কেশৱ চাউ
অলপ আগতে তিনিজন মানুহ
মোৰ ভাড়াঘৰৰ কাষেদি যোৱা দেখিছিলোঁ
মুখত মৌনতা
হাতত সময়ৰ নিচা-নগ্নতা
কপালত ৰঙা বেলিৰ ছাঁ
তেওঁলোক বাৰু ক’লৈ গ’ল
ইয়াত এতিয়া
এজাক বৰষুণ
মেঘৰ গৰ্জন…
ভাবি আছোঁ
তিতিম নে বৰষুণত
নাভাবি কি কৰোঁ
যদি ওলায় এটা বাতৰি
মৃত শৰীৰৰ ওপৰত কুকুৰৰ আঁচোৰ
চকু নথকা মানুহ চিনিব পৰাটো
বৰ টান
এয়া কলি যুগৰ গান।
***
ভ্ৰাম্যভাষ : ৭০৯৯১৫৫৭৫৬
Visited 2 times, 1 visit(s) today
Last modified: May 13, 2025