজ্জীৰ বাবেও কিছু বস্তু তোমাৰ হাততে দি পঠিয়াম৷”
“ভালেই হ’ব বুজিছা। মই মোৰ লগত বিৱেককো লৈ যাম৷” – দেউতাকে হয়ভৰ দিলে।
নুনিয়ে পুনৰ শোৱা কোঠালৈ আহিল আৰু চোটা ভীমৰ শেষৰখিনি চাবলৈ বহিল।
(আগলৈ)