Written by 3:54 pm Poems

নেপ্‌থেলিন

অনুভৱ তুলসী 

নেপ্‌থেলিনৰ গুটিবোৰ গ্লুক’মা ৰঙৰ

কিতাপৰ কাষে কাষে থৈ দিছিলোঁ

কণা হওক ছিলভাৰ ফিছৰ চকু

নহ’লে যে কিতাপো কেচেমা-কেচেম গোন্ধায়

জয়াল কল্পনাত শিহৰিত পঢ়ুৱৈ আঙুলি

কলহে কলহে আৰবৰ অগৰnৰে ধোৱা

লেডী মেকবেথৰ কণমানি দুখনি হাত

জৰায়ুত যাৰ আয়ুস মাথোঁ কুৰিদিনৰ

কিহৰ ভয়ত খহি গ’ল স্থান কালৰপৰা

বুলবুলি চৰাইৰ বোবা কণ্ঠস্বৰ

আবিয়ৈ জীয়েকে সপোনত পোৱা

ফুলকলি যেন দেবশিশুটিৰ ডিঙিত

জন্মমুহূৰ্তৰ আন্ধাৰ ক্ষণতে

আইতাকৰ কাঁচিৰ ৰেপ

সেই কাঁচি ক’লৈ গ’ল ক’লৈ গ’ল

অৰি কমাৰৰ শাললৈ গ’ল

সেই কাঁচি অৰি কমাৰে গলাই পেলালে

অৰি কমাৰে ঈশ্বৰৰ থাপনাত লগালে

দেহা-মন সুত কৰা তুলা-লাহী প্ৰেম অনুৰাগী

বিচৰা নাই বুলিয়েই লিলিয়ানে গুচাই পেলালে

মহাকবি দতৰ চেৰাফিক’ৰ অজন্মা সন্তান

এনেকুৱা বহু কথা কিতাপত আছে

কেচেমা-কেচেম গোন্ধোৱা কিতাপ

এনেকুৱা বহু কথা কিতাপলৈ আহি আছে

নেপ্‌থেলিনৰ গ্লুক’মা ৰঙৰ গুটিবোৰ ক’লৈ গ’ল

অস্তগামী সূৰুযৰ তেজ-বমি

দাঁৰত মেলা কাপোৰত লাগিছে

কোঙা বতাহৰ বঁকিয়াৰ পৰা কষ্টেৰে উঠি

কাগজলৈ যোৱা বাটৰপৰা শাৰীকিটা

নেপ্‌থেলিনৰ গুটিবোৰ ক’লৈ গ’ল

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 13, 2025
Close Search Window
Close