Written by 3:53 pm Articles

বিমান সেৱিকা (Air Hostess)

ড° বুলজিৎ  বুঢ়াগোহাঁই

বৰ্তমান যুগত বিমান সেৱিকা বা এয়াৰ হোষ্টেজ এটা আকৰ্ষণীয় চাকৰি৷ বিমান সেৱিকাসকলে উৰাজাহাজত যাত্রীসকলৰ সুবিধাৰ বাবে সকলো ধৰণৰ চোৱা-চিতাৰ দায়িত্ব পালন কৰে৷ বিমান সেৱিকাৰ প্রশিক্ষণ গ্রহণ কৰিবৰ বাবে ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ যিকোনো শাখাত উত্তীৰ্ণ হ’ব লাগে৷ হোটেল ব্যৱস্থাপনা বা পৰ্যটন ব্যৱস্থাপনাত ডিপ্লমা/ডিগ্ৰী থকা প্ৰাৰ্থীসকলক বিমান সেৱিকা বা এয়াৰ হোষ্টেজ চাকৰিৰ বাবে অগ্ৰাধিকাৰ দিয়ে। এটা কথা উল্লেখ কৰা লোৱা ভাল হ’ব যে বিমান সেৱিকা হিচাবে নিযুক্তি পাবৰ বাবে কোনো শিক্ষানুষ্ঠানত প্রশিক্ষণ গ্রহণ কৰিবই লাগিব কোনো ধৰা বন্ধা কথা নাই৷  বিমান সেৱিকাসকলক নিযুক্তি লাভ কৰা পিছত বিমানসেৱাবোৰত  প্রশিক্ষণ দিয়ে।

বিমান সেৱিকা প্রশিক্ষণ গ্রহণ কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল – ফ্রেংকফিন ইনষ্টিটিউট অৱ এয়াৰ হোষ্টেজ ট্ৰেইনিং (http://www.frankfinn.com), এপটেক এভিয়েশন একাডেমী (https://aptechaviationahmedabad.in), জেটউইংছ ইনষ্টিটিউট অৱ এভিয়েচন, হস্পিটেলিটি এণ্ড টুৰিজিম মেনেজমেণ্ট, গুৱাহাটী (http://www.jettwings.com), এপটেক এভিয়েশ্যন এণ্ড হস্পিটেলিটি একাডেমি (https://www.aptechaviationacademy.com), ৰাই বিশ্ববিদ্যালয়, আহমেদাবাদ (https://www.raiuniversity.edu), জে টি এভিয়েশন কলেজ  (https://jtaviation.co.in), ফ্লাইওৱে ইনষ্টিটিউট  অৱ  এয়াৰ হোষ্টেজ ট্ৰেইনিং   (https://www.flywayy.com), ইউনিভাৰ্চেল এভিয়েশন একাডেমী (https://www.uniaviation.com), আইকন এভিয়েশন একাডেমী (https://www.aikonaviation.com), কিংফিছাৰ  ট্ৰেইনিং  একাডেমি, মুম্বাই আদি৷ কোনো শিক্ষানুষ্ঠানত নামভর্তি কৰা পূর্বে  শিক্ষানুষ্ঠানবোৰত প্রশিক্ষণ গ্রহণ কৰি ছাত্রীসকলে নিযুক্তি লাভ কৰিছেনে নাই জানি ল’লে ভাল হয়৷

বিমান সেৱিকা চাকৰিৰ বাবে প্রাৰ্থীৰ বয়স  সাধাৰণতে ১৮ বছৰৰ  পৰা ২৭ বছৰৰ ভিতৰত হ’ব লাগে, কিন্তু বিমানসেৱা কোম্পানী লৈ প্রাৰ্থীৰ বয়সৰ সীমা বেলেগ বেলেগ হ’ব পাৰে৷ প্রাৰ্থীৰ নূন্যতম উচ্চতা ১৫৭.৫ ছেণ্টিমিটাৰ হ’ব লাগে৷ প্রাৰ্থীৰ উচ্চতাৰ অনুপাতে ওজন হ’ব লাগে৷ শৰীৰত কোনো ধৰণৰ দৃশ্যমান চিন, টেটু আদি থাকিব নালাগে। কোনো মানসিক ৰোগৰ ৰেকৰ্ড থাকিব নালাগিব৷ পৰীক্ষাৰ্থীজনে ডি অ’ টি ফিংগাৰপ্ৰিণ্টিং আৰু ড্ৰাগছ স্ক্ৰীনিং টেষ্টত উত্তীৰ্ণ হ’ব লাগিব। প্রাৰ্থীগৰাকী অবিবাহিত হ’ব লাগিব, অৱশ্যে সকলো বিমানসেৱাৰ ক্ষেত্রত এই চৰ্ত প্রযোজ্য নহয়৷ প্রাৰ্থীগৰাকী সুস্বাস্থ্য অধিকাৰী হ’ব লাগিব, দৃষ্টিশক্তি সঠিকভাৱে থাকিব লাগে, শ্ৰৱণ ক্ষমতা ঠিকে থাকিব লাগে, প্রাৰ্থীগৰাকী হিন্দী আৰু ইংৰাজী ভাষাত দক্ষতা থাকিব লাগিব, লগতে বিদেশী ভাষাৰ জ্ঞান থাকিলে ভাল হয়৷

বিমান সেৱিকাৰ যোগেদি কেৰিয়াৰ গঢ়িব খোজা সকলৰ কিছুমান ব্যক্তিগত গুণাৱলী থকা দৰকাৰ, যেনে – সুন্দৰ ব্যক্তিত্ব, সুন্দৰ চেহেৰা, যোগাত্মক দৃষ্টিভঙ্গী, সাধাৰণ জ্ঞান, বন্ধুত্বসুলভ ব্যৱহাৰ, উপস্থিত বুদ্ধি, ভাল যোগাযোগ দক্ষতা, দীৰ্ঘসময় কাম কৰাৰ দক্ষতা, দক্ষতাৰে কাম কৰাৰ ক্ষমতা, দায়িত্বৰ প্রতি সংবেদশীল, সোনকালে সমস্যা সমাধান কৰাৰ দক্ষতা আদি৷

বিমান সেৱিকাৰ পাঠ্যক্রম আৰু প্রশিক্ষণ সমাপ্ত কৰা পিছত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমানসেৱাত নিযুক্তি লাভ কৰিব পাৰে৷ যেনে – ইণ্ডিগো (https://www.goindigo.in), এয়াৰ ইণ্ডিয়া (https://www.airindia.in), স্পাইচজেট (https://www.spicejet.com), ভিস্তাৰা (https://www.airvistara.com), গো ফাৰ্ষ্ট (https://www.flygofirst.com),  এয়াৰ এছিয়া ইণ্ডিয়া (https://www.airasia.co.in), এলায়েন্স এয়াৰ (https://www.allianceair.in), জেট এয়াৰৱেজ (https://www.jetairways.com), আদি৷

ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ : ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 13, 2025
Close Search Window
Close