দিগন্ত শইকীয়া
চহৰৰ ওপৰেৰে
ধুমুহা
গছবোৰ!
গৰ্ভলৈ প্ৰসাৰিত শিপাৰ ঠেঙুলি
ঢাপ চোতাল সৰাপাতৰ সাগৰ
সকলো সৰাপাত পশুৱেও নাখায়
অলক্ষিতে ধূলি
ধূলিৰ পৰা ধূলি
(উপনিষদ বৰ্ণিত মৃত্যুৰ ধূলি)
ক্ৰমশঃ মটীয়া আকাশ
ফাটি পৰোঁ পৰোঁ
ৰূপালী চিৎকাৰ
বিজুলীৰ ভীতি
উভলি পৰা নাই
সৰা নাই
সকলো
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 4 times, 1 visit(s) today
Last modified: May 13, 2025