Written by 8:09 pm Poems

ওমলা পদ্য

 অৰুণ গগৈ

ভেকুলী গৈছিল ভাওনা চাবলৈ

বাটতে ওলালে সাপ

সাপ দেখি জাপ  দিলে

মস্ত এটা ঢাপ ৷

বান্দৰী পেহীয়ে সুন্দৰী হৈ

পিন্ধি ল’লে চাদৰ

ডিঙিটো পিন্ধিল মণি এধাৰি

জিলিকি আছে বাখৰ। 

ৰংদৈ জেঠাইয়ে মংগলদৈত 

বিক্ৰী কৰিলে খালৈ

চেংদৈ পেহীয়ে জাকৈ মাৰি

ধৰিছে পুঠি কাৱৈ ৷

কণ ল’ৰাই পাটি পাৰি বহলাই

পঢ়িছে কুঁহিপাঠ

নেওতা মাতিছে সংখ্যা গণিছে

ছয় সাত আঠ ৷

ঠিকনা :

মৰিয়নী, যোৰহাট

ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০

Visited 2 times, 1 visit(s) today
Last modified: May 13, 2025
Close Search Window
Close