অনুবাদ : দীপজ্যোতি বৰা
(১) অন্তিম উচ্চতা
কিমান স্পষ্ট হ’লহেঁতেন আগবাঢ়ি যোৱাৰ অৰ্থ
যদিহে দশোদিশ আমাৰ চৌপাশে নহয়
আমাৰ সমুখতে থাকিলহেঁতেন,
কিমান সহজ হ’লহেঁতেন আগুৱাই যোৱা
যদি কেৱল মই গৈ থাকিলোহেঁতেন
আৰু বাকীসকলো ৰৈ থাকিলহেঁতেন।
মই সদায় এই অস্থিৰ পৃথিৱীখনক
দহোটা মূৰেৰে ভবা আৰু
বিছখন হাতেৰে সামৰি লোৱাৰ চেষ্টাত
নিজৰ বাবে অত্যন্ত জটিল কৰি তুলিলোঁ।
আৰম্ভণিতে সকলোৱে বিচাৰে
যে সকলো আৰম্ভণিৰে পৰা আৰম্ভ হওক,
কিন্তু শেষ পাওঁতে পাওঁতে আমাৰ সাহস হেৰাই যায়।
আমাৰ কোনো আগ্ৰহ নাথাকে
যে সেয়া কেনেকৈ শেষ হ’ল
যি এদিন উৎসৱৰ দৰে আৰম্ভ হৈছিল
আমাৰ আপোন ইচ্ছাতে!
দুৰ্গম অৰণ্য আৰু ওখ পৰ্বতবোৰ জয় কৰা পাছত
যেতিয়া তুমি অন্তিম উচ্চতাত উপস্থিত হ’বা―
যেতিয়া তুমি অনুুভৱ কৰিবা
যেকোনো পাৰ্থক্য বাকী নাই
তোমাৰ আৰু সেই শিলবোৰৰ কঠিনতা মাজত
যাক তুলি জয় কৰিলা―
যেতিয়া তুমি শিৰত এজাক বৰফৰ ধুমুহাক সহ্য কৰিবা
আৰু ক্ষণিকো নকঁপিবা―
ঠিক তেতিয়াই
তুমি জানিবা
একো পাৰ্থক্য নাই
সকলো জয় কৰা আৰু শেষলৈকে হাৰ নমনাত।
(২) সন্দেহ
মই তেওঁলোকক শুনা নাছিলোঁ
মই তেওঁলোকক দেখা নাছিলোঁ
মই তেওঁলোকক একো কোৱাও নাছিলোঁ
মই তেওঁলোকৰ বাবে শুই আছিলোঁ
মোৰ ঘৰ
মোৰ সম্পদ
মোৰ ‘স্থিতি’ৰ প্ৰমাণ নাছিল৷
মোৰ খেদ হৈছে
যে তাত মোৰ ‘উপস্থিতি’ৰ একেবাৰে ভিন্ন অৰ্থ এটা
এমুঠি চোৰৰ সন্দেহে
অকাৰণে মাৰি পেলালে।
(৩) বিকল্প
কেতিয়াবা এনে লাগে―
যেন হাজাৰ বছৰ ধৰি নিজৰেই কোনো দুঃস্বপ্নত বন্দী হৈ আছোঁ
আৰু অপৰাধীও নহয়।
এইদৰে আকাৰণ আৱৰণত থকাই
অপৰাধী নোহোৱাৰ ভাবনাতকৈ
বেছি সবল কৰি তোলে
মোৰ বিৰুদ্ধে মোৰ ভয়বোৰক
যে আজিও অভেদ্য পহৰাত আছোঁ।
আগেয়ে কেইবাবাৰো মোক মুক্ত কৰা হৈছে
দেৱালবোৰৰ পৰা, তলাবোৰৰ পৰা, প্রহৰীবোৰৰ পৰা
কিন্তু সেই আশংকাক এৰাব নোৱাৰোঁ
যে প্ৰতিপল কাৰোবাৰ পহৰাত আছোঁ
আৰু এটা ঘৰৰ দিশে নিৰন্তৰ দৌৰি আছোঁ।
এইবাৰো মোক
এনে এক ঠাইত নি এৰি দিয়া হ’ব
যি কেৱল মোৰ স্মৃতিৰে বাচি আছে,
অথচ নতুন এক জীৱনৰ বাবে
তাত মোৰ কোনো স্মৃতি নাই৷
এক অপৰাধৰ চর্ত আৰু দীর্ঘম্যাদী বন্দিত্বৰ মাজত
পুনৰ ধৰা পৰাৰ বাদে
(উক্ত কবিতা তিনিটা জ্ঞানপীঠ বিজয়ী প্ৰখ্যাত হিন্দী কবি কুঁৱৰ নাৰায়ণ (১৯২৭-২০১৭)-ৰ ‘অপনে সামনে’(১৯৭৯) শীর্ষক কবিতা সংকলনখনৰ পৰা অনুবাদ কৰা হৈছে৷)
(অনুবাদক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ছাত্ৰ৷ যোগাযোগ : ৬০০২১-০৬৮৯৫)
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা