Written by 3:45 pm Articles

এক মিনিট

 মিনাৰা হুছেইন


“ঝক্ ঝক্ ঝক্…

উ উ উ…

ঝক্ ঝক্ ঝক্

উ উ উ….”

গানটো চিঞৰি চিঞৰি গাই মোৰ সন্মুখৰে তাই পাৰ হৈ গ’ল। অলপ দৌৰে, আকৌ বহে, আকৌ উঠে, আকৌ দৌৰে। যেন এটি মুক্ত বিহংগ নিজৰ নৃত্যত ব্যস্ত। নাই কোনো কৃত্ৰিমতাৰ প্ৰলেপ, নাই কোনো জটিলতাৰ চমক। নগাঁও কেন্দ্ৰীয় কাৰাগাৰত জেইলাৰ হিচাবে জইন কৰাৰ দিনৰে পৰা লক্ষ্য কৰিছোঁ এখেতক। দীঘল বেণীৰে সদায় নিজকে পৰিপাটিকৈ ৰখা মানুহগৰাকীৰ বিষয়ে জানিবলৈ বৰকৈ আগ্ৰহ জন্মিছে? কাৰাগাৰত থকা প্ৰতিজন ব্যক্তিয়ে কিন্তু দোষী নহয়। কেতিয়াবা উপযুক্ত সাক্ষীৰ অভাৱত, কেতিয়াবা উপযুক্ত আইনী সাহায্যৰ অভাৱত বিনা দোষত আজীৱন কাৰাদণ্ডৰে দণ্ডিত হোৱা মাটিৰ মানুহ দেখিছোঁ। বহুত শিকিছোঁ, বহুত বুজিছোঁ।

“এক মিনিট”  …এই নামটো কি এক সাংঘাতিক ধৰণে মোক আকৃষ্ট কৰিছে মই বুজিব পৰা নাই। এনেও মই মানুহক অধ্যয়ন কৰি ভাল পাওঁ। বিভিন্ন মানুহৰ বিভিন্ন জীৱন।কিন্তু প্ৰতিটো জীৱনেই যেন এটি এটা জীয়া গল্প।

কথা গল্প।

কিছুমান সুখৰ, কিছুমান দুখৰ!

দেওবাৰৰ দিনটোত সাধাৰণতে মই ঘৰতে কটাওঁ। কিছু সময় প্ৰয়োজন নিজৰ বাবে। বিখ্যাত মানুহবোৰে মোকে কেতিয়াও আকৰ্ষণ নকৰে। মহৎ মানুহ মোৰ প্ৰিয়। এইবোৰৰ বাবেই দেতা আৰু মোৰ মাজৰ প্ৰাচীৰখন ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। মহৎ আৰু বিখ্যাতৰ মাজৰ পাৰ্থক্য খিনি হৃদয়ংগম কৰাৰ বাবেই নে দেতাৰ লগত আদৰ্শৰ মতানৈক্যৰ বাবেই নুবুজিলোঁ।

     ফিমেল ৱাৰ্ড, চেন্ট্ৰেল জেইল…..

দুপৰীয়া আহাৰ গ্ৰহণ কৰি কিছুৱে ভাত ঘুমটি মাৰিছে, কিছুমান আড্ডাত ব্যস্ত, দুই এগৰাকীয়ে আকৌ এজনীয়ে আনজনীৰ ওকণি বাচি দিয়াত ব্যস্ত। মুঠতে সকলো ব্যস্ত। এক মিনিটক দেখা নাই। হ’লটোৰ ভিতৰত ভালদৰে চালোঁ নাই। বাহিৰতো নাই। ক’ত গ’ল! নতুনকৈ মেৰামতি কৰা হ’লটোৰ কাষতে থকা কোঠালৈ সোমাই গ’লোঁ। এইয়া কি?  মাটিত বহি এখন বহী আৰু হাতত কলম লৈ নিজৰ মাজতে ব্যস্ত এক মিনিট। মই মনে মনে তাইৰ পিছফালে গৈ দুৱাৰৰ চুকত ৰ’লোঁ। তাই নিজৰ মাজত ইমানেই ব্যস্ত যে মোৰ উপস্থিতিৰ উমানেই পোৱা নাই।

“আমি কৃষ্ণকলি মাহাতো এম.এ, পি.এইচ.ডি.

আমার গা অমাৱস্যা

আমার চুল মেষ পালকের ফাল্গুন

আমার পিঠ সাঁওতাল পরগনা

আমার দুটো থাই –

একটা বাঁকুড়া, একটা পুরুলিয়া।

আমি গড়িয়াহাটার মেয়েদের মতো

আরশোলা দেখলে ভয়ে পালিয়ে আসিনা

বোমায় বাঁ’হাত উড়ে যাওয়া বাবা কতবার

আমার বই পুড়িয়ে দিয়েছে,

কতবার আমার দুঃখী মা বলেছে

মেয়েদের বড়ো হতে নেই।

…………….

……………

……….”

বিখ্যাত বাংলা কবি সুবোধ চৰকাৰৰ কবিতাটো চিঞৰি চিঞৰি গাই আছে। চকুৰে বৈ গৈছে চকুলোঁ। যেন বিষাদৰ চকুলোঁ। যেন উদ্যত কণ্ঠই দি গৈছে মনৰ ভিতৰত জ্বলি থকা জুইকুৰাৰ পৰিচয়। কিহৰ জুই এইয়া? এক মিনিটৰ চকুৰ এই বিষাদ! কিয় ?কিয়?

বহীখন জপাই লৈ পলিথিনৰ বেগটোত সোমাই ল’লে। বেগটোৰ পৰা পানীৰ বটলটো ওলিয়াই লৈ পানী এঢোক খালে।

হঠাৎ পিছফালে ঘূৰি চালে। চাৰি চকুৰ মিলন। অথনিৰ মুক্ত , সাহসী অবয়বটো যেন হঠাৎ ভয় তথা আতংকত দগ্ধ হৈ পৰিল।

: তুমি ইমান ধুনীয়া কবিতা আবৃত্তি কৰিছা। বৰ ভাল লাগিল দেই।

মোৰ কথাখিনি শুনি মোৰফালে চাই ৰ’ল।

: তোমাৰ আচল নামটো কি?      

:তুমি বেয়া পালা নেকি?  মই জানো তোমাৰ নাম এক মিনিট।

মোৰ কথা শুনি মোৰ ওচৰলৈ আহি এপলক দৃষ্টিৰে চাই ৰ’ল।

:না, না…নহয়, নহয়…মোৰ নাম এক মিনিট নহয়।

বুলি চিঞৰি দিলে। অলপ সময়ৰ নিস্তদ্ধতা, তাৰপিছত আকৌ আৰম্ভ কৰিলে।

: মোৰ নাম, মোৰ নামটো কি আছিল?  কি আছিল?

বেগটোৰ পৰা বহীখন উলিয়াই পাতবোৰ লুটিয়াব ধৰিলে।

অস্থিৰ, অসহায় !

চকুলোবোৰ আকৌ সৰিবলৈ ধৰিলে।

মোৰ নিজকে বৰ দোষী যেন অনুভৱ হ’ল। কিয়নো সুধিব লাগে বাৰু মই?

দিনে দিনে মোৰ কৌতূহল বাঢ়িবলৈ ধৰিলে।  কেতিয়াবা মোৰ টিফিনৰ পৰা দিয়া কেকৰ টুকুৰাটো পৰম তৃপ্তিত খায়। কেতিয়াবা ধন্যবাদ জনায়, কেতিয়াবা মিঠাইৰ টুকুৰাটো হাততে লৈ দৌৰ মাৰে। জেইলৰ সকলোৱে কয় এক মিনিটৰ একো ঠিক নাই। কেতিয়াবা একদম ভাল সুস্থ মানুহৰ দৰে কথা পাতে, কেতিয়াবা পাগলীৰ দৰে আচৰণ। কিন্তু মোৰ  ভাল লাগে তাইক। জেইলৰ বাকী মহিলা কয়দীৰ দৰে বেয়া শব্দ, বেয়া কথা নোকোৱা এক মিনিটে ব্যস্ত থাকে নিজৰ মাজত। জেইলৰ ফিমেল ৱাৰ্ডৰ লেতেৰা ৰাজনীতিৰ বহু আঁতৰত।

