Written by 8:00 pm Poems

উঁইচিৰিঙাৰ মাত

 দিলীপ ফুকন

যোৱাটো শতিকাৰ এখন বিৱৰ্ণ কেলেণ্ডাৰৰ

পাতৰ মাজৰ পৰা কোনোবাই মাত লগালেহি:

‘ভালে আছেনে? আমি সত্তৰৰ দশক৷’

সত্তৰৰ দশক?

উঁইচিৰিঙাৰ স্তুতিগান শুনি

জাকি মাৰি ওলাইছিল এজাক জোনাকী পৰুৱা

অলোকিত তৰঙ্গত নাচিছিল আমাৰ গাঁৱৰ সন্ধিয়া৷

আমাৰ গাত লাগি আছিল যাগৰ ধোঁৱা

আৰু গধূলিৰ গৰুখিচৰ গোন্ধ৷

অনেক আলচ অলেখ সপোন

হাজাৰ মাইল অতিক্ৰম কৰাৰ অনেক প্ৰস্তুতি

বাট বোকাময়, চকুত ফিৰিঙতি, বুকুত তুঁহজুই৷

শেলুৱৈ ধৰা জোঙা জোঙা শিলবোৰত

খুপি খুপি খোজ দিওঁতে

বিশ্বাসক আঘাত কৰি এচামে কৰিছিল

সুবিধাৰ বন্তি প্ৰজ্বলন,

এচামে আঁচল পাতি ধৰিছিল মুঠি মুঠি কাঞ্চন-কড়ি

দূৰৰ পৰা দলিয়াই দিয়া

গোপনে খুলি চাই পাইছিল তাত শুকান শামুকৰ খোলা৷

হে বিৱৰ্ণ কেলেণ্ডাৰ

এতিয়াও পৰি আছে কত সৎকাৰবিহীন শৱ

তোমাৰ পাতত

তেজে ধোৱা মাটিত পুতি হাতৰ পতাকা৷

এতিয়াও শুনা পাওঁ উঁইচিৰিঙাৰ মাত

সোমাই থাকে য’ত মাটিৰ মৰ্মাৰ্থ৷

Visited 5 times, 1 visit(s) today
Last modified: May 13, 2025
Close Search Window
Close