নীলোৎপল বৰুৱা

পাত্ৰাছ মুণ্ডা পাপী নহয়।
আনমনা। অন্যমনস্ক।
তাকো মাত্ৰ প্ৰাৰ্থনাৰ সময়তহে। বাকী-তেওঁ চিকাৰী ঢোৰাসাপ এটাৰ দৰেই প্ৰখৰ আৰু দ্ৰুত।
কপাল, বাহু আৰু তাৰ পাছত নাভীত চুই কাল্পনিক যোগ চিন এডাল আঁকি মুখৰে ‘পিতা পুত্ৰ আৰু পৰমাত্মাৰ নামত’ বুলি কৈয়েই পাত্ৰাছ মুণ্ডাই প্ৰাৰ্থনাবোৰ সামৰি পেলাইছিল।
তাত ঈশ্বৰ পুত্ৰৰ প্ৰতি বহুত বেছি একো অভিযোগ কিম্বা অনুযোগ নাছিল। মাত্ৰ সকলোৱে ‘আমেন’ বুলি কওঁতে তেওঁ দুচকু জপাই দিছিল। সিমানেই। তাৰ বাদে তেওঁ নিজাববীয়াকৈ কেতিয়াও প্ৰাৰ্থনা কৰি পোৱা নাই।
প্ৰাৰ্থনাকালৰ নীৰৱতাত তেওঁৰ মগজুলৈ বাৰে-বিংকৰা ভাৱ অথৱা শূন্যতা আহে। প্ৰতিবাৰেই।
(মৰূৎ বৰদেউতাৰ মতে পাত্ৰাছ মুণ্ডাৰ মল মাহত জন্ম। সেয়া ভাল নে বেয়া পাত্ৰাছ মুণ্ডাই আজিও নাজানিলে। কোনোবা নিভৃত সময়ত তেওঁ কেতিয়াবা তেওঁৰ সকলো বিফলতা আৰু দোষ গুণৰ বাবে মল মাহটোক দোষাৰোপ কৰে। সেই সময়কণত তেওঁ বৰ ওজনহীন আৰু মুকলিমুৰীয়া অনুভৱ কৰে।)
তেওঁৰ শৈশৱৰ চুকাপথাৰৰ প্ৰাৰ্থনাবোৰ জটিল আছিল। বহুধা বিভক্ত। বৰ্শামুখী আৰু আৱদাৰযুক্ত। মানুহবোৰ লেহুকা আছিল। ঈশ্বৰৰ প্ৰতি অহৈতুক আবদাৰেৰে ভৰা। যিকোনো কথাৰ বাবে তেওঁলোকে ঈশ্বৰক দোষী অথৱা দায়ৱদ্ধ কৰি তুলিছিল। যিক্কোনো মানে যিকোনো। সাধাৰণ গাঙঠি এটাৰ পৰা ভোজৰ মঙহৰ কেৰাহীটোত এলান্ধু পৰি যোৱালৈকে।
খোৱাৰত ভৰাই থোৱা গৰুটোক দানা নিদিয়াৰ বাবে আঙুলি ফুটুৱাই ঈশ্বৰক সাক্ষী কৰা, পোণ তামোল গন্তি কৰোঁতে হাতৰ ফাঁকত চাৰিটাৰ ঠাইত কোনোবাৰ পাচঁ ছয়টা সুমুৱাই হিচাপ কমাই পেলোৱা জিতুৰ শাও লাগিব বুলি ডাইৰেক ঈশ্বৰক জনাই দিয়া…
আনকি এনেকুৱা কিছুমান কথাও আছিল যিবোৰৰ বাবে হয়তো ঈশ্বৰ নিজেও লজ্জিত হৈছিল। তাৰ মাজত নিবোকা আৰু বৰ সৎ বুলি মোহৰ মৰা হাৰুণ দৰ্জী আৰু তাৰ মাহীমাকৰ অভিসাৰটোও তেনেকুৱা কথা এটাই আছিল। মানুহে ঈশ্বৰকে দোষী কৰিছিল। আন্দ্ৰিয়াছৰ ল’ৰাটোক খুন্দিউৱা ঠিকাদাৰটোক সংগঠনৰ ল’ৰাই গুলীয়াই মাৰি মাত্ৰ এহাতমান দ গাঁত এটাত পুতি থোৱাৰ খৱৰটো কোনোবাই চুকাপথাৰলৈ আনিছিল। মানুহবোৰে কিছুসময়ৰ বাবে নীৰৱ হৈ থাকি ঈশ্বৰক ধন্যবাদ দিছিল। প্ৰতিফল বোলা বস্তু এটাৰ বাবে দায়ৱদ্ধ আৰুনো কোন আছে এই পৃথিৱীত। বিবিধ প্ৰাৰ্থনা আৰু ধন্যবাদৰে ঈশ্বৰ গধুৰ হৈ আছিল তেতিয়াৰ চুকা পথাৰত।
তেওঁ অৱসৰ লোৱালৈ প্ৰাৰ্থনাবোৰ মোটামুটি সলনি হৈছেগৈ। সকলো কথাৰ বাবে ঈশ্বৰক এতিয়া দোষী অথৱা মহীয়ান কৰা নাযায়। কিছু কথা মানুহে নিজেও মিট-মাট কৰি লয়। বহুতে ঈশ্বৰক ভাগ নিদিয়াকৈ নিজৰ মাজতে ৰাখিব পৰাৰ চেষ্টাত থাকে। মাত্ৰ মৃত্যুৰ বাবেহে ঈশ্বৰ দায়ৱদ্ধ। মৰণ আৰু আওমৰণৰ বাদে মানুহবোৰ অন্য সময়ত নিবোকা।
কেবাটাও নামঘৰ, দুটা মন্দিৰ, এটা মছজিদ আৰু সন্ত মেথ্যিওৰ গীৰ্জাঘৰটোৰে এতিয়া ঠাইটুকুৰা প্ৰাৰ্থনামুখৰ। সকলোৰে সৰল প্ৰাৰ্থনা। মেক্সিমাম প্ৰাৰ্থনাই সহজ মৃত্যুৰ।
পৃথিৱীৰ সকলোকে সহজ মৃত্যু এটা লাগে।
একদম সহজ মৃত্যু। সকলো মানে সকলোকে।
যদু, মধু, নিকোলাই, ডিমিট্ৰি, খ্ৰিয়ান’ভ, পিটাৰচন, আলবাৰ্ট’চ, মাৰিঅ’..