মায়ে ফোন কৰোঁতে এক মিনিটৰ কথা ক’লোঁ। মায়ে  হাঁহি হাঁহি কোৱা কথাখিনিয়ে যেন মোৰ দায়িত্বহীনতাৰ কথাকে সোঁৱৰাই গৈছে। কথাটো হয় পিছে। মাৰ ওপৰত থকা মোৰ অভিমানখিনি আচলতে ঠুনুকা। ওৰেটো জীৱন দেতাৰ কথা বিনাবাক্যে মানি চলা মায়ে বিচাৰিলেও মোৰ হৈ দেতাক একো ক’ব নোৱাৰে। এইয়া দেতাৰ প্ৰতি থকা অগাধ সন্মান নে ভয়? নিজৰ অধিকাৰৰ বাবে কেতিয়াও সজাগ নোহোৱা মানুহ গৰাকী সুখী নিজৰ মাজতে, নিজে গঢ়ি লোৱা পৃথিৱীখনৰ লগত। চকুযুৰি সেমেকি উঠিল। নাই, নাই আৰু দুখ দিব নোৱাৰি মাক। এইবাৰ বিহুৰ বন্ধত ঘৰলৈ যাম বুলি নিজৰ লগতে প্ৰতিজ্ঞা কৰিলোঁ।

এক মিনিটে আজিকালি প্ৰায়ে মোক লগ ধৰিবলৈ মোৰ অফিচলৈ আহে। আমি  কথা পাতোঁ। কিন্তু কেতিয়াও নিজৰ বিষয়ে একো ক’ব নিবিচৰা এক মিনিটৰ অতীতৰ বিষয়ে জানিবলৈ মোৰ ইমান আগ্ৰহ।কি আছিল বাৰু তাইৰ অতীত?

ক’ভিড-১৯ ৰ আতিমাৰীৰ কবলৰ আমিও সাৰি যাব নোৱাৰিলোঁ। মেল ৱাৰ্ড, ফিমেল ৱাৰ্ড সকলোতে সংক্ৰমণ বাঢ়ি গৈছে। জেইলৰ চিকিৎসকৰ ওপৰিও জিলা প্ৰশাসনৰ ফালৰ পৰাও সকলো ব্যৱস্থা লৈছে।

এক মিনিটো ক’ভিডত আক্ৰান্ত হ’ল।

মই একে জাপে দৌৰিলোঁ কাৰাগাৰৰ চিকিৎসালয়ৰ দিশে।

চাৰিওফালে মৃত্যুৰ বিভীষিকা!

পি.পি.ই. কিট পিন্ধা চিকিৎসাকৰ্মী সকলৰ প্ৰচেষ্টা বিৰাজমান।

তথাপিও যেন আমি হাৰি গৈ আছোঁ প্ৰকৃতিৰ লগত।

কি যন্ত্ৰণা!

বেড নম্বৰ-১১

এক মিনিট শুই আছে। মই ওচৰলৈ গ’লোঁ। পি.পি.ই. কিট পিন্ধি থকা মোৰ গৰমত উশাহ বন্ধ হোৱাৰ উপক্ৰম।

পানী…,পানী..

বুলি সাৰ পাই উঠিল এক মিনিট।

পানী এগিলাচ দিলোঁ। নাৰ্চ গৰাকীৰ পৰা বুজিলোঁ এক মিনিটৰ অৱস্থা খুব জটিল নহয়। ভাল হ’ব দুই এদিনতে।

:বাইদেউ আপুনি আহিছে।

এক মিনিটে পিপিই কিট পৰিহিত মোক চিনি পালে।

: অ’ অ’ তোমাৰ খবৰ কৰিব আহিলোঁ। অলপ ভাল লাগিছেনে?

তাইৰ লগত অলপ কথা পাতি গুচি আহিলোঁ। মনটো বেয়া লাগি আছে।

ওলাই আহি ওপৰৰ নীলা আকাশখনলৈ চালোঁ। মনবোৰ অবুজ হৈ পৰিছে। অজানিতে চকুলো সেমেকি উঠিল। কেতিয়াবা কিছুমান গল্পৰ শেষ নাথাকে। কিন্তু গল্পটো এনেদৰেও ভাল লাগে। মনৰ মাজতে এইবোৰ গল্পই এক বিশেষ স্থান দখল কৰে।

কোৱাৰ্টাৰৰ লেণ্ড লাইনত জেইলৰ হস্পিটালৰ পৰা ফোন আহিছে। সময় ৰাতি নটা। মোক মাতিছে। ইমান ৰাতি সাধাৰণতে মই জেইললৈ নাযাওঁ। মই ফোন লগালোঁ হস্পিটালৰ নাৰ্চ এগৰাকীলৈ।

