Written by 4:35 pm Poems

অন্য এটা দিনৰ বাবে

 অভিজিত গগৈ

ছাঁত পৰি থকা কেঁচা খৰিবোৰ

কোনোবাই ৰ’দাবলৈ আনিছে

ৰছীৰ বান্ধ খুলি খৰিবোৰ

এডালৰ পৰা আনডাললৈ দূৰত্ব বঢ়াই দিয়া হৈছে 

সদায় অহাৰ দৰেই

তাপমাত্ৰা বাঢ়ি আহিব ধৰিছে 

বিচ্ছিন্ন হৈ যোৱা খৰিৰ

ছালবোৰ প্ৰায় এৰি গৈছে

কাঠচিতীয়া বেলিৰ নিৰুদ্বেগ চাৱনিত

সমগ্ৰ অংশই শুকাই যোৱাৰ উপক্ৰম হৈছে

কথাবোৰে ইতিমধ্যে তৰণি হেৰাইছে

আকৌ ৰাতিৰ সাঁজ

জুহাললৈ খৰিবোৰ লৈ অনা হৈছে

শুকাই যোৱা খৰিবোৰ চৌকাত সুমুৱাই  

অলপ কেৰাচিন ঢালি

জ্বলি উঠা জুইশলাৰ কাঠি এডাল খৰিবোৰৰ মাজলৈ দলিয়াই দিয়া হৈছে 

লাহে-লাহে খৰিবোৰ

ছাই হোৱাৰ দিশে অগ্ৰসৰ হৈছে

ইফালে

শুকাই নোযোৱা খৰিবোৰ

এচুকত পৰি ৰৈছে

অন্য এটা দিনৰ বাবে।

***

ডিমৌ, শিৱসাগৰ

ডাক: ডিমৌ

পিন ক’ড: ৭৮৫৬৬২

ভ্ৰাম্যভাষ: ৭০৮৬৩৭৮৩৮৪

ই-মেইল: abhijeetgogoi261@gmail.com

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 13, 2025
Close Search Window
Close