সকলোকে সহজ মৃত্যু লাগে। সাৰ্বজনীন ভাৱে।
এই ধৰক ৰাতিৰ সাঁজ সকলোৱে একেলগে হাঁহি মাতি খালে, কাঞ্চাই কটা পানী নিদিয়া খাঁহী মঙহ খিনিৰ উচ্চস্তৰৰ প্ৰসংশা কৰিলে। কাইলৈ বুলি ৰাখিনো কি কৰিবি, আজিয়েই খাই পেলাওঁ বুলি পালৰ দোকানৰ লালমোহন কেইটা টপটপকৈ গিলি পেলালে! পুৱা দেৰিলৈকে উঠা নাই, চবেই চিঞৰি চিঞৰি মাতি অৱশেষত দৰ্জা ভাঙিলে।
পৃথিৱীৰ সমস্ত প্ৰশান্তি মুখত লেপি ডিমিট্ৰি দুৱৰা মৰি আছে।
যাদৱ নেস্তেৰ’ভৰ এনেকৈ মৰাত অলপো আপত্তি নাই, মাত্ৰ সাৱধানতাৰ অৰ্থে সি আগৰাতি অন্তৰ্বাসৰ সৈতে দীঘল পেন্ট এটা পিন্ধি শুব খোজে। তাৰ মৰাশটোৰ পুৱাৰ স্বাভাৱিক উত্থিত যৌনাংগটো বেলেগে দেখাত তাৰ আপত্তি আছে।
পাৰ্থ প্ৰদীপ বুগিআৰ্ডিনিয়ে নিজৰ প্ৰেমিকাজনীক ফুটপাথেদি গৈ থাকোতে খিড়িকী বন্ধ বিলাসী গাড়ী এখনত অচিনাকি কোনোবা এজনৰ সৈতে অন্তৰংগ অৱস্থাত দেখিলে। অচিনাকী মানুহজনৰ অস্থিৰ হাতখনে চিনাকী শৰীৰটোৰ ভূগোল খেপিয়াই আছিল।
সন্দেহবশতঃ আগবাঢ়ি যাওঁতেই প্ৰেমিকাৰ চকুৱে চকুৱে পৰিল। একো মাত নিদিয়াকৈ, অলপো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ ঘৰলৈ আহি পাৰ্থ প্ৰদীপ বুগিআৰ্ডিনিয়ে দীঘল চিগাৰ এডাল উলিয়াই ল’লে। আৰামকৈ হুপি হুপি চোফাখনতে দীঘল দি পৰিল। ঘুক্ কৈ শব্দ এটা হ’ল। পাৰ্থ প্ৰদীপ বুগিআৰ্ডিনি মৰিল।
মৰিবলৈ এক চিকুট ভয় নকৰোঁ বুলি জীৱনত এবাৰ হ’লেও অভিনয় কৰা পৃথিৱীৰ সকলো আদমজাতে এনেকুৱা মৃত্যুৰ আশাতে উচ্চ-বাচ্য কৰে। কোনো আওমৰণে মৰিব নোখোজে।
ৰাউবাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বাৰাণ্ডাত পেটত আঠমহীয়া মৃত শিশুলৈ তিনিদিন মৰণকাতৰ আৰ্তনাদ কৰি কৰি মৰি যোৱা জুনমিলি কাথাৰপীৰ দৰে কোনো মৰিব নোখোজে!!
ঠৰঙা পৰি যোৱা মৃতদেহটোৰ জৰায়ুয়েদি ভ্ৰুণটোৰ ভৰি এখন ওলাই আছিল।
বোধকৰো ভ্ৰুণটো পেটৰ ভিতৰতে উভতি গৈছিল।
হিচাৰৰ গাঞ্জা বেপাৰীটো!!