: বাইদেউ… আপুনি সোনকালে আহক। এক মিনিটে আপোনাক বিচাৰি আছে। তাই কান্দি আছে। ঔষধ নাখায়, জ্বৰ বহুত বেছি।

: কি…? মই আহি আছোঁ।

গাড়ীখন লৈ জেইললৈ বুলি ওলাই আহিলোঁ।

পি.পি.ই. কিট পিন্ধি আছোঁ যিহেতু একো নভৱাকৈ মই এক মিনিটৰ ওচৰলৈ আহিলোঁ।

: বাইদেউ…মোৰ সময় বেছি নাই। মোৰ অলপ কথা আছে।

: কি যে কোৱা তুমি। তোমাৰ একো নহয়। ভাল পাই যাবা দুদিনতে।

: নহয় বাইদেউ…মই গম পাইছোঁ। সময় চমু চাপিছে। মোৰ অতীতৰ কথাবোৰ ক’ম। মোৰ মৃত্যুৰ পিছত আপুনি এখন কিতাপ লিখিব। মই জানো আপুনি এগৰাকী সুলেখিকাও হয়। লিখিবনে কওঁক।

মই একেবাৰে বাকৰুদ্ধ হৈ পৰিলোঁ। কেনেদৰে জানিলে? সাধাৰণতে মোৰ খুব নিকটৱৰ্তী মানুহৰ বাহিৰে কোনেও নাজানে যে মই ছদ্মনামত লিখি থাকোঁ। মোৰ পৰিচয় এটাই। সেইটো হৈছে এছিছটেণ্ট জেইলাৰ। মই নিজৰ পিতৃ পৰিচয়, বংশ পৰিচয় দি চিনাকি দিবলৈ টানপাওঁ। এজন মন্ত্ৰীৰ দুহিতাতকৈ মোৰ বাবে আপোন মই নিজে গঢ়ি তোলা পৰিচয়। মোৰ লেখাবোৰ সাধাৰণতে নাৰী নিৰ্যাতনৰ ওপৰত। পুৰুষতান্ত্ৰিক সমাজৰ বিৰোধ কৰি লিখা মোৰ সৃষ্টিবোৰ লৈ মোৰ দেউতা সদায় অসন্তুষ্ট। সেইবোৰ লেখাই বোলে তেওঁৰ ৰাজনৈতিক জীৱনত বেয়া প্ৰভাৱ পেলায়। কিন্তু কলমক কেনেকৈ বাধা দিম। সাংঘাতিক ফেমিনিষ্ট মই মোৰ কলমক আগুৱাই নিবলৈ ছদ্মনামত লিখিবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু এওঁ এইবোৰ কেনেকৈ? কিন্তু এতিয়া এইবোৰৰ সময় নাই। মই শুনিম, পঢ়ি যাম অতীতৰ প্ৰতিখিলা পৃষ্ঠা।

“বাগানৰ ছোৱালী আছিলোঁ। বহুত কষ্ট কৰি মেট্ৰিকৰ দেওনা পাছ কৰি স্থানীয় মহাবিদ্যালয়ত নাম লগাইছিলোঁ। সেইবাৰ নিৰ্বাচনৰ বতাহে চুই গৈছিল আমাৰ বাগানক। শিক্ষাৰ মূল্য বুজিবলৈ আৰম্ভ কৰা আমাৰ বনুৱাসকলে বিচাৰিছিল আমাৰ মাজৰ পৰাই এজন জনপ্ৰতিনিধি ওলাওক। বৃটিছৰ দিনৰে পৰা পদে পদে লাঞ্চিত হৈ থকা আমাৰ সমাজখনে বিচাৰিছিল অলপ সন্মানৰ জীৱন। ভাতমুঠিৰ লগত যে আত্মসন্মান, জাতিৰ সন্মানো প্ৰয়োজন বুজিবলৈ ধৰিছিলোঁ। নতুনকৈ মহাবিদ্যালয়ত নাম লগোৱা মোলৈ কেইবাটাও দলৰ পৰা প্ৰস্তাৱ আহিব ধৰে। সৰুৰে পৰা সমাজৰ বাবে কিবা এটা কৰিবলৈ মনতে আশা পুহি ৰখা মোৰ মনত এক নতুন উদ্যমৰ জন্ম হৈছিল। শেষত সকলোৰে লগত আলোচনা আৰু আশীষ লৈ এটা ৰাজনৈতিক দলত যোগদান কৰিলোঁ। কিন্তু ৰাজনীতিৰ ভিতৰৰ লেতেৰাখিনি মই চিনি পাবলৈ বহুত দেৰি হ’ল। সেই অসভ্যটোৱে মোক প্ৰেমৰ জালেৰে ফুচলাই লৈ গৈছিল কলিকতা। তাত মোৰ সতীত্বৰ কিনা বেচা চলিছিল মোৰ অগোচৰে। হোটেলৰ ৰুমত মোক এৰি থৈ গৈছিল। মোৰ সতীত্বৰ নিলাম আৰম্ভ হৈছিল।

