হেমচন্দ্ৰ কছাৰী
চালকসকল বহু সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে
নহ’বইবা কিয়
বহুতে বাটত জুই জ্বলাই নিজৰ লগতে
আন কাৰোবাৰ নহয় কাৰোবাৰ ঘৰলৈ
এন্ধাৰ নমাই আনে
কেতিয়াবা এনে লাগে
বাটৰ ৰজা হোৱাৰ বাসনাই যেন
বহুতকে আমনি কৰে
বিজ্ঞলোকে কৈছে–
‘ফেঁচাৰ দৰে তীক্ষ্ণ হ’ব লাগিব চালকৰ চকু
পৰুৱাৰ প্ৰতিও দৰদী হ’ব লাগিব বুকু’
কিন্তু আমি দেখিছোঁ
বহুতেই কাৰোবাৰ ওচৰত পদাৰ্পণ কৰোঁতে বা
কাষেদি পাৰহৈ যাওঁতে
কিমান দূৰত্ব বজাই ৰাখিব লাগিব
তাকো নাজানে
ঘঁহাই থৈ ঘা লগাই গুচি যায়
অসভ্য কিছুমানে পেলাওঁ বুলিয়েই
আনৰ গাত থূ-পিক আদি পেলাই দিয়ে
ছটিয়াই দিয়ে লেতেৰা পানী
এচামে যে এন্ধাৰৰ সুযোগ লৈ
চকু চাৎমাৰি ধৰা কৃত্ৰিম পোহৰেৰে খেলে
মৃত্যুৰ খেলা
হয় ! নিষ্ঠুৰ, বিবেকহীন আৰু অহংকাৰী চালকেৰে
ভৰি পৰিছে বাট
ক’লেনো কি হ’ব
যুগ-যুগৰ পৰাই চলি আহিছে
বাটৰ ৰজা হোৱাৰ এই নাট৷
ঠিকনা :
গাঁও : ২ নং ঘেয়াৰী গাঁও,
ডাক : জিয়াধল চাৰিআলি
জিলা : ধেমাজি- ৭৮৭০৫৭ (অসম)
ভ্ৰাম্যভাষ : ৯৯৫৭৫৪২০৭০