পুলিচৰ হাতত ধৰা পৰাৰ ভয়ত হস্পিটাল যাব নোৱৰা জাট গাঞ্জা বেপাৰীটো। বুঢ়ী মাকজনীৰ কোলাত সাতোটা দিন কেঁকাই কেঁকাই মৰিল। ৰামপুৰী চুৰীয়ে নাড়ী-ভুৰু ফালি নিয়া পেটটো।
কেঁচা বনৌষধ চেপি চেপি লগাওঁতে লগাওঁতে পেটৰ ভিতৰলৈকে সেউজীয়া ৰসবোৰ বৈ গৈছিল।
নাঃ, কোনো মৰিব নোখোজে তেনেকৈ।
সকলোকে টিপটপ মৰণ লাগে।
পৰিল কি মৰিল টাইপ।
কেবাটাও দশকৰ অচিনাকি ঘটনাবহুলতাই চুকাপথাৰক সহজ মৃত্যুৰ প্ৰতি লালায়িত কৰিছে।
পাত্ৰাছ মুণ্ডাই আজিলৈকে সহজ মৃত্যুৰ প্ৰাৰ্থনা কৰা নাই। তেওঁ সিমান দূৰলৈকে ভবাই নাই। অৱসৰ লোৱাৰ আগলৈকে তেওঁ মহান ঈশ্বৰৰ ওচৰত কোনো ধৰণৰ আৰ্জি পেশ কৰা নাই।
তেওঁৰ মনত থকা প্ৰথমটোবাৰৰ বাবে যেতিয়া মাকৰ সৈতে কাঠফুলা গজি থকা পিৰালিৰে দীঘলীয়া কাঠ বাঁহৰ গীৰ্জাটোলৈ আহিছিল তাত ঢেৰেহা পেটৰে চাওঁতালী পাদ্ৰী এজনে ঈশ্বৰ উপাসনা পৰিচালনা কৰিছিল। চামৰাৰ গিলিপ খুউৱা পবিত্ৰ পুথিখন পেটৰ ঠিক ওপৰতে লৈ বগা টিউনিক এটা পিন্ধা গোঁফাল মানুহজনে গৰগৰীয়া মাত এটাৰে কৈ আছিল ঈশ্বৰপুত্ৰই আকাশৰ পৰা মান্নাৰ বৰষুণ নমোৱাৰ কথা। সুমিষ্ট, অমৃতৰ দৰে ৰসাল মান্না। জাকে জাকে মানুহ মহান প্ৰব্ৰজনৰ বাবে গৈ থাকোঁতে মৰুৰ মাজত ক্ষুধাতুৰ হৈ পৰিল। ঈশ্বৰপুত্ৰই তেওঁ বিলাকৰ ক্ষুধা নিবাৰণৰ অৰ্থে আকাশৰ পৰা ধনীয়া গুটি আকৃতিৰ মান্নাৰ বৰষুণ পেলাইছিল। নিৰন্ন মানুহবোৰে অনুৰ্বৰা ঠাইখনত পেট ভৰাই মান্না খাইছিল আৰু বগা আলখাল্লা পিন্ধা দড়ীয়া মানুহজনৰ গুণ গানত পঞ্চমুখ হৈছিল।
পাত্ৰাছ মুণ্ডা টিলিকতে সন্মোহিত হৈ পৰিল। প্ৰাৰ্থনাৰ সৈতে সেইটো তেওঁৰ প্ৰথমটো খুন্দা।
কাহিনীবিলাক কোনে জানো ইমান দূৰ ভাৰ বৈ লৈ আহিছিল। চুকাপথাৰ ব্যাপ্তিষ্ট গীৰ্জাটো মান্না মান্না গোন্ধ এটাৰে মলমলীয়া হৈ পৰিছিল। অনুবাদকৰ অক্ষমতাৰে খহটা অসমীয়াত লিখা বাইবেলৰ কাহিনীবোৰ চিধি চিধিকৈ পঢ়িব পৰা দুই এজন মানুহৰ ভিতৰত প্ৰচাৰক ভিনচেন্ট খাড়িয়া অলপ উচ্চখাপৰ আছিল। তেওঁযে এজন বাগ্মী প্ৰচাৰক আছিল এই কথাটোত পাত্ৰাছ মুণ্ডা তেতিয়াই পতিয়ন গৈছিল। মান্নাৰ বৰ্ণনা ইমান ৰসাল আছিল যে পাত্ৰাছ মুণ্ডাই এমুখ মান্না চোবাই থকা যেন অনুভৱ কৰিছিল।
সেইবাৰ তেওঁ এক পলকৰ বাবে অলপ মান্নাৰ প্ৰাৰ্থনা কৰিলে। এটা পলকৰ বাবে মাথোঁ।
সেইটো পাত্ৰাছ মুণ্ডাৰ অলম’ষ্ট প্ৰথমটো প্ৰাৰ্থনা আছিল। অৱশ্যে কেতিয়াও পূৰণ নহ’ল।
মান্না তেওঁ জীৱনকালত দেখা পোৱা নাই। পাছলৈ বহুত সময়ত তেওঁ যিকোনো সোৱাদযুক্ত খাদ্যক শলাগিবলৈ মান্না বুলি কৈছিল। পায়স, চমচম, চেনি দি পগোৱা গাখীৰৰ বাতি, আনকি কোমল আৰু অলপ লেটেকা ভিতৰখনৰে পাগত উঠা গজা একোটা। ধনীয়া পাত দি বহু সময় ধৰি সিজোৱা কোমল গৰুৰ মঙহ, যিবোৰ হাড়ৰ পৰা এৰাই গৈছিল অনায়াসে। প্ৰতিবাৰেই তেওঁ গৰমকালত খোৱা ফেনিল বীয়েৰ গ্লাচত মুখ দি কৈ উঠে – মান্না মান্না!
প্ৰথমবাৰৰ বাবে তেওঁৰ পত্নীৰ ওঁঠ শুহি তেওঁ স্বগতোক্তি কৰি পেলাইছিল – আস্ কি মান্নাময় তোমাৰ শৰীৰ! তাৰ বহু বছৰ আগতে এবাৰ খেজুৰ পৰৱৰ আগৰাতি কবৰস্থান চাফ চিকুণ কৰি থাকোঁতে যোষ্টিনা লাক্ৰাৰ পিঠিত হাত থৈছিল। মান্নাৰ দৰেই কোমল আছিল সেই মঙহৰ খোল। একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাত সাৱট মাৰি লৈছিল।(প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লগাকৈ যোষ্টিনা লাক্ৰা লজ্জিত বা অপমানিত হোৱা নাছিল, নিয়মীয়া আদিৱাসী ল’ৰাবোৰতকৈ পৃথক আৰু চাহাবী চেহেৰাৰ পাত্ৰাছ লাক্ৰা লোভনীয় আছিল। তেওঁ অস্বস্তিত পৰিছিল কাপোৰযোৰৰ তলত থকা ফিচিকা চেমিজ চোলাটোৰ বাবেহে। কবৰস্থানত অন্য মানুহৰ উপস্থিতি আৰু ইচ্ছা সত্বেও যোষ্টিনা লাক্ৰাই চেমিজচোলাটো দেখুৱাব নোখোজাৰ বাবে পাত্ৰাছ লাক্ৰাৰ অন্বেষণ কাপোৰৰ ওপৰতে সমাপ্ত হৈছিল।)
সেইটোও মান্নাময় শৰীৰ আছিল। কিন্তু সোৱাদ তেওঁৰ জিভাত নালাগিল বাবে ভাৱটো স্বগতোক্তিলৈ নাহিল।
বাঁহৰ খুটাত তক্তা বান্ধি বনোৱা বেঞ্চখনত বহি পাত্ৰাছ মুণ্ডাৰ মাকে বিৰবিৰাই আছিল মুণ্ডাৰী ভাষাৰ প্ৰাৰ্থনা। অসমীয়া ভাষাত প্ৰাৰ্থনা তেওঁৰ বাবে কষ্টকৰ। মাকৰ প্ৰাৰ্থনাত যতি পেলাই বাগিচাখনৰ সীমামুৰীয়া দোকানখনত বাজি আছিল গ্ৰামোফোন ৰেকৰ্ড এখন। গানটো কি আছিল মনত নাই পাত্ৰাছ মুণ্ডাৰ কিন্তু তাত ‘হিল্লৌৰী’ বুলি মাজে মাজে সুৰীয়া ধ্বনি এটা ভাঁহিছিল। এগীৰ্জা মানুহৰ প্ৰাৰ্থনাত এটা চেমিকলনৰ দৰে আহি বহিছিল ‘হিল্লৌৰী’টো।
মাকৰ প্ৰাৰ্থনা বেছি নাছিল। যি কেইটা আছিল, সেই কেইটা কোনো কাৰণতে সহজ মৃত্যুৰ নাছিল। সৰু সুৰা লাংখা লিংখি প্ৰাৰ্থনা। নুমলীয়া পুতেকৰ কৰঙণৰ খৰডোখৰ বহলি আহিছে… ভাল কৰি দিয়া মহাপ্ৰভু। বাগানৰ মাইকীমহৰী মানুহটো আজিকালি ফাল্টু লাইনলৈ বেছিকৈ অহা যোৱা কৰিছে। তলখাপৰ মানুহৰ লগত বেছিকৈ মিলা-মিচা কৰিব নালাগে, কামত খটুৱাবলৈ বেয়া… বগা চাহাব হোৱা হ’লে কেতিয়াও নাযায়। যাবলৈ মন নকৰা কৰি দিয়া ঈশ্বৰ… অকণমান পেটত পৰিলেই মানুহটো ক’ব নোৱাৰা হয়। যাকে তাকে সাৱট মাৰি ধৰে। য’তে ত’তে খামুচি দিয়ে!!হে ঈশ্বৰ…পৰমপ্ৰভু…। কুশল কৰা…কুশল কৰা…
বস্তিটোৰ অন্য বহু মানুহৰ দৰে পাত্ৰাছ মুণ্ডাৰ ঘৰখন অভাৱী নাছিল। সৰু ঠাইখনৰ সীমাবদ্ধতাইও তেওঁৰ আকাংক্ষাৰ কাঁড়ত শাণ দিব পৰা নাছিল।
দেওবাৰে পুৱা ঘন্টাধ্বনি ভাঁহি অহাৰ লগে লগে চুকাপথাৰৰ ব্যাপ্টিষ্টসকল প্ৰাৰ্থনা সভাৰ বাবে সাজু হয়। পদপথত দল হৰিণৰ জাক যেন মানুহবোৰ। চাহ বাগিছাখনৰ পৰা দূৰৈত বস্তি পাতি বহা মানুহবোৰৰ বাবে দেওবাৰটো মোট সলোৱাৰ দিন।
আগদিনাৰ চোকা পানীয়ৰ ৰাগী নফটাকৈয়ে মুখত পানী অকণ মোহাৰি এগনেছ ভেংৰাই একমাত্ৰ জোতাযোৰ পিন্ধে আৰু ঘৈণীয়েক ওলোৱালৈ অপেক্ষা কৰে। যিকোনো সামাজিক অনুষ্ঠানলৈ এগনেছ ভেংৰা ঘৈণীয়েক নোহোৱাকৈ নাযায়। সমষ্টিত কথা ক’ব পৰাৰ তেওঁৰ এক চিকুটো দক্ষতা নথকাৰ বিপৰীতে ঘৈণীয়েক পৰম কথক। ঘৈণীয়েকৰ কাষত থাকিলে তেওঁ পোহৰ পোহৰ অনুভৱ কৰে। তেল পৰি পিছলা ক’লা গালখনৰে উজ্জ্বল মুখৰ মানুহজনীৰ ওপৰত এগনেছ ভেংৰাৰ পৰম বিশ্বাস। সেয়ে তেওঁৰ প্ৰাৰ্থনাৰ ভাৰ মানুহজনীৰ ওপৰতে এৰি দি নিৰ্লিপ্ত হৈ বহি থাকে। মাথো পাপ আৰু পাপীসকলৰ প্ৰতি কৰা প্ৰভু যীহোৱাৰ উপদেশলানিৰ সময়ত তেওঁ অলপ লৰচৰ কৰে। যেন সন্তৰ্পনে পৰীক্ষা কৰে পেণ্টৰ পকেটত ক’ৰবাত পাপ লাগি আছে নেকি। বাহুটো জোকাৰি দিয়ে উফৰি পৰিবলৈ পাপ। আশ্বস্ত হৈ পুনৰ নিৰ্লিপ্ত হৈ বহি পৰে। সোহাঁতৰ বেকা হৈ যোৱা তৰ্জনী আঙুলিটো খুটুককৈ ফুটাই লয়।
অৱশ্যে ঘৈণীয়েকৰ যথেষ্ট প্ৰাৰ্থনা থাকে। সেইবোৰো সহজ মৃত্যুৰ নহয়। তাৰ ভিতৰত গিৰিয়েকৰ সৰ্বজন চৰ্চিত মুদ্ৰাদোষটো এৰুৱাই দিয়াটো অন্যতম। এগনেছ ভেংৰাই সন্ধ্যা মদ খোৱাৰ পাছত চাৰ্টৰ কলাৰটো উঠাই লয় আৰু চিঞৰি চিঞৰি একেটা বাক্যকে দোহাৰে- মৰদ লাগি, নেভাৰ কেয়াৰ চাৰু হেন্দিক। (বিধায়ক চাৰুনাথ সন্দিকৈ কাহানিবাই মৰি ভূত হৈছে। এগনেছ ভেংৰা বোধকৰো তেতিয়া বাগান প্ৰাথমিকৰ এক নে দুই কালাছত) । তাৰ পাছতে সন্মুখৰজনৰ ডিঙিত ধৰিব খোজে। খং উঠক বা নুঠক, সকলোকে শত্ৰু জ্ঞান কৰে।
কাহানিবাই কাঠত কটা ক্ৰূছ ডালৰ পৰা সৰি পৰা ঘুণবোৰ গাৰ পৰা আতৰাই পাদ্ৰীৰ ঠিক পাছতে কাঠৰ বেঞ্চখনত আন্দ্ৰিয়াছ কেৰকেটাই কোলাৰ মাদলটোত অলসভাৱে হাতখন থৈ কেচুমটাৰ গোন্ধৰ মাজত থমথমকৈ বহি থাকে। গীৰ্জাটোৰ সেই অংশলৈ প্ৰায়ে কোনো নাযায়। ঈশ্বৰৰ পাছফাল পৰে বাবেই। আন্দ্ৰিয়াছ কেৰকেটাৰো ভাৱ হয় তাত চয়তান শুই থাকে। ঈশ্বৰপুত্ৰৰ পশ্চাদপ্ৰদেশ নিশ্চিতভাৱেই চয়তানৰ আস্তানা। চাৰমন শেষ হোৱাৰ পাছতেই চুকাপথাৰ ব্যাপ্টিষ্টমণ্ডলীৰ কেৰল গায়কসকল উঠি আহিব আৰু প্ৰভূ যীহোৱাৰ মহিমা চাদ্ৰী ভাষাত গাই যাব। ডমক’ইচৰ তালত হালিজালি এশাৰী দোকালফুটা মাতে ছন্দোৱদ্ধ প্ৰাৰ্থনা সংগীত গায়। মাদলটো কান্ধত লৈ শাৰীটোৰ পাছলৈ, ঈশ্বৰৰ টেবুলখন পাৰ হৈ যাবলৈ অসুবিধা হয় বাবে আন্দ্ৰিয়াছ কেৰকেটা আৰম্ভণীৰ পৰাই ঈশ্বৰৰ পশ্চাদত বহে আৰু অপেক্ষা কৰে প্ৰাৰ্থনা সংগীতলৈ। তেওঁৰ নিজাববীয়াকৈ প্ৰাৰ্থনা নাই। সমবেত প্ৰাৰ্থনাত তাল মিলায়েই যিহেতু। প্ৰায় সাতটা আঘোণৰ আগৰ এটা দেওবাৰে তেওঁ প্ৰাৰ্থনা কৰিছিল। মাৰুতী আঠশ গাড়ী এখনে তেওঁৰ প্ৰথমটো ল’ৰা খুন্দিয়াইছিল। পথাৰৰ পৰা খান্দি অনা এন্দুৰৰ গাঁতৰ ধান, নৰাৰ পেঁপা আৰু ফুটুকলা এথোপাৰ কাষতে ল’ৰাটো পৰি আছিল। আন্দ্ৰিয়াছ কেৰকেটা গৈ পোৱালৈ তাত এদ’ম মানুহ গোট খাইছিল। অদ্ভুত খং এটাৰে গোঁগোৱাই মৰুৎ বৰাই চুটি কুঠাৰ খনৰে মাৰূতীখন ঘৈয়াই পেলাইছিল। থৰথৰকৈ কপিছিল মাৰুতীখনৰ মালিক ঠিকাদাৰগৰাকী। কাৰোবাৰ প্ৰচণ্ড চৰ এটাৰ চিন মানুহজনৰ গালত লাগি আছিল। লগত সেইগৰাকী বোধকৰো তেওঁৰ খুলশালীয়েক। কোলাত ল’ৰাটোৰ মুৰটো থৈ মুখখন ধুৱাই থকা বণিতা ৰাজখোৱা তেজে তুমৰলি। প্ৰতিবাৰ উশাহ লওঁতেই মুখেদি তেজ মাৰিছিল হোলোকা হোলোকে। কোনোবাই ৰুদ্ৰ ডাক্টৰক মাতি আনিছিল। ইটো সিটো চাই তেওঁ চকুৰে ইংগিত এটা দিলে, তেওঁক চাইকেলত তুলি অনা পোনাকণ ৰাজখোৱাক। গুৱাহাটীলৈ নিব লাগিব, ইয়াত নোৱাৰিব। হাওঁফাওঁ ফাটি গৈছে। দুটামান বেজী দিলে। বাঁহ দুডালত ফল্ডিং বিচনা এখন বান্ধি হস্পিটাললৈ লৈ গ’ল কোনোবাই। দবা খেল এখন খেলিব নজনাকৈ চাই থকাৰ দৰে শূন্য দৃষ্টি এটাৰে আন্দ্ৰিয়াছ কেৰকেটাই সকলো চাই থাকিল। পাছদিনা দেওবাৰে তেওঁ প্ৰাৰ্থনা কৰিছিল। ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনিছিল। দুপৰীয়ালৈ ল’ৰাটো ঢুকাল।
তাৰ পাছৰ পৰা আন্দ্ৰিয়াছ কেৰকেটাৰ প্ৰাৰ্থনা নাছিল। মাত্ৰ তাল সংগত কৰিছিল প্ৰাৰ্থনা সংগীতৰ লগত।
লিকটিয়া তেল চিকটি লাগি ক’লা হৈ যোৱা পেং এডাল লৈ ফুৰা ফাবিয়ান মুণ্ডাক দেখিলেই সদ্যস্নাত যেন লাগে। নিয়মীয়াকৈ তেল সানি ফণীওৱা ফাবিয়ান মুণ্ডা অতি বাধ্য আৰু শালীন উপাসক আছিল। পেঙডাল থ’বলৈ সুবিধা হোৱাকৈ তেওঁ বেঞ্চখনৰ চুকত বহিছিল, ইফালে সিফালে চাইছিল, কিশোৰ পাত্ৰাছ মুণ্ডাৰ ফালে চাই আগ দাতৰ মাজৰে বতাহ ওলাই অহাকৈ ফিক্ শব্দ কৰি হাঁহিছিল আৰু যিকোনো বৰ্গৰ এগৰাকী যুৱতীৰ পাণিগ্ৰহণৰ সম্ভাৱনাৰ বাবে ঈশ্বৰৰ সৈতে চুক্তিলৈ আহিছিল। ঈশ্বৰৰ পৰা প্ৰাপ্তিৰ বাবে তেওঁ আগ্ৰহী আছিল যদিও বিনিময়ৰ বাবে তেওঁৰ প্ৰাৰ্থনাৰ সময়ৰ মনোযোগৰ বাদে আন একো নাছিল। তেওঁ সেইকণতেই সন্তুষ্ট হোৱাটো তেওঁ প্ৰাণপণে বিচাৰিছিল।
পাত্ৰাছ মুণ্ডা চাকৰিত মকৰল হোৱাৰ প্ৰথমটো মাহতে ফাবিয়ান মুণ্ডাৰ তেনেই অনুষ্টুপীয়া বিবাহ এখন সম্পন্ন হৈছিল। প্ৰাৰ্থনা পূৰণৰ বাবে ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতাৰ বিপৰীতে তেওঁৰ এক ধৰণৰ শংকা আৰু অসন্তুষ্টিত ভূগিছিল। ভৰিত জোৰ নোহোৱা মানুহ এটাৰ বাবে তগবগ যৌৱনা, ভৰুণ আৰু বনৰ বাঘিনীৰ দৰে ক্ষুধাতুৰ পাটগাভৰু এগৰাকী বিচাৰি অনাটো গঞাৰ বাবে সম্ভৱপৰ নাছিল। আহা..হা…ভৰিত জোৰ লাগিবতো। ভৰিত জোৰ নাথাকিলে সংসাৰ নচলে। পাটগাভৰু এজনী আনি দিলে কেনেকৈ ৰখাব! কেনেকৈ ৰখাব! যথা-শেষ যৌৱনা এগৰাকী স্বল্পবাক গধুৰ নাৰীয়ে ফাবিয়ান মুণ্ডাৰ ঘৰ ধৰিলে।
ফাবিয়ান মুণ্ডাৰ প্ৰাৰ্থনা সলনি হৈছিল। …ভৰিত জোৰ দিয়া ঈশ্বৰ..খোপনি দিয়া..ৰাংকুকুৰৰ ককালৰ ক্ষিপ্ৰতা আৰু বিদ্যুত বেগ আনি দিয়া..মাটি খামুচি অনন্তকাল ভাগৰ নলগাকৈ ৰৈ থকাৰ শক্তি দিয়া…বিবাহ চলাই নিয়া পৰম ঈশ্বৰ…
পাত্ৰাছ মুণ্ডাই জীৱনটো মোটামুটি প্ৰাৰ্থনাৰ পাকত নপৰাকৈ পাৰ কৰাৰ কথা ভাৱি থাকোঁতেই ফুৰুৎকৈ সময়বোৰ পাৰহৈ গৈছে। সৰু সুৰা অনুযোগৰ বাবে তেওঁ ঈশ্বৰক মতা নাছিল। সেই উন্নাসিকতাৰ বাবে চাগৈ মল মাহটোৱেই দায়ী।
চুকাপথাৰৰ ঘাই আলিটোৰ পৰা গীৰ্জাৰ বাটটো পকা হৈছে। কাঠফুলা গজা পিৰালিটোৰ ঠাইত চিকচিকিয়া মাৰ্বল পাত্থৰৰ ভেটি। মাতৃ মেৰী আৰু শিশু যীশুৰ ৰঙীণ ৰেখাচিত্ৰ যুক্ত কাচৰ খিৰিকী হৈছে। ঈশ্বৰৰ ৰক্ত পৱিত্ৰ মদিৰা ৰখা আগৰ সেই চিলভাৰ পাত্ৰটোৰ ঠাই সোণালী বৰণ সুদৃশ্য দীঘল নলীকা থকা ঘটিয়ে লৈছে। আন্দ্ৰিয়াছ কেৰকেটা কেৰলত মাদল বজাব পৰা হৈ থকা নাই। তাৰ ঠাইত বৈদ্যুতিক বাদ্যযন্ত্ৰ আহিছে।
পাত্ৰাছ মুণ্ডাৰ ডাঙৰ ল’ৰাটো তেনেই স্বল্পভাষী। ঘৰত মাহৰ পাছত মাহজুৰি দুটামান শব্দ উচ্চাৰণৰেই কটাই দিছে। ইষ্টাৰ অথৱা বড়দিনৰ দুই এখন প্ৰাৰ্থনা সভাৰ বাদে কাহানিও গীৰ্জালৈ নাযায় নতুবা প্ৰাৰ্থনাও নকৰে। যদিও তাৰ জন্ম মলমাহত নহয়। পাত্ৰাছ মুণ্ডাই তাৰ ভিতৰত সোমাই থকা অলেখ অযুত চিন্তা আৰু পাং বোৰৰ বিষ্ফোৰণ ঘটাই দিবলৈ ঈশ্বৰক কাহানিও কোৱা নাই। ছোৱালীজনীৰ বৰণ মিঠা। বাপেকৰ ৰং পাইছে। তাই সেই কথাটোক লৈ অসন্তুষ্ট। তাই ঈশ্বৰক দায়ী কৰা নাই। বিপৰীতে একেৰাহে কৰা শৰীৰ চৰ্চাৰে তাই এটা সুগঠিত শৰীৰৰ অধিকাৰী। গাত লিপিট খাই থকা হাফপেন্ট এটাৰে সুগোল নিতম্ব আৰু দীঘল ভৰিহালৰ আকৰ্ষণীয় ভূগোল প্ৰদৰ্শন কৰি তাই ঈশ্বৰক বিনা কাৰণত ধন্যবাদ জনাবলৈ কেতিয়াবা গীৰ্জালৈ যায়। মাজে মাজে পাপ স্বীকাৰৰ সৰু কাঠৰ বাকচটোৰ ফুটাৰে ঈশ্বৰৰ প্ৰতিনিধিজনক যিবোৰ কয় সেইবোৰ পাত্ৰাছ মুণ্ডাই নাজানে। হয়তো এনিশাৰ সহবাস অথৱা চাকি চাবৰ বাবে কৰা সমলিংগীয় যৌনতা, নাইবা স্বচ্ছ কাচৰ পানী থকা পাত্ৰৰে বনোৱা গুড়গুড়ি এটাত সুগন্ধী হাচিচ সেৱন কৰাৰ মনস্তাপ। পাত্ৰাছ মুণ্ডাই নাজানে।
পত্নীৰ ইউৰিক এছিড আৰু থায়ৰ’ইডৰ ঔষধৰ টোপোলাটো নিত্য সংগী। তেওঁৰ মাকৰ বংশ বাত ৰোগীৰ বাঁহ। কেইবাজনীও জেঠায়েক মৰোতে বিকৃত আৰু কোচ খাই যোৱা হাত-ভৰিৰে মৰিছে। মাজে মাজে তেওঁ সুগঢ়ী হাত আৰু কোচ খাই নোযোৱা হাত-ভৰিৰে বিষহীন মৃত্যুৰ বাবে ঈশ্বৰক প্ৰাৰ্থনা কৰে। মৃতদেহৰ শৰীৰত এটাও গাঠি আৰু বিকৃতি নথকাকৈ।
মলমাহত জন্ম হোৱা বাবেই নেকি পাত্ৰাছ মুণ্ডাই সহজ মৃত্যুৰ প্ৰাৰ্থনা কৰা নাই। কিন্তু কিছুদিনৰ পৰা প্ৰাৰ্থনাৰ পোকে কুটিছে। অত্যাধিক মাত্ৰাৰ চেনিৰ উপস্থিতিৰে তেওঁ ৰুগীয়া হৈ পৰিছে। ডাক্তৰে যিকোনো ধৰণৰ চেনিযুক্ত খাদ্যৰ বাবে তেওঁক কঠোৰ নিষেধাজ্ঞা দিছে।
সহজ অথবা অসহজ যিকোনো মৰণৰ বাবে তেওঁৰ কোনো অভিযোগ নাই। কিন্তু চেনিহীনতাৰ বাবে নিশ্চিত ভাৱে মলমাহ আৰু ঈশ্বৰ দায়ী। অলপ মান্নাৰ বাবে তেওঁ আকৌ ঈশ্বৰক প্ৰাৰ্থনা কৰিবৰ বাবে সাজু হৈছে।
দেওবাৰে পুৱা গা পা ধুই সন্ত মেথ্যিওৰ প্ৰাৰ্থনাৰ বাবে তেওঁ সাজু হ’ল। পত্নীয়ে সাজু কৰি দিয়া নিমখীয়া ৰঙা চাহ একাপ খাই যাবলৈ ওলাওঁতেই পুতেকে গাড়ীখন লৈ সোমাই আহিল। হাতত সৰু সৰু গছৰ কেবাটাও টাব। বাৰাণ্ডাত টাবখিনি সজাই থৈ একে উশাহে কেবাটাও বাক্য কৈ উঠিল।
বাৰাণ্ডালৈ ওলাই অহা পত্নী-পুত্ৰৰ মুখৰতাত অতি পুলকিত হ’ল।
পুতেকৰ কথামতে পাত্ৰাছ মুণ্ডাই পুলি কেইটাৰ পৰা পাত কেইটামান মুখত দি চোবালে আৰু বিৰবিৰাই উঠিল- আস্ মান্না…মান্না…
ষ্টেভিয়া পুলি কেইটাৰ পৰা আৰু কেইটামান পাত চোবাই চোবাই তেওঁ ভিতৰলৈ সোমাই গ’ল। সেইদিনা তেওঁ আৰু গীৰ্জালৈ নগ’ল।
কেইটামান মাহৰ পাছৰ দেওবাৰ এটাত সন্ত মেথ্যিওৰ গীৰ্জাত সকলোৱে একেলগে পাত্ৰাছ মুণ্ডাৰ সহজ মৃত্যুৰ বাবে ঈশ্বৰক ধন্যবাদ জনালে। .. আৰু একেলগে প্ৰাৰ্থনা কৰিলে ১৬:৮ পদ- তেতিয়া মছিয়ে ক’লে যেতিয়া যীহোৱাই তোমালোকক খাবলৈ দেহৰ মঙহ দিব আৰু পুৱা তৃপ্ত হ’বলৈ সুযোগ দিব তেতিয়া তেওঁ তোমালোকে তেওঁৰ বিৰুদ্ধে গুণগুণাই থকা অভিযোগ বোৰ শুনিব। তেওঁ সকলো শুনে!
ভ্ৰাম্যভাষ – ৯৮৫৪৫৬৬৪২৯