এসপ্তাহৰ পিছত অসভ্যটো আহিছিল। মোৰ চকুত চকুলো নাছিল। একুৰা জুই জ্বলিছিল।

“তোৰ টিকেট এইবাৰ কনফাৰ্ম। এবাৰ তই বিধায়ক হ’ব পাৰিলেই আমাৰ দিন সলনি হৈ যাব।

“আৰু মোৰ …মোৰ সতীত্বৰ লগত…..মোৰ লগত কিয় এনেকুৱা কৰিলি”

“থ’ তোৰ সতীত্ব… থুই..”

মোক আকৌ এবাৰ…

দুদিন পিছত আমি অসমলৈ উভতি আহিবলৈ ৰেল ষ্টেচন গৈছিলোঁ। মোক কৈছিল ট্ৰেইন ৰাতি আহিব। ষ্টেচনৰ প্ৰতিটো দিশতে যেন একো একোটা গল্প খোদিত হৈ আছে। বিষাদৰ গল্প! সি চাহ খাবলৈ বুলি মোক তাতে থৈ গৈছিল। সন্ধিয়াৰ আকাশখনে ৰাতিৰ আন্ধাৰৰ চাদৰখন পিন্ধি লৈছিল। মোৰ ভয় লাগিছিল। ভোকো লাগিছিল। বেগত থকা আপেল এটা কটাৰীৰে কাটি খাবলৈ ধৰিছিলোঁ। সি আহিছিল। লগতে এজন অচিনাকী ব্যক্তি।

“এক মিনিট”

মই আহি আছোঁ।

বুলি কৈ সি গুচি গৈছিল। মানুহজন মোৰ কাষত বহিলে। ৰাতিৰ আন্ধাৰৰ সুযোগত মানুহ জনৰ অবাধ্য হাতৰ স্পৰ্শত মই খঙত জ্বলি উঠিছিলোঁ।

আৰু কিমান বাৰ?

কিমানবাৰ?

কটাৰীখন সোমাই দিলোঁ। মানুহজনৰ পেটৰ মাজত আধা সোমাই থকা কটাৰীখন দেখি, তপত ৰঙা তেজ দেখি মই চিঞৰিছিলোঁ। এক লহমাত ষ্টেচন পুলিচৰ দল এটা আহি মোক ঘেৰি ধৰিলে।

মোৰ চকুৰ আগেৰে কেইবাখনো ট্ৰেইন পাৰ হৈ গৈছিল।

“ঝক ঝক ঝক…

উ উ উ…

ঝক ঝক ঝক

উ উ উ….”

তাৰে কোনোবা এখনত হয়তো পাষণ্ডটো পলাই গৈছিল। মোক থানালৈ লৈ গৈছিল। বহুতো প্ৰশ্ন, বহুতো কথা। কিন্তু উত্তৰ নাছিল মোৰ। পাষণ্ডটোৰ কোনো ফটো নাছিল মোৰ। বোবা হৈ গৈছিলোঁ।

মোক অসমলৈ স্থানান্তৰ কৰা হৈছিল। তেতিয়া লৈকে মোৰ নাম পৰিছিল “এক মিনিট”।

কথাখিনি কৈ এক মিনিটে খুব কান্দিলে।

মই তাইৰ চকুলো মচি দিলোঁ। কি ক’ভিড,

কি অতিমাৰী! এই মুহূৰ্তত যিটো আত্মিক অনুভৱ কৰিছোঁ, সেইখিনি কেতিয়াও অনাদৰ কৰিব নোৱাৰোঁ।

: মানুহজন কোন আছিল? তুমি অসমলৈ আহি কেচটো কিয় ৰি অ’পেনৰ বাবে এপ্লাই নকৰিলা।

: তেওঁ বহুত ডাঙৰ মানুহ এতিয়া। তোমাৰ বহুত আপোন।

: কি.. কি..তুমি কাৰ কথা কৈছা…..

হঠাৎ কাহি কাহি লেবেজান হৈ পৰিল “এক মিনিট”। নাৰ্চ গৰাকীক মাতিলোঁ। তাই আহি অক্সিজেন চিলিণ্ডাৰটো লগাই দিলে। এক মুহূৰ্তত কি হৈ গ’ল। উচ্চস্বৰত উশাহ ল’বলৈ আৰম্ভ কৰা এক মিনিট চকুৰ আগতে চিৰ নিদ্ৰাত ঢলি পৰিল।

কাৰাগাৰৰ বহু কেইগৰাকী আবাসী এইদৰে ক’ভিডত প্ৰাণ হেৰাইছে। কিন্তু এক মিনিটৰ মৃত্যু। মোৰবাবে সাধাৰণ নহয়। কোন সেই ডাঙৰ মানুহজন? মোৰ আপোন? মনত পৰিছে দেতাই কোৱা কথা এষাৰ। প্ৰথমবাৰ টিকেট পাওঁতে কলিকতালৈ গৈ বৰ কষ্ট কৰিছিল। মানে এইবোৰেই আছিল নেকি তেওঁৰ কষ্ট। মই খঙত কঁপি উঠিলোঁ।

দেউতালৈ ফোন লগালোঁ।

: মাজনী…আজি ইমান দিনৰ মূৰত দেতালৈ মনত পৰিল।

: দেতা….তুমি আহিব লাগিব আজি এতিয়াই মোৰ ইয়ালৈ।

দেউতা আচৰিত হৈ উঠিল। কথাবোৰ কেনেদৰে আৰম্ভ কৰোঁ, কি ক’ম।

কান্দিলোঁ।বহুত কান্দিলোঁ।

বুজিলোঁ।

আমি সকলো স্বাৰ্থপৰ।

সদায় মহিলাৰ হকে মাত মাতি থকা মই আজি শব্দহীন।

কিয়?

হয়তো সকলো কথাৰ উত্তৰ নাথাকে। মাৰ মুখখন মনলৈ আহি আছে।

উফ! কি বিড়ম্বনা!

নিজৰ লগতে আপোচ কৰি ক’লোঁ

: নাই নাই দেতা। এগৰাকী মহিলাৰ মৃত্যু হৈছে জেইলত ক’ভিডত। বৰ দুখ লাগিছে। তোমাক বহুত দিন দেখা নাই।ভালকৈ থাকিবা।

ফোনটো কাটি দিলোঁ।

আবেলি শ্মশানত কেইবাটাও চিতা একেলগে জ্বলি উঠিল। এখন চিতাৰ লগত জ্বলিছিল এখন বহী, এখন ডায়েৰী আৰু ডায়েৰীখনৰ ভিতৰত থকা এক জঘন্য অপৰাধ। অপৰাধীৰ সকলোবোৰ তথ্য প্ৰমাণবোৰ নষ্ট কৰি আছোঁ। অপৰাধীজন যে মোৰ আপোন!

নিজকে ধিক্কাৰ দিছোঁ। ইমান স্বাৰ্থপৰ মই! উফ! কি কৰিম মই?

বুজিলোঁ! আত্মশুদ্ধিৰ প্ৰয়োজন মোৰ। আত্মসংশোধনৰ আৱশ্যক মোৰ। প্ৰায়চিত্ত কৰিবলৈ কিতাপখন উলিয়াব লাগিব ছদ্মনামত।

“এক মিনিট”

নিৰ্যাতনৰ এটা এটা পৃষ্ঠা খোল খাব। সমাজে জানিব লাগিব এটা কলংকৃত অতীত। মুখাবোৰ খোল খাব লাগিব।

লেখিকাৰ ঠিকনা:

হয়বৰগাঁও, নগাঁও

ভ্ৰাম্যভাষ – ৮৪৭৪০৯১০৭১

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Last modified: May 13, 2025
Close Search Window